আমেৰিকাৰ দুৰ্গম স্থানত উদ্ধাৰ পাঁচ দিনে নিৰুদ্দিষ্ট ৪ ভাৰতীয়ৰ মৃৃতদেহ

আমেৰিকাৰ দুৰ্গম স্থানত উদ্ধাৰ পাঁচ দিনে নিৰুদ্দিষ্ট ৪ ভাৰতীয়ৰ মৃৃতদেহ

ৰঙিলী বাৰ্ত্তাসেৱা- পাঁচ দিন পূর্বে আমেৰিকাত নিৰুদ্দেশ হোৱা ভাৰতীয় মূলৰ চাৰিগৰাকী জ্যেষ্ঠ ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হৈছে। ২৯ জুলাইত চাৰি অশীতিপৰ ডাঃ কিশোৰ ডিভান (৮৯), আশা ডিভান (৮৫), শৈলেশ ডিভান (৮৬) আৰু গীতা ডিভান (৮৪) মার্শ্বেল কাউন্টিৰ পেলেচ অৱ গ’ল্ডলৈ এখন ব্যক্তিগত বাহনেৰে ৰাওনা হৈছিল। পেলেচ অৱ গ’ল্ড হৈছে ইস্কনৰ প্ৰতিষ্ঠাপক স্বামী প্রভুপাদৰ শিষ্যসকলে গঢ়ি তোলা সোণৰ এক বিখ্যাত প্রাসাদ। ২৯ জুলাইত তেওঁলোকে পেলেচ অৱ গ’ল্ডত থকাৰ পৰিকল্পনা কৰিছিল। একেদিনাই পুৱা পেনছিলভেনিয়াৰ এখন ৰেষ্টুৰেণ্টত তেওঁলোকক শেষবাৰৰ বাবে দেখা গৈছিল। সেই দিনাৰে পৰা চাৰিওগৰাকী ব্যক্তিৰ মোবাইল বন্ধ হৈ আছিল। তেওঁলোকৰ মৃতদেহ অতি দুর্গম অঞ্চলত উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। তেওঁলোকৰ মৃতদেহৰ কাষতে বিধ্বস্ত অৱস্থাত বাহনখনো উদ্ধাৰ কৰে। ইয়াৰ ভিত্তিতে উদ্ধাৰকাৰী দলে চাৰিওগৰাকী ব্যক্তি পথ দুর্ঘটনাত মৃত্যু হোৱা বুলি সন্দেহ প্রকাশ কৰিছে। বিগত চাৰি দিনত উদ্ধাৰকাৰী দলে হেলিকপ্টাৰ আৰু অতিৰিক্ত তালাচী অভিযানেৰে চাৰি ভাৰতীয় মূলৰ ব্যক্তিৰ অনুসন্ধান কৰিছিল