আমেৰিকাত ট্ৰাম্পৰ ঘনিষ্ঠ চাৰ্লি কিৰ্কক গুলীয়াই হত্যা
ৰঙিলী বাৰ্ত্তাসেৱা- মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ঘনিষ্ঠক গুলীয়াই হত্যা। বুধবাৰে অৰেমৰ ইউটা ভেলী বিশ্ববিদ্যালয়ত গুলীবিদ্ধ হয় আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ঘনিষ্ঠ চাৰ্লি কিৰ্ক। দুৰ্বৃত্তই নাতিদূৰত্বৰ পৰা গুলীয়াই হত্যা কৰে চাৰ্লি কিৰ্কক। চাৰ্লি কিৰ্কে ভেলী বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সমাৱেশত ভাষণ দি থকা সময়ে এই ঘটনা সংঘটিত হয়। এই গুলীচালনাৰ কাণ্ডত মৃত্যু হয় টাৰ্নিং পইণ্ট ইউ এছ এৰ প্ৰতিষ্ঠাপক চাৰ্লি কিৰ্ক। ট্ৰাম্পে এই কথা নিশ্চিত কৰি কয় যে ইউটা ভেলী বিশ্ববিদ্যালয়ৰ এক কাৰ্যসূচীত বন্দুকৰ গুলীত মৃত্যু হৈছে চাৰ্লি কিৰ্কৰ।আৰক্ষীয়ে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিছে। উল্লেখ্য যে চাৰ্লি কিৰ্কৰ বয়স আছিল ৩১ বছৰ। গুলীবিদ্ধ হোৱাৰ আগতে তেওঁ বন্দুকৰ হিংসাৰ কথা কৈছিল। এটা ভিডিঅ’ত দেখা গৈছে যে কেনেকৈ গুলী চলোৱা হৈছিল। তেওঁৰ ডিঙিত গুলী লগা বুলি জানিব পৰা গৈছে। বৰ্তমান সময়ত অব্যাহত আছে ঘটনাৰ তদন্ত। কিৰ্ক এজন ৰক্ষণশীল প্ৰভাৱশালী ব্যক্তি আছিল । টাৰ্নিং পইণ্ট ইউ এছ এৰ প্ৰতিষ্ঠাপক আছিল তেওঁ। ২০১২ চনত মাত্ৰ ১৮ বছৰ বয়সতে তেওঁ এই কাম আৰম্ভ কৰিছিল।টাৰ্নিং পইণ্ট ইউ এছ এ হৈছে হাইস্কুল আৰু কলেজ চৌহদত ৰক্ষণশীল ৰাজনীতিৰ প্ৰচাৰ কৰা এটা সংস্থা। ২০২৪ চনত মিলৱাকিত অনুষ্ঠিত হোৱা ৰিপাব্লিকান নেচনেল কনভেনচনত তেওঁ ভাষণ দিছিল। য’ত তেওঁ যুৱসকলৰ বিষয়ে উল্লেখ কৰিছিল।