আমি ঘামো কিয় ?-বন্দিতা শৰ্মা কন্দলি

PC-Shutterstock

আমি ঘামো কিয় ?

মৰমৰ মইনাহঁত জুন মাহ অহাৰ লগে লগে আমি বেছিকৈ গৰম অনুভৱ কৰিছো নহয়নে বাৰু? গৰমত ঘামি – জামি থকাৰ বাবে ভাগৰ লগাৰ লগতে আকৌ ঘামচিৰ চিত্চিতনি আছেই! মুঠৰ ওপৰত গৰমৰ দিনবোৰ বৰ অসহ্য কৰ ! গৰমকালি আমাৰ গাৰ পৰা ঘাম কিয় ওলাই বাৰু? নাঘামো বুলি আমি নঘমাকৈ থাকিব পাৰিম নে ? নোৱাৰিম! কিয়নো ঘাম ওলোৱাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া। মানুহৰ শৰীৰত থকা ঘৰ্ম গ্ৰন্থি সমুহৰ পৰা ঘাম ওলায়। আমাৰ শৰীৰত প্ৰায় দুইৰ পৰা চাৰি নিযুত ঘাম ওলোৱা গ্ৰন্থি থাকে। এই গ্ৰন্থি সমুহক অটোনমিক নাৰ্ভাচ চিষ্টেমে নিয়ন্ত্ৰণ কৰে।
আমাৰ ছালৰ ত্বকখনৰ দুটি প্ৰধান স্তৰ থাকে। এটা হৈছে এপিডাৰ্মিছ আৰু আনটো হৈছে ডাৰ্মিছ । ডাৰ্মিছ ৰ তলত হাইপোডাৰ্মিছ নামৰ আন এক তৰপ আছে। এই তৰপ সমূহতে ঘৰ্মগ্ৰন্থি সমূহ থাকে। ঘৰ্মগ্ৰন্থি সমূহ হে ঘামৰ জৰিয়তে দেহত উৎপন্ন হোৱা অপ্ৰয়োজনীয় পদাৰ্থসমূহ ছালৰ ৰন্ধ্ৰৰে জুলীয়া ৰূপে বাহিৰলৈ উলিয়াই পঠিওৱা কে ঘাম ওলোৱা বুলি কোৱা হয়। শৰীৰৰ ছালৰ তলতেই থকা চুঙা আকৃতিৰ ঘৰ্মগ্ৰন্থি সমূহে ছালত থকা সৰু সৰু ৰন্ধ্ৰৰ মাজেৰে ছালৰ ওপৰলৈ ঘাম উলিয়ায় পঠিয়ায়।শৰীৰে নিৰ্দিষ্ট পৰিমাণতকৈ বেছি ঘাম বাহিৰ কৰি দিলেই পিন্ধি থকা কাপোৰ ঠায়ে ঠায়ে তিতি যায়। ঘামত তিতা কাপোৰ পিন্ধি থাকিব নালাগে। কেতিয়াবা ঘামৰ গোন্ধ ওলায়। এই ঘামে আমাৰ শৰীৰৰ তাপ নিয়ন্ত্ৰণ কৰে। সেয়ে ঘামি উঠাৰ পাছত অলপ ঠাণ্ডা অনুভৱ কৰোঁ।
বেছিকৈ ঘামিলে শৰীৰৰ পানী ভাগ কমি যায়। শৰীৰত পানীৰ সমতা অটুট ৰাখিবলৈ আমি উপযুক্ত পৰিমাণে পানী খাব লাগে। শৰীৰত পানীৰ অভাৱ হʼলে বহু ৰোগে আসৈ পায়। ঘামে আমাৰ শৰীৰৰ কেনে উপকাৰ সাধে চাওঁচোন – ঘামে আমাৰ শৰীৰৰ তাপমাত্ৰা নিয়ন্ত্ৰন কৰে, শৰীৰৰ পানী ভাগৰ সমতা অটুট ৰাখে,ত্বক আৰু ছালখনক আৰ্দ্ৰ (সেমেকা) কৰি ৰাখে,ৰোগৰ বীজাণু প্ৰতিৰোধ কৰে তাৰোপৰি এচিড আৰু খাৰৰ সমতা নিয়ন্ত্ৰণ কৰে।
আমি কেতিয়া ঘামো বাৰু! গাৰ পৰা ঘাম ওলোৱা কথাটো বতৰৰ ওপৰতো নিৰ্ভৰ কৰে। বতৰ গৰম হ’লে, কেতিয়াবা ‌বেছিকৈ ভয় খালে বা আৱেগজনিত কাৰণতো ঘামিব পাৰোঁ। ঠাণ্ডা বতৰ বা বৰষুণৰ বতৰত বতাহ বলি থাকিলে ঘাম উৎপন্ন নহয়।
ঘামৰ শতকৰা ৯৯ ভাগ পানী বাকী এভাগত থাকে লৱণ, এচিড,ইউৰিয়া, প্ৰ’টিন,এমোনিয়া আদি থাকে।কাষলতি আৰু উৰুসন্ধি অংশত থকা ঘৰ্মগ্ৰন্থিৰ পৰা নিৰ্গত হোৱা ঘামত লৱণ, এচিড, ইউৰিয়া আদি থকাৰ উপৰিও ইণ্ডোক্সিল, উদ্বায়ী ফেটি এচিড,হাইড্ৰোক্সিল এচিড থাকে। সেয়ে এই অঞ্চলৰ ঘামৰ গোন্ধ থাকে।গা ঘামি উঠাৰ পাছত পৰিস্কাৰ পানীৰে চাফা কৰিব লাগে। কোনো কাৰণতবসতঃ ছালৰ ৰন্ধ্ৰ সমুহ অৰ্থাৎ ঘৰ্ম ছিদ্ৰ বন্ধ হৈ যায় তেতিয়া ঘাম ওলাব নোৱাৰা হৈ ঘামচিৰ সৃষ্টি হোৱাৰ লগতে বীজাণুৰ সংক্ৰমণ ঘটি চৰ্ম ৰোগ হোৱাৰ সম্ভাৱনা থাকে। গতিকে গৰমৰ দিনত আমি আমাৰ ছালখন পৰিস্কাৰ কৰি ৰাখিব লাগে।

বন্দিতা শৰ্মা কন্দলি
দেৰগাঁও