আমি কোন দিশেৰ গতি কৰিছোঁ
পাহাৰী শইকীয়া, যোৰহাট
বৰ্তমান আমাৰ সমাজ ব্যৱস্থা কোন দিশেৰে গতি কৰিছে,আমি বাৰু কেতিয়াবা ভাৱি চাইচোনে?ধাৰাবাহিকভাৱে ইমানকৈ বিশিপ্ত ঘটনা বিলাক দিনে দিনে ঘটিবলৈ ধৰিছে এইবিলাক দেখি-শুনি মনবোৰ দেখোন ভাৰাক্ৰান্ত হৈ উঠে।যিখন ৰাজ্য সতী জয়মতী,মূলা গাভৰু আদি বীৰাংগণাৰ জন্ম ঠাই বুলি আমি জানোঁ আজি যেন এই পৱিত্ৰ অসম ভূমিত নাৰীয়ে নাৰীৰ সতীত্ব বিক্ৰী কৰিবলৈও কুণ্ঠাবোধ নকৰা হ’ল।একালত অতিথীপৰায়ণ তথা অতি অমায়িক জাতি হিচাপে নাম থকা আজি অসমীয়া সমাজ কেনি গ’ল।আমাৰ সমাজ ব্যৱস্থা ক্ৰমান্বয়ে যেন পংগু হ’ব ধৰিছে।মানৱতাৰ যেন চৰম স্খলন ঘটিছে।এক কলংক, এক উৎপীড়ন,এক মানসিক তথা শাৰিৰীক নিৰ্যাতনৰ লগতে যৌন নিয্যাতনৰো বলি হ’বলগীয়া হৈছ এচাম শিশু।যৌন উৎপীড়নৰ দৰে জঘন্য ঘটনাই হেৰুৱাই পেলাইছে মানৱতাবোধ।সামাজিক ব্যৱস্থাটোত যেন ক্ৰমান্বয়ে কেৰুণ ধৰিছে।সঁচা হৃদয়ৰ সুকোমল অনুভূতিবোৰ যেন আজি হেৰাই যাব ধৰিছে মানুহৰ হৃদয়ৰ পৰা।কাৰ কি স্বাৰ্থ আছে আমি যেন একো নাজানো মাত্ৰ হত্যা,এক বিভেষীকাৰ প্ৰয়োভৰ সকলোতে।মানৱীয় প্ৰমূল্যসমূহক আঘাট হানি সমাজখনক কুলষিত কৰিছে এচাম নিকৃষ্ট মনৰ মানুহে তথা উচ্চশিক্ষিত লোকে।সমাজ জীৱনত তাৰ প্ৰভাৱ কেনে বিষম ৰূপত পৰিছে তাক নকৈ কোৱাৰ প্ৰয়োজন নাই।মানুহৰ সামাজিক আচৰণ তথা সামাজিক সম্বন্ধ বিলাক যেন আজি পশুতকৈয়ো অধম হৈছে।জীৱশ্ৰেষ্ঠ মানৱৰ দ্বাৰাই আজি বদনাম হৈছে মানৱ জাতি।