আম আদমি পাৰ্টীৰ ‘ৰাজহুৱা ভাষণ শৈলী’ৰ কৰ্মশালা

আম আদমি পাৰ্টীৰ ‘ৰাজহুৱা ভাষণ শৈলী’ৰ কৰ্মশালা

ৰঙিলী বাৰ্ত্তাসেৱা- ‘আম আদমি পাৰ্টী” অসম’ৰ গণেশগুৰিস্থিত ৰাজ্যিক মুখ্য কাৰ্যালয়ত, অসম ৰাজ্যিক মহিলা শক্তিৰ উদ্যোগত  “ৰাজহুৱা ভাষণ শৈলীৰ” ওপৰত এক কৰ্মশালা অনুষ্ঠিত হয়।উক্ত অনুষ্ঠানৰ উদ্দেশ্য হৈছে, মহিলা সকলক ৰাজনীতিৰ পথাৰত উপযুক্ত কৰি, গঢ়ি তুলি, সকলোকে একেলগে আগুৱাই লৈ যোৱাৰ এক ক্ষুদ্ৰ প্ৰয়াস । তেওঁলোকৰ ব্যক্তিত্ব আৰু নেতৃত্ব বিকাশৰ লগতে ভাষণ শৈলী বিকাশৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি উক্ত কাৰ্য্যসূচী গ্ৰহণ কৰা হয়। নিজকে আগুৱাই লৈ যাব বিচৰা সক্ৰিয় আৰু ইচ্ছুক মহিলা সদস্যা সকল উক্ত কৰ্মশালাত উপস্থিত থাকে।অনুষ্ঠানৰ আঁত ধৰে “আপ” ৰ ৰাজ্যিক সাংগঠনিক সম্পাদক তথা মহিলা শক্তিৰ তত্বাৱধায়ক ব্ৰজেন কুমাৰ সন্দিকৈ। মুখ্য বক্তা আৰু প্ৰশিক্ষক হিচাপে “আপ উপস্থিত থাকে । সুন্দৰ ভাবে অনুষ্ঠিত এই কৰ্মশালাত অংশ গ্ৰহণ কৰি সকলোৱে নিজৰ সন্তুষ্টি প্ৰকাশ কৰে । সভাত মহিলা শক্তিৰ সভানেত্ৰী অনুৰূপা বড়ো আৰু সামাজিক মাধ্যমৰ সভানেত্ৰী ৰেজিয়া চুলতানা, যুটীয়া সম্পাদিকা ক্ৰমে ,লিমা বেগম,আৰতি দেৱী,চাফিনা বেগম, জেবিন চুলতানা আৰু আইনী কোষৰ পূনম মহেশ্বৰীকে আদি কৰি আন আন বিষয়ববীয়া সকল এই অনুষ্ঠানত উপস্থিত থাকে।