আমি পূজাৰী সুন্দৰৰ- এছ ইছলাম, মইনবৰী, বৰপেটা

P.C. CN traveller
আমি পূজাৰী সুন্দৰৰ
আমি পূজাৰী সুন্দৰৰ
কৰোঁ পূজা বিভিন্ন ভংগিমাৰ
বিভিন্ন স্থানে বিভিন্ন ধৰমৰ।
প্ৰাৰ্থনা-স্তুতি নাম গুণ কীৰ্তন
আকাৰ নিৰাকাৰ নৈশ ধ্যানে
গুপুত ৰহস্য থাকে মনে মনে।
মচজিদ মন্দিৰ গীৰ্জা নামঘৰ
গড-ঈশ্বৰ আল্লাহ-ভগৱান
সৃষ্টিৰ মূলতে সৃষ্টিকৰ্তা এজন।
সৃষ্টিকৰ্তাৰ আমি শ্ৰেষ্ঠ সৃষ্টিজীৱ
কাকো নকৰিবা হীনমন্যতা
হিংসা-বিদ্বেষ পৰিহাৰ কৰিবা।
ঈশ্বৰৰ প্ৰভুত্ব সৰ্বজনবিদিত
তেঁৱে স্ৰজিলে সমস্ত জগত
চোৱা,বেদ-পুৰাণ কোৰাণ-ভাগৱত।