আমেৰিকা-ইজৰাইলৰ আক্ৰমণত ইৰানৰ স্কুলত ৫৩ ছাত্রী নিহত
ৰঙিলী বাৰ্ত্তাসেৱা- আমেৰিকা-ইজৰাইলে ইৰানৰ ওপৰত চলোৱা আক্ৰমণৰ এক কৰণ পৰিণতি। আমেৰিকা-ইজৰাইল বাহিনীয়ে ইৰানক লক্ষ্য কৰি নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰই ধ্বংস কৰে এখন ছোৱালীৰ বিদ্যালয়। যাৰ ফলত অতি শোকাৱহভাৱে মৃত্যুক সাবটি লয় ৫৩ কণমানি ছাত্ৰীয়ে। ইৰানৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰিত দাবী কৰা অনুসৰি আমেৰিকা-ইজৰাইল বাহিনীৰ ক্ষেপণাস্ত্ৰই ধ্বংস কৰা এই ছোৱালীৰ বিদ্যালয়খন হৰমোজগান প্ৰদেশৰ মিনাৰত অৱস্থিত। এই মিনাৰতে আছে ইছলামিক ৰিভলিউচনাৰী গাৰ্ডৰ এটা ঘাটি। এই ঘাটিটোক উদ্দেশ্যি ইজৰাইল-আমেৰিকান বাহিনীয়ে ক্ষেপণাস্ত্র নিক্ষেপ কৰিছিল। কিন্তু লক্ষ্যভ্রষ্ট হৈ বিদ্যালয়খনত আঘাত হনাত যুদ্ধৰ বলি হ’বলগীয়া হ’ল ৫৩ কণমানি ছাত্রী। এই কৰুণ ঘটনাত আহত হৈছে আন ৬৪ শিক্ষার্থী। ইফালে, মিত্র বাহিনীৰ আক্ৰমণত ইৰানৰ প্ৰতিৰক্ষা মন্ত্ৰী আমীৰ নাছিৰজাদে আৰু ইছলামিক ৰিভলিউচনাৰী গাৰ্ডৰ শীৰ্ষ কমাণ্ডাৰ মহম্মদ পাকপৌৰৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেইৰ ঘনিষ্ঠৰূপে পৰিচিত পাকপৌৰক বিগত বৰ্ষত মেজৰ জেনেৰেল পদত অধিষ্ঠিত কৰা হৈছিল। এইজন শীর্ষ কমাণ্ডাৰে ইজৰাইল-আমেৰিকাক মুকলিকৈ সকীয়াই দি কৈছিল যে আমাক ভাবুকি দি কোনো লাভ নাই।
