আমেৰিকাৰ ছেম হিউষ্টন বিশ্ববিদ্যালয়ৰ ডিষ্টিংগুইছ প্ৰফেছৰ পদত নিৰ্বাচিত  ড° হিৰণ্য কুমাৰ নাথ

আমেৰিকাৰ ছেম হিউষ্টন বিশ্ববিদ্যালয়ৰ ডিষ্টিংগুইছ প্ৰফেছৰ পদত নিৰ্বাচিত  ড° হিৰণ্য কুমাৰ নাথ

ৰঙিলী বাৰ্ত্তাসেৱা-অসমৰ বাবে সুখবৰ। আমেৰিকাৰ ছেম হিউষ্টন বিশ্ববিদ্যালয়ৰ অর্থনীতি বিভাগৰ অধ্যাপক মঙলদৈৰ ড° হিৰণ্য কুমাৰ নাথ নিৰ্বাচিত হৈছে বিশ্ববিদ্যালয়খনৰ ‘ডিষ্টিংগুইষ্ট প্ৰফেছৰ পদ’ৰ বাবে। উল্লেখ্য যে দৰঙৰ মঙলদৈ নিৱাসী ড° হিৰণ্য কুমাৰ নাথে ২০০২ বৰ্ষৰ পৰাই বিশ্ববিখ্যাত বিশ্ববিদ্যালয়খনত অধ্যাপনা কৰি আহিছে। লক্ষণীয় যে ছাত্ৰাৱস্থাৰ পৰাই প্ৰচুৰ মেধাৰ স্বাক্ষৰ বহন কৰি অহা ড° হিৰণ্য কুমাৰ নাথে ১৯৮৫ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে পঞ্চম স্থান অর্জন কৰি শৈক্ষিক জীৱনৰ প্ৰথমটো সফলতা অর্জন কৰিছিল। আনহাতে ১৯৮৭ চনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত ৰাজ্যৰ ভিতৰতে শীর্ষ স্থান অৰ্জন কৰি পৰৱৰ্তী সময়ত অর্থনীতি বিষয় অধ্যয়নৰ বাবে বাছি লৈছিল। শ্ৰীৰাম কলেজৰ পৰা স্নাতক আৰু দিল্লী স্কুল অব ইক ‘নমিক্সৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লৈ উচ্চ শিক্ষাৰ বাবে ড° হিৰণ্য নাথ আমেৰিকা অভিমুখী হৈছিল। লক্ষণীয় যে সুদীর্ঘ সময় প্রবাসী হৈ থাকিলেও ড° হিৰণ্য কুমাৰ নাথ শিপাৰ সৈতে সততে সংপৃক্ত হৈ থকা এগৰাকী ব্যক্তি। ব্যক্তিকেন্দ্রিক ব্যবস্থাই গা কৰি উঠাৰ সময়তো বিদেশৰ পৰাই নিজৰ অঞ্চলৰ লোকখিনিক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। আনকি ‘গুড নেইবাৰহুড’ শীর্ষক এক আন্দোলনৰ নেতৃত্ব দি নিজৰ অঞ্চলটোৰ বহুকেইটা দুখীয়া পৰিয়ালৰ গৃহ পর্যন্ত নিৰ্মাণৰ ব্যৱস্থা কৰি দিছিল। গাঁৱৰ ডেকাসকলক জড়িত কৰি এই ইতিবাচক কার্যসূচী আগবঢ়াই নিছে ড° হিৰণ্য কুমাৰ নাথে। সময় পালেই অসমলৈ অহা ড° হিৰণ্য কুমাৰ নাথে আপোন গাঁও পিপৰা দোকান-নগাঁৱলৈ আহি কেনেকৈ গাঁওখনক আগবঢ়াই নিব পাৰি তাৰবাবে অন্যান্য কার্যসূচী গ্রহণ কৰিছিল। অধ্যাপক ড° হিৰণ্য কুমাৰ নাথৰ এই কৃতিত্বই প্ৰতিগৰাকী অসমীয়াকে গৌৰৱান্বিত কৰিছে।