আমেৰিকাত ভয়াৱহ বিমান দুৰ্ঘটনা

Pc KOMU

আমেৰিকাত ভয়াৱহ বিমান দুৰ্ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা- আমেৰিকাত ভয়ংকৰ বিমান দুৰ্ঘটনা।আমেৰিকাৰ কেণ্টাকিৰ লুইছভিল মহম্মদ আলী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা  মঙলবাৰে বিয়লি প্ৰায় ৫:১৫ বজাত (স্থানীয় সময়) এখন কাৰ্গো বিমান উৰণৰ কিছু সময়ৰ পিছতে দুৰ্ঘটনাত পতিত হয় আৰু অগ্নিকাণ্ড সংঘটিত হয় ৷এই ঘটনাত কমেও ৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১১জন আহত হয়। আহতসকল স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।  ফেডাৰেল এভিয়েচন এডমিনিষ্ট্ৰেচনে জনোৱা মতে, স্থানীয় সময় অনুসৰি বিয়লি ৫:১৫ বজাত UPS (United Parcel Service) Flight 2796 বিমানখনে লুইছভিল বিমানবন্দৰৰ পৰা হনোলুলুলৈ যাত্ৰা কৰিছিল। বিমানখনত তিনিজন ক্ৰু মেম্বাৰ আছিল। তিনিওজনৰে ইতিমধ্যে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।