আম আদমি পাৰ্টীৰ নগাঁও জিলা কমিটীৰ সভাপতি নিযুক্তি

আম আদমি পাৰ্টীৰ নগাঁও জিলা কমিটীৰ সভাপতি নিযুক্তি
শ্ৰাৱন সিং আপৰ নগাঁও জিলা সভাপতি

ৰঙিলী বাৰ্ত্তাসেৱা – আম আদমী পাৰ্টিৰ ভাৰপ্ৰাপ্ত সভাপতি ডাঃ ভবেন চৌধুৰীৰ সন্মতি অনুসৰি দলটোৰ নগাঁও জিলা কমিটীৰ নতুন সভাপতি নিযুক্তি দিয়া হয় । আপৰ ৰাজ্যিক সাধাৰণ সম্পাদক (সাংগঠিনক) ৰাজীব শইকীয়া স্বাক্ষৰিত এক দলীয় ঘোষণা /নিৰ্দেশনা মৰ্মে দলটোৰ এগৰাকী জ্যেষ্ঠ নেতা শ্ৰাৱন সিঙক নগাঁও জিলা কমিটীৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হয়। দলৰ ৰাজ্যিক নেতৃত্বৰ নিৰ্দেশনা অনুসৰি আগন্তুক ১০ দিনৰ ভিতৰত নৱ নিযুক্ত সভাপতি গৰাকীয়ে নতুন জিলা কমিটী গঠন কৰি ৰাজ্যিক কমিটীৰ অনুমোদন লাভ কৰিবৰ বাবে দাখিল কৰিব লাগিব।