আম আদমি পাৰ্টী,অসমৰ ‘ঘৰ ঘৰ কাৰ্যসূচী’ আৰম্ভ
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী উলুবাৰীৰ সূহাগপুৰ এ,এম ৰোডৰ আৰ্য্য হাস্পতালৰ নাতি-দূৰত থকা চাই এন্তাৰপ্ৰায়জৰ সমীপৰ পৰা মণিপুৰীবস্তি লৈকে আপ,অসমে আগন্তুক ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত আম আদমি পাৰ্টি অসমে ১২৬ টা বিধানসভা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ লক্ষ্যৰে প্ৰচাৰ-পত্ৰিকাত উল্লেখিত ১৫ টাকৈ বিষয়সমূহ লৈ জনতাৰ ঘৰে-ঘৰে গৈ অৱগত কৰাৰ অৰ্থে “ঘৰ-ঘৰ সংযোগ” কাৰ্য্যসূচী আৰম্ভ কৰে। আজিৰ অভিযান কাৰ্য্যসূচীত প্ৰায় ২০ গৰাকী সমাজ-সেৱকৰ ঘৰলৈ গৈ প্ৰচাৰ -পত্ৰিকাত উল্লেখিত বিষয় সমূহ অৱগত কৰে।উক্ত কাৰ্য্যসূচীত নেতৃত্ব দিয়ে আপ, অসমৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত সভাপতি ড° ভবেন চৌধুৰী, উপ সভানেত্ৰী অনুৰূপা ডেকা ৰাজা, আপ,অসমৰ মহিলা সভানেত্ৰী ৰঞ্জু ডেকা, মহিলা wings ৰ উপ- সভানেত্ৰী বিমলা দেৱী সহ আপ,অসমৰ ৭ জন কৰ্ম-কৰ্তাই উক্ত অভিযানত অংশ গ্ৰহণ কৰে। আনহাতে, “ঘৰ-ঘৰ অভিযান” কাৰ্য্যসূচী আজিৰ পৰা ৩০ নৱেম্বৰ লৈকে চলি থাকিব। কিন্তু, আপ,অসমে প্ৰচাৰ-পত্ৰিকা খনত অসমৰ কোন-কোন ঠাইত উক্ত কাৰ্য্যসূচী গ্ৰহণ কৰিব তাৰ বিষয়ে উল্লেখ কৰা নাই৷