আমি পানী কিয় খাব লাগে? – বন্দিতা শৰ্মা কন্দলি , দেৰগাঁও

pc-orissapost

আমি পানী কিয় খাব লাগে?

পানীয়েই প্ৰাণীৰ প্ৰাণ ।পানী অবিহনে কোনো জীৱ অৰ্থাৎ উদ্ভিদ আৰু প্ৰাণী জীয়াই থাকিব নোৱাৰে ।পিয়াহ লাগে বাবেই আমি পানী খাঁও নহয়নে বাৰু? আমি খোৱা পানীয়ে শৰীৰৰ ভিতৰত কেনেদৰে কাম কৰে জানো আঁহা! দেহৰ বিভিন্ন অংগৰ কাম কাজ সুচাৰুৰূপে চলিবৰ বাবে পানীৰ প্ৰয়োজন ।আমি খোৱা পানীৰ উপৰিও আমাৰ খাদ্যত যথেষ্ট পৰিমাণে পানী থাকে ।ফলমূল -শাক পাচলি, মাছ, মাংস, কণী, গাখীৰ আদি সকলোতে পানী থাকে ।পানীয়ে আমাৰ শৰীৰৰ উষ্ণতা বা দেহৰ তাপ স্বাভাৱিক ৰখাত সহায় কৰে ।আমাৰ শৰীৰটোৰ প্ৰায় 60% আৰু হৃৎপিণ্ড আৰু মগজুৰ প্ৰায় 70% ই পানী ।
আমাৰ শৰীৰৰ বিপাকীয় কাম -কাজ বোৰ স্বাভাৱিক গতিত চলিবৰ বাবে পানীৰ প্ৰয়োজন ।’বি’ ভিটামিন দেহত সৰবৰাহ হ’বলৈ পানীৰ দৰকাৰ শৰীৰৰ ভিতৰত সংঘটিত হোৱা ৰাসায়নিক প্ৰক্ৰিয়া কিছুমানৰ বাবেও পানীৰ দৰকাৰ ।পানীয়ে আমাৰ শৰীৰৰ পৰা অ লাগতীয়াল আৰু টক্সিন জাতীয় দ্ৰব্য বোৰ সহজে উলিয়াই পঠিয়াই ।খাদ্য দ্ৰব্য জীণ নিয়াবৰ বাবে আৰু খাদ্য নলীয়েদি খাদ্য দ্ৰব্য সহজে পাৰ হৈ যাবৰ বাবে ও পানীৰ প্ৰয়োজন ।যথেষ্ট পৰিমাণৰ পানীৰ অভাৱত বৃহদান্ত্ৰত খাদ্য দ্ৰব্যৰ গতিশীলতা কমি গ’লে কোষ্ঠকাঠিন্যৰ সৃষ্টি হয় ।শৰীৰত পানীৰ পৰিমাণ কমি গ’লে অৰ্থাৎ আমি পানী কমকৈ খালে শৰীৰৰ উত্তাপ বৃদ্ধি হয় ।ফলত শৰীৰত তেজৰ প্ৰবাহত বাধাৰ সৃষ্টি হোৱা, নিম্নচাপ আৰু হৃৎপিণ্ডৰ ধপধপনি বৃদ্ধি, আলস্যভাৱ বৃদ্ধি, মনোযোগ আৰু শাৰিৰীক শক্তি ৰ পৰিমাণ কমি যায় ।পানী কমকৈ খালে তেজত চেনীৰ পৰিমাণ বৃদ্ধি হয় ।উপযুক্ত পৰিমাণৰ পানীয়ে গাৰ ছাল মসৃণ (মিহি) আৰু উজ্জ্বল কৰি তোলে ।
আমাৰ মগজুৰ প্ৰায় 70% ই পানী আৰু যথেষ্ট পৰিমাণৰ পানী নাপালে মনোযোগ বিহীন হৈ অজ্ঞান হৈ পৰাৰ সম্ভাৱনা থাকে ।পানীয়ে কিডনি ৰ পৰা অলাগতীয়াল আৰু বিষাক্ত দ্ৰব্য বোৰ বাহিৰ হোৱাত সহায় কৰে ।পানীয়ে কিডনি ক সবল কৰি ৰাখে ।মুঠৰ ওপৰত পানী হ’ল আমাৰ শৰীৰৰ বাবে অতি উপযোগী উপকৰণ ।পানীয়ে শৰীৰৰ অন্তঃভাগ সজীৱ কৰি মন প্ৰফুল্লিত কৰি তোলে ।সেয়ে আমি সকলোৱে পানী উপযুক্ত পৰিমাণে খাব লাগে ।

বন্দিতা শৰ্মা কন্দলি । দেৰগাঁও । ফোন -8011850172