আমেৰিকাৰ ৩ টা ভাৰতীয় স্বাস্থ্য গৱেষণা প্ৰতিষ্ঠানৰ বাবে ১২২ নিযুত ডলাৰ ঘোষণা
ৰঙিলী বাৰ্ত্তাসেৱা- পৰিহাৰযোগ্য মহামাৰী প্ৰতিৰোধ, ৰোগৰ ভাবুকি আগতীয়াকৈ ধৰা পেলোৱা, দ্ৰুত আৰু ফলপ্ৰসূ সঁহাৰিৰ বাবে আমেৰিকাৰ চিডিচিয়ে তিনিটা ভাৰতীয় চিকিৎসা গৱেষণা প্ৰতিষ্ঠানৰ বাবে ১২২ মিলিয়ন ডলাৰৰ পুঁজিৰ কথা ঘোষণা কৰিছে। ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ (আইচিএমআৰ), নেচনেল ইনষ্টিটিউট অৱ ভাইৰ’লজি (এনআইভি) আৰু নেশ্যনেল ইনষ্টিটিউট অৱ ইপিডেমিঅ’লজি (এনআইই)ক পাঁচ বছৰৰ বাবে এই পুঁজি প্ৰদান কৰা হ’ব।