আমেৰিকাত শীতকালীন ধুমুহাৰ বিধ্বংসী ৰূপ
ৰঙিলী বাৰ্ত্তাসেৱা- আমেৰিকাত শীতকালীন প্ৰবল ধুমুহাই বিপৰ্যস্ত কৰি তুলিছে জনসাধাৰণৰ জীৱন। এই পৰ্যন্ত ৩০ জন লোকৰ মৃত্যু হৈছে। ধুমুহাৰ ফলত দেশখনৰ বহু অংশত প্ৰচণ্ড তুষাৰপাত আৰু শীতৰ প্ৰকোপ বৃদ্ধি পাইছে। এই ধুমুহাই দেশখনৰ বহু অংশত ব্যাপক বিধ্বংসী ৰূপ ধাৰণ কৰাৰ লগতে বিদ্যুৎ বিচ্ছিন্ন হৈ পৰে। ইপিনে যাতায়ত ব্যস্থাতো ব্যাঘাত জন্মিছে। যাৰ বাবে লোকসকলে অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে। ধুমুহা ইমানেই ভয়াৱহ আছিল যে দেশৰ প্ৰায় ১৩০০ মাইল এলেকা ধৰি এক ফুটতকৈও অধিক দ বৰফ জমা হয়। যাৰ ফলত অসংখ্য ঘাইপথ বন্ধ হৈ পৰিছিল, বিমান সেৱা বাতিল হৈছিল আৰু অসংখ্য বিদ্যালয় বন্ধ কৰিবলগীয়া হৈছিল। ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি পিটচবাৰ্গৰ উত্তৰ অঞ্চলত ২০ ইঞ্চি পৰ্যন্ত তুষাৰপাত হৈছে। সোমবাৰে গভীৰ নিশাৰ পৰা মঙলবাৰলৈকে মাইনাছ ২৫ ডিগ্ৰী ফাৰেনহাইটলৈ হ্ৰাস পাইছে তাপমাত্ৰা। উল্লেখ্য যে, প্ৰচণ্ড ধুমুহাৰ ফলত কেইবাখনো ৰাজ্যত মৃত্যুৰ খবৰ পোৱা গৈছে। মাছাচুচেটছ আৰু অহাইঅ’ত স্নোপ্ল’ৰ খুন্দাত দুজন লোকৰ মৃত্যু হয়। আৰ্কান্ সাছ আৰু টেক্সাছত স্লেডিং দুৰ্ঘটনাত কিশোৰ-কিশোৰীসকলে প্ৰাণ হেৰুৱাইছিল। ইপিনে তুষাৰপাতৰ বাবে ১০ হাজাৰৰো অধিক বিমান বাতিল কৰা হৈছে। গৃহ নিৰাপত্তা বিভাগে জনোৱা মতে, ১৭খন ৰাজ্য আৰু ডিষ্ট্ৰিক্ট অৱ কলম্বিয়াই বতৰৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে। নিউ মেক্সিকোৰ পৰা নিউ ইংলেণ্ডলৈকে এই হিমশীতল ধুমুহাৰ প্ৰভাৱ পৰিছে ।
