আমেৰিকাৰে শুল্ক যুদ্ধৰ মাজতে চীন ভ্ৰমণ কৰিব প্রধানমন্ত্রী মোদীয়ে

আমেৰিকাৰে শুল্ক যুদ্ধৰ মাজতে চীন ভ্ৰমণ কৰিব প্রধানমন্ত্রী মোদীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা- আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে শুল্ক যুদ্ধৰ মাজতে চীনলৈ যাব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী। ব্রিক্‌ছ দেশসমূহক ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাক লৈ লক্ষ্য কৰি লোৱা মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ হুংকাৰৰ পাছত এছচিঅ’ সন্মিলনত অংশগ্ৰহণৰ বাবে চীনলৈ প্রধানমন্ত্রী মোদীৰ এই ভ্ৰমণ তাৎপর্যপূর্ণ বিবেচিত হৈছে। গালৱানত চীন আৰু ভাৰতৰ সেনাৰ মাজত প্রত্যক্ষ সংঘাতৰ পাছত প্ৰথমবাৰৰ বাবে চীনত আয়োজিত এছচিঅ’ সন্মিলনত অংশ ল’বৰ বাবে দেশখন ভ্রমণ কৰিব প্রধানমন্ত্রী মোদীয়ে। চীনৰ টিয়ানজিনত আয়োজিত ছাংহাই কো-অপাৰেচন অর্গেনাইজেচন, চমুকৈ এছচিঅ’ সন্মিলনত অংশগ্ৰহণৰ বাবে ৩১ আগষ্টত বেইজিং অভিমুখে ৰাওনা হ’ব প্রধানমন্ত্রী মোদী। ২০২০ চনত গালৱান সংঘৰ্ষৰ পাছত চীন ভ্ৰমণৰ পূৰ্বে প্রধানমন্ত্রী মোদীয়ে ৩০ আগষ্টত জাপান ভ্রমণলৈ যাব। ভাৰত-জাপান বার্ষিক সন্মিলনত অংশ লৈ প্রধানমন্ত্রী মোদীয়ে টকিঅ’ৰ পৰাই বেইজিঙত উপস্থিত হ’ব। বেইজিত্তত ৰাষ্ট্ৰপতি জি জিনপিঙৰ সৈতে প্রধানমন্ত্রী মোদীয়ে দ্বিপাক্ষিক বৈঠকতো মিলিত হ’ব।