আম আদমি পাৰ্টীৰ স্পষ্ট দাবী- “ কা” প্ৰত্যাহাৰ কৰক
হিন্দু – মুছলমানৰ মাপকাঁঠি আমি মানি নলওঁ, হিন্দু বাংলাদেশীৰ ওপৰত থকা গোচৰ প্ৰত্যাহাৰ কৰিব নোৱাৰিব
আছু লৈ আপৰ সমৰ্থন, আছু য়ে আন্দোলন তীব্ৰতৰ কৰক
ৰঙিলী বাৰ্ত্তাসেৱা- “কা” আৰু অবৈধ বাংলাদেশী সম্পৰ্কত আম আদমি পাৰ্টী, অসম পূৰ্বৰ স্থিতিত অটল ৷ অবৈধ বাংলাদেশীক ধৰ্মৰ নামত বিভাজন কৰি বহিস্কাৰ কৰিব নোৱাৰিব ৷ এই ক্ষেত্ৰত প্ৰধান হেঙাৰ হিচাপে প্ৰণয়ন কৰা অসম বিৰোধী আইন “”কা” অসমত প্ৰযোজ্য কৰাৰ পৰা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ বিৰত থাকক ৷ এই মন্তব্য আম আদমি পাৰ্টী, অসমৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত সভাপতি ডাঃ ভৱেন চৌধুৰীৰ ৷ এক প্ৰেছ বিবৃতিত তেখেতে কয়, আমি অসম চুক্তি সমৰ্থন কৰোঁ ৷ অসম চুক্তি অনুসৰি অবৈধ বাংলাদেশী নাগৰিক চিনাক্তকৰন আৰু বহিস্কাৰ হ’ব লাগিব ৷ আপ ৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত সভাপতিজনে দাবী কৰে যে, “কা” অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়াৰ বা অভিশাপ ৷ সেয়ে “কা” উত্তৰ পূৰ্বাঞ্চলত প্ৰযোজ্য কৰা পৰা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ বিৰত থাকক ৷ বিদেশী ন্যায়াধিকৰণত হিন্দু বাংলাদেশীৰ বিৰুদ্ধে চলি থকা গোচৰ প্ৰত্যাহাৰ কৰিবলৈ অসম চৰকাৰে দিয়া নিৰ্দেশ তৎকালে প্ৰত্যাহাৰ কৰিবলৈয়ো আম আদমি পাৰ্টীয়ে দাবী জনাইছে ৷ যিহতু হিন্দু বাংলাদেশীসকলৰ ওপৰতেই নহয়, অন্যান্য ধৰ্মীয় বাংলাদেশীৰ ওপৰতো ন্যায়াধিকৰণত গোচৰ আছে, গতিকে এটা ধৰ্মৰ লোকৰ গোচৰ প্ৰত্যাহাৰ কৰাটো অগণতান্ত্ৰিক, অন্যায় আৰু অবিচাৰ কাৰ্য ৷ আনহাতে “কা” সম্পৰ্কত শেহতীয়াকৈ সদৌ অসম ছাত্ৰ সন্থাই গ্ৰহণ কৰা আন্দোলনৰ কাৰ্যসূচীলৈ সমৰ্থন জনাইছে আম আদমি পাৰ্টী, অসম য়ে ৷ “কা” বিৰোধী আন্দোলন তীব্ৰতৰ কৰি তুলিবলৈয়ো দলটোয়ে আছু ৰ প্ৰতি মুকলি আহ্বান জনাইছে ৷ একেটা বিবৃতিত আম আদমি পাৰ্টী, অসমৰ ৰাজ্যিক সাধাৰণ সম্পাদক ( সংগঠন ) ৰাজীব শইকীয়াই অভিযোগ কৰি কয়, বিজেপি চৰকাৰে কেৱল ভোট বেংক সৃষ্টিৰ লক্ষ্যৰে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰিব বিচাৰিছে ৷ তেওঁ কয় যে, বিজেপি দল আৰু চৰকাৰ খিলঞ্জীয়া বিৰোধী ৷ সেয়ে তেওঁলোকে অসম তথা উত্তৰ পূৰ্বাঞ্চলত লাখ লাখ বিদেশীক নাগৰিকত্ব দি খিলঞ্জীয়াৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে ৷ আম আদমি পাৰ্টী বিজেপি দল আৰু চৰকাৰৰ খিলঞ্জীয়াৰ বিৰুদ্ধে চলোৱা ষড়যন্ত্ৰৰ বিৰুদ্ধে প্ৰত্যাহ্বান হৈ থিয় দিব ৷ হিন্দু বাংলাদেশীয়ে হওক বা মুছলমান বাংলাদেশীয়েই হওক, শুদ্ধ নাগৰিক পঞ্জীৰ যোগেদি আৰু অসম চুক্তিৰ আধাৰতহে ইয়াৰ চিনাক্তকৰণ আৰু বহিস্কৰণ সম্ভৱ ৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সঁকিয়নী দি ৰাজীব শইকীয়াই কয়, অসম আৰু উত্তৰ পূৱৰ পৰা “কা” প্ৰত্যাহাৰ নকৰিলে আপ, অসম য়ে ব্যাপক জনজাগৰণৰ সূচনা কৰিব ৷