আমেৰিকা-ইজৰাইলৰ ভয়ংকৰ আক্ৰমণত ইৰানৰ ছুপ্ৰিম লীডাৰ আয়াতুল্লাহ আলী খামেইনিৰ মৃত্যু

Pc CNN

ৰঙিলী বাৰ্ত্তাসেৱা- ইজৰাইল আৰু আমেৰিকাই যৌথভাৱে চলোৱা বৃহৎ আক্ৰমণত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ মৃত্যু হয়। ইৰানৰ ছুপ্রিম লীডাৰ আয়াতুল্লাহ আলী খামেইনিৰ ইজৰাইল আৰু আমেৰিকাই যৌথভাৱে চলোৱা এই আক্ৰমণত মৃত্যু হোৱা বুলি আমেেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পে দাবী কৰাৰ পিছতে ইৰানৰ সামৰিক বাহিনী, ৰাষ্ট্ৰীয় সংবাদ সংস্থাই এতিয়া আনুষ্ঠানিকভাৱে ইৰানৰ ছুপ্ৰিম লীডাৰ আয়াতুল্লাহ আলী খামেইনিৰ মৃত্যু নিশ্চিত কৰিছে। শনিবাৰে শেষ নিশা ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে খামেইনেইৰ মৃত্য়ুৰ কথা ঘোষণা কৰিছিল ৷ তেওঁ কয় যে এই আক্ৰমণে ইৰাণীসকলক নিজৰ দেশক “উভতাই লোৱা”ৰ “সৰ্বাধিক সুযোগ” প্ৰদান কৰিছে যদিও ইয়াৰ ফলত ইছলামিক ৰিপাব্লিকৰ ভৱিষ্যতৰ ওপৰতো সন্দেহৰ সৃষ্টি হৈছে আৰু অঞ্চলটোত অস্থিৰতাৰ আশংকাও বৃদ্ধি পাইছে ৷ ছ’চিয়েল মিডিয়াত ট্ৰাম্পে কয়, “ইতিহাসৰ অন্যতম দুষ্ট মানুহ খামেনেইৰ মৃত্যু হৈছে ৷ তেওঁ দেশখনৰ পাৰমাণৱিক ক্ষমতা নিৰ্মূলৰ বাবে আমেৰিকাই প্ৰয়োজনীয় বুলি অভিহিত কৰা মাৰাত্মক আক্ৰমণৰ অংশ হিচাপে “গধুৰ আৰু নিখুঁত বোমা বিস্ফোৰণ”ৰ বিষয়ে সকীয়াই দিয়ে ৷”  ট্রাম্প আৰু ইজৰাইলৰ এই দাবীৰ পিছত ইৰানৰ ৰাষ্ট্ৰীয় সংবাদ সংস্থাই আনুষ্ঠানিকভাৱে আয়াতুল্লাহ আলী খামেইনিৰ মৃত্যু নিশ্চিত কৰিছে। শনিবাৰে আক্ৰমণৰ সময়ত খামেইনি নিজৰ কাৰ্যালয়ত আছিল। ইছলামিক ৰিভল্যুচনেৰী গার্ড কর্পছে এক বিবৃতিত খামেইনিৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। সংগঠনটোৱে তেওঁৰ মৃত্যুক “সন্মানজনক শ্বহীদ” বুলি অভিহিত কৰি তেওঁৰ পথ অব্যাহত থাকিব বুলি কয়। উল্লেখ্য যে ৮৬ বছৰীয়া আয়াতুল্লাহ আলী খামেইনিৰ কাৰ্যকালতেই ইৰানে নিজৰ পাৰমাণৱিক কাৰ্যসূচী আগুৱাই লৈ গৈছিল আৰু আমেৰিকা আৰু ইজৰাইলৰ সৈতে সংঘাত বৃদ্ধি কৰিছিল। তেওঁ ৰিভল্যুচনেৰী গার্ড আৰু আঞ্চলিক প্রক্সি নেটৱৰ্ক শক্তিশালী কৰিছিল যদিও অর্থনৈতিক সংকট আৰু দমনৰ ফলত দেশত বৃহৎ প্ৰতিবাদৰ সৃষ্টি হয়। ১৯৮৯ চনত আয়াতুল্লাহ ৰুহোল্লাহ খামেইনিৰ মৃত্যুৰ পিছত খামেইনিয়ে ক্ষমতা দখল কৰি ইছলামিক ৰিপাব্লিকক নতুন ৰূপ দিয়ে। খামেনেইৰ মৃত্যুৰ পিছত ইৰানে প্ৰতিশোধমূলক আক্ৰমণৰ সতৰ্ক কৰি দিছে। ইফালে সর্বোচ্চ নেতাগৰাকীৰ মৃত্যুত ইৰানত ৪০ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হৈছে।