আমেৰিকাক পৰাস্ত কৰি জয়েৰে টি-২০ বিশ্বকাপৰ অভিযান আৰম্ভ ডিফেণ্ডিং চেম্পিয়ন ভাৰতৰ

Pc ESPNcricinfo

আমেৰিকাক পৰাস্ত কৰি জয়েৰে টি-২০ বিশ্বকাপৰ অভিযান আৰম্ভ ডিফেণ্ডিং চেম্পিয়ন ভাৰতৰ

ৰঙিলী বাৰ্ত্তাসেৱা- জয়েৰে শনিবাৰৰ পৰা আৰম্ভ হোৱা টি-২০ বিশ্বকাপত অভিযান আৰম্ভ কৰিলে ডিফেণ্ডিং চেম্পিয়ন ভাৰতে। মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ এৰ মেচখনত ভাৰতে আমেৰিকাক ২৯ ৰানত পৰাস্ত কৰে। মেচখনত আয়োজক ভাৰতে জয়ৰ বাবে বান্ধি দিয়া ১৬২ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি সঞ্জয় কৃষ্ণমূৰ্তিৰ ৩৭, মিলিন্দ কুমাৰৰ ৩৪ আৰু শুভম ৰঞ্জনেৰ ৩৭ ৰানৰ সহায়ত আমেৰিকাই নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৩২ ৰান সংগ্ৰহ কৰে। অ’পেনাৰদ্বয় এণ্ড্ৰিজ গাউছে ৬ আৰু ছৈতেলা মুক্কামাল্লাই ২ আৰু অধিনায়ক মনাংক পেটেলে কোনো ৰান নকৰাকৈ বিদায় লয়। ভাৰতীয় দলটোৰ হৈ মহম্মদ ছিৰাজে সর্বাধিক তিনিটা উইকেট লাভ কৰাৰ লগতে অৰ্শ্বদীপ সিং আৰু অক্ষৰ পেটেল উভয়ে দুটাকৈ তথা বৰণ চক্ৰৱৰ্তীয়ে এটা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে আমেৰিকাৰ আমন্ত্রণক্রমে প্রথমে বেটিং কৰিবলৈ আহি প্ৰাৰম্ভিক বিপৰ্যয় সত্ত্বেও অধিনায়ক সূর্যকুমাৰ যাদৱৰ দুৰ্দান্ত অপৰাজিত ৮৪ ৰানৰ সহায়ত টীম ইণ্ডিয়াই নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৬১ ৰান সংগ্ৰহ কৰে। ইনিংছ মুকলি কৰিবলৈ আহি দ্বিতীয় অভাৰৰ দ্বিতীয়টো বলৰ পৰাই বিপৰ্যয়ৰ সম্মুখীন হয় ঘৰুৱা দলটো। বিস্ফোৰক অ’পেনাৰ অভিষেক শৰ্মাৰ ৰূপত ভাৰতে প্ৰথমটো উইকেট হেৰুৱায়। অভিষেকে কোনো ৰান নকৰাকৈ পেভিলিয়নমুখী হয়। সেই সময়ত ভাৰতীয় দলটোৰ স্ক’ৰ আছিল ৮ ৰানত ১ উইকেট। অভিষেক আউট হোৱাৰ পিছত আনগৰাকী অ’পেনাৰ ঈশান কিশনে তিলক বাৰ্মাৰ সৈতে লগ লাগি দলৰ বিপৰ্যয় ৰোধ কৰাৰ চেষ্টা চলাই যদিও দুয়োৰে মাজত দ্বিতীয় উইকেটত ৩৭ ৰান সংগ্ৰহ হোৱাৰ সময়তে ঈশানে ব্যক্তিগত ২০ ৰানত বিদায় লয়। ইয়াৰ পিছতে পুনৰ বিপৰ্যয়ৰ সন্মুখীন হয় ভাৰত। ইটোৰ পিছত সিটো উইকেট হেৰুৱাই যদিও অধিনায়ক সূর্যকুমাৰে দলটোক বিপদৰ পৰা উদ্ধাৰ কৰে। তিলক বাৰ্মাই ২৫ ৰান কৰি বিদায় লোৱাৰ লগতে শিৱম ডুবেই ০, ৰিংকু সিঙে ৬, হার্দিক পাণ্ডিয়াই ৫, অক্ষৰ পেটেলে ১৪, অর্শদীপ সিঙে ৪ আৰু বৰুণ চক্ৰৱতীয়ে কোনো ৰান নকৰাকৈ বিদায় লয়। অধিনায়ক সূর্যকুমাৰে ৪৯টা বলত ১০টা চাৰি আৰু ৪টা ছয়েৰে অপৰাজিতভাৱে ৮৪ ৰান সংগ্ৰহ কৰি দলটোক সবল স্থিতিত উপনীত কৰায়। আমেৰিকাৰ হৈ শেডলি ভান শ্বালকৱিকে সর্বাধিক ৪টা, হৰমিত সিঙে দুটা, আলী খান আৰু মহম্মদ মহছিনে এটাকৈ উইকেট লয়।