আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ুসেনা বাহিনীৰ শীৰ্ষ পৰ্যায়ৰ পদত অসম সন্তান

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ুসেনা বাহিনীৰ শীৰ্ষ পৰ্যায়ৰ পদত অসম সন্তান

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম তথা ভাৰতৰ বাবে এক গৌৰৱৰ খবৰ। প্ৰথমবাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ুসেনা বাহিনীৰ শীৰ্ষ পৰ্যায়ৰ পদত অধিষ্ঠিত হ’বলৈ সক্ষম হৈছে এগৰাকী অসম সন্তান। এতিয়াৰে পৰা বিশ্বৰ ভিতৰতে শক্তিধৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ুসেনা বাহিনীৰ তথ্য-প্রযুক্তি নিয়ন্ত্ৰণ কৰিব এগৰাকী অসম সন্তানে। অসমৰ জকাইচুকৰ পৰা যোৱা এগৰাকী প্ৰতিভাধৰ লোকৰ ওপৰত নিৰ্ভৰশীল হ’ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ুসেনা বাহিনী। উল্লেখ্য যে বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তর্ভুক্ত ব্যাসকুছি গাঁৱৰ পৰা ঘৰ এৰি এদিন আমেৰিকালৈ যোৱা মনজিত বর্মনে এতিয়া সমগ্র অসমলৈ গৌৰৱ কঢ়িয়াই আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ুসেনা বাহিনীৰ মুখ্য তথ্য বিষয়া হিচাপে নিযুক্ত হৈছে। ব্যাসকুছিতে প্রাথমিক শিক্ষা, হাইস্কুলীয়া শিক্ষাগ্রহণ কৰা প্ৰখৰ বুদ্ধিৰ মনজিত বৰ্মনে পৰৱৰ্তীকালত গোৱালপাৰাৰ সৈনিক স্কুলত নামভৰ্তি কৰিছিল। ভাৰতীয় বায়ুসেনা বাহিনীত চাকৰি কৰাৰ ইচ্ছা আছিল যদিও সেই সুযোগ লাভ নকৰাত শিলচৰৰ অসম আঞ্চলিক অভিযান্ত্রিক মহাবিদ্যালয়ৰ পৰা মনজিত বৰ্মনে অভিযন্তাৰ ডিগ্রী গ্ৰহণ কৰে। ইয়াৰ পিছতেই মনত উচ্চাকাংক্ষা পুহি ৰখা মনজিত বর্মনে ১৯৯৯ চনত বেংগালুৰুত ছফ্টৱেৰ ডেভেলপমেণ্টৰ এটা কামত নিযুক্তি লাভকৰে। প্ৰবল অধ্যৱসায়ৰ লগতে মানসিক দৃঢ়তাৰে কাম কৰি মনজিত বৰ্মনে কম সময়ৰ ভিতৰতে এগৰাকী দক্ষ কৰ্মচাৰী হিচাপে নিজকে গঢ়ি তুলিবলৈ সক্ষম হয়। কিবা এক নতুন কৰাৰ লগতে নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তোলাৰ বাবে মনে-প্রাণে পৰিকল্পনা কৰি থকা মনজিত বর্মনে বিদেশত চাকৰি কৰাৰ লক্ষ্যৰে ২০০০ চনত কানাডালৈ গুচি যায়। কানাডাৰ টৰণ্টো চহৰত ছমাহ কাম কৰাৰ পাছত আমেৰিকালৈ যোৱাৰ এক সুযোগ লাভ কৰে। ২০০১ চনত মনজিত বর্মনে  উৰা মাৰিছিল আমেৰিকালৈ। প্রাথমিক বিদ্যালয়ৰ শিক্ষক গদাপাণি বৰ্মনৰ দ্বিতীয় সন্তান তথা অভিযন্তাৰ ডিগ্রীধাৰী মনজিত বর্মনে আমেৰিকাত কৰ্মজীৱন আৰম্ভ কৰাৰ সমান্তৰালকৈ আমেৰিকাৰ বষ্টন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি কম্পিউটাৰ ইনফৰমেচন ছিষ্টেমত স্নাতকোত্তৰ ডিগ্রী গ্ৰহণ কৰে। আমেৰিকাৰ দুই-তিনিটা কোম্পানীৰ অধীনত কাম কৰাৰ অভিজ্ঞতাৰে পুষ্ট হৈ এতিয়া বিশ্বৰ শক্তিধৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ুসেনা বাহিনীৰ মুখ্য তথ্য বিষয়া হিচাপে নিযুক্ত হৈছে ব্যাসকুছিৰ সন্তান মনজিত বর্মন। অর্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ুসেনা বাহিনীৰ সকলো তথ্য নিয়ন্ত্ৰণ কৰিব অসমৰ মনজিত বৰ্মনে। অৱশ্যে মনজিত বর্মন বর্তমান আমেৰিকাৰ বাসিন্দা তথা নাগৰিক।