আমেৰিকাৰ আক্ৰমণৰ পিছতে ইজৰাইলত প্রত্যাঘাত

আমেৰিকাৰ আক্ৰমণৰ পিছতে ইজৰাইলত প্রত্যাঘাত

ৰঙিলী বাৰ্ত্তাসেৱা-  আমেৰিকাৰ ভয়ংকৰ আক্ৰমণৰ পিছত ইউৰোপীয় দেশসমূহৰ সৈতে পৰমাণু চুক্তিৰ বিষয়টোক লৈ ইৰানে আলোচনা কৰাৰ বাবে ইচ্ছা প্রকাশ কৰিছে যদিও মার্কিন আঘাতৰ প্রত্যাক্ৰমণ চলোৱাৰ ক্ষেত্ৰত কোনোধৰণে পিছ হোঁহকি নাযাব বুলি ঘোষণা কৰিছে ইৰানৰ বিদেশ মন্ত্রী আব্বাছ আৰ্ঘচিয়ে। সেই অনুসৰি তেল আভিভসহ ইজৰাইলৰ বিভিন্ন চহৰত ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলাইছে ইৰানৰ সেনাই। ভয়ংকৰ বেলিষ্টিক ক্ষেপণাস্ত্ৰৰ আঘাতত ইজৰাইলৰ বহু ইমাৰট তাচপাতৰ ঘৰৰ দৰে খহি পৰা বুলি দাবী কৰিছে ইৰানী সেনাই। আনকি ইৰানৰ মতে, এই আঘাতত থানবান হৈ পৰিছে ইজৰাইলৰ বহু গুৰুত্বপূৰ্ণ চৰকাৰী প্রাসাদ। ইজৰাইলৰ তৰফৰ পৰা দাবী কৰা অনুসৰি এই আক্ৰমণত ১১জন নাগৰিক আহত হৈছে। ইফালে ধ্বংসস্তূপত চলিছে উদ্ধাৰ অভিযান। ইজৰাইলৰ তৰফৰ পৰা হতাহতৰ সংখ্যা গোপনে ৰখা হৈছে বুলি ইৰানৰ চৰকাৰী সূত্ৰই দাবী কৰিছে। লক্ষণীয়ভাবে ইৰানৰ এই আক্ৰমণৰ সময়তে ইজৰাইলে পুনৰ ইৰানৰ বিভিন্ন স্থানত বোমা আৰু ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলায়।