আমি কিমান সচেতন ?- নন্দেশ্বৰ মিলি

pc The Conversation

আমি কিমান সচেতন ?

আমি নিজকে লৈ কিমান সচেতন?সেই বিষয়ে আমি আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছে।কিয়নো আজি আমি নিজে সচেতন নোহোৱাৰ বাবে বিভিন্ন সমস্যাত ভুগি থ‍াকিবলগীয়া হৈছে।

আমি সচেতন নোহোৱাৰ বাবে বিভিন্ন শাৰীৰিকগত সমস্যাত ভুগি থাকোঁ।শৰীৰ বা দেহৰ প্ৰতি কোনো সচেতন হৈ যতন নোলোৱাৰ বিভিন্ন সময়ত ৰোগে ভাৰাক্ৰান্ত কৰে।গতিকে সচেতনতাৰ অভাৱে আমাক বিভিন্ন শাৰীৰিকগত বিভিন্ন বেমাৰৰ বাহক বুলিব পাৰি।

সচেতনতাৰ অভাৱৰ ফলত আমাৰ বিভিন্ন সমস্যাৰ উদ্ভৱ হয়।অৰ্থনৈতিক,সামাজিক তথা অন্যান্য এশ-একুৰি সমস্যাৰ সৃষ্টি হয়।আমি উপাৰ্জনৰ কিছু অংশ ভৱিষ্যতলৈ সাঁচি ৰাখিব লাগে বুলি নজনাৰ বাবে আমি যিমান উপাৰ্জন কৰোঁ তাৰ সকলোখিনিকে ব্যয় কৰি পেলাও।তাৰ ফলত আমাৰ ভৱিষ্যৎ জীৱন সুৰক্ষিত নহয়।ঠিক তেনেকৈ বিজ্ঞানসন্মত চিন্তাধাৰাবোৰ গ্ৰহণ নকৰাৰ বাবে আজিৰ সমাজতো কু-সংস্কাৰ,অন্ধবিশ্বাস আদিৰ দৰে ব্যাধিসমূহ বৰ্তি আছে। আমি নিজৰ জীৱনটোক লৈ সচেতন নোহোৱাৰ বাবে অখাদ্য,ড্ৰাগছ আৰু অনান্য বিষাক্ত দ্ৰব্যসমূহ সেৱন কৰি আহিছোঁ।আমি সচেতন নোহোৱা বাবে দ্বন্দ্ব-খৰিয়াল,বিচ্ছেদ,হাই-কাজিয়া, দুৰ্নীতি,অপহৰণ,ধৰ্ষণ,ব্যাভিচাৰ আদিৰ দৰে কৰ্মসমূহত লিপ্ত হৈ সমাজৰ শান্তি-শৃংখলা ভংগ কৰিছোঁ।বিভিন্ন জাত-পাত, ধৰ্ম, খোৱা-বোৱা,উপাসনাক লৈ খোৱা-কামোৰা কৰিছোঁ।মুঠতে আমাৰ তেনে সমস্যাসমূহৰ মূল কাৰক হৈছে আমাৰ অসচেতনতাৰ জীৱন-প্ৰণালী।

সচেতন হোৱা পিতৃ-মাতৃৰ সন্তানবোৰো সকলো দিশতে আগবাঢ়ি থকা দেখা যায়।তেওঁলোকে নিজৰ সন্তানৰ বিকাশ, সমস্যা,প্ৰয়োজনীয়তা ইত্যাদি সকলো দিশৰ প্ৰতি নজৰ দিব পাৰে।তেনে সচেতনতাই সন্তানৰ বিকাশত ধনাত্মক প্ৰভাৱ পেলায়।

যিবোৰ লোকে নিজৰ সবলতা-দুৰ্বলতা সন্দৰ্ভত সচেতনতা থাকে; তেওঁলোকে সকলো দিশতে আগবাঢ়ি যাবলৈ সুযোগ লাভ কৰিব পাৰে।কিয়নো নিজৰ দুৰ্বলতা জনাৰ ফলত তাক সবল আৰু শক্তিশালী কৰি তুলিবৰ বাবে প্ৰচেষ্টা চলাব পাৰে। ঠিক তেনেকৈ নিজৰ সবলতা জনাৰ ফলত সেই দিশত খাপ খোৱা কাম বা বৃত্তি এটা বাছি ল’ব পাৰে।তাৰ ফলত তেওঁ সকলো দিশতে আগৱাঢ়ি যোৱাৰ এটা সুযোগ লাভ কৰিবলৈ সক্ষম হয়।

জাগি শুবা,বাছি খাবা বুলি আমাৰ অসমীয়াত এষাৰ কথা আছে।হয় কথাটি সত্য আৰু বাস্তৱিক।কিয়নো যিসকল লোকে নিজে সদা-সৰ্তক হৈ চলিব জানে তেওঁ কোনোদিনে বিপদত নপৰে।তেনে লোকসকল সকলোপিনে চকু-নাক,কাণ আদি সজাগ হৈ থাকে।

সচেতনতাই জীৱন সফলতাৰ এক বাট মুকলি কৰিব পাৰে। তেনে সচেতনতাই জীৱনটোক কেনেকৈ আগুৱাই নিব,তাৰ বাবে কি পথ অৱলম্বন কৰিব লাগিব ইত্যাদিৰ দৰে কথা-বতৰাবোৰ মনত উদয় ঘটাব।সচেতনতাই নতুন চিন্তা আৰু নতুন কৰ্ম কৰিবলৈ অনুপ্ৰেৰণা যোগাব।

সচেতনতাই জীৱনটোক সঠিক পথ আৰু খোজ দেখুৱাই দিব। তেনে সচেতনাই জীৱনত যিবোৰ কৰ্ম ভুল বুলি ভাবে তাৰপৰা আঁতৰি অহাত আৰু যিবোৰ কৰ্ম কৰাটো বাঞ্চনীয় বুলি ভাবিব তাক দুগুণ উৎসাহেৰে কৰিবলৈও উৎসাহিত কৰিব।

জীৱনত বিভিন্ন সমস্যা থাকেই।আমি বিভিন্ন সময়ত বিভিন্ন সমস্যাৰ মুখামুখি হ’বলগীয়া হয়।সেই সমস্যাবোৰ আমি এৰাই চলাটোও সম্ভৱপৰ নহয়।অৱশ্যে এনে সমস্যাবোৰ সাহসেৰে সম্মুখীন হৈ সমাধা কৰাৰ জৰিয়তে জীৱনৰ প্ৰকৃত মাদকতা উপলব্ধি কৰিবলৈ সক্ষম হ’ব পাৰে।গতিকে তেনে সমস্যাবোৰৰ প্ৰতি সচেতন হ’লে আমি সম্মুখীন হোৱা সময়ত হৈ-চৈ কৰাৰ বিপৰীতে তাৰ মাজতে লুকাই থকা সমাধানৰ পথটো বাচি ল’বলৈ সক্ষম হ’ব পাৰে।তাৰ ফলত আমাৰ জীৱনটো ঊৰ্ধ্বমুখী গতি লাভ কৰিবলৈ সুযোগ পাব।

সেয়ে সচেতনতাই জীৱনৰ উন্নতি আৰু সুৰক্ষিত হোৱাৰ গুৰুত্বপূৰ্ণ চৰ্ত বুলি ক’লেও হয়তো বঢ়াই কোৱা নহ’ব।গতিকে আমি জীৱনৰ প্ৰতি মূহুৰ্ততে সচেতনতাৰে প্ৰতি খোজ আগবঢ়াবৰ বাবে সাজু থাকিবলৈ শিকা উচিত।

নন্দেশ্বৰ মিলি
টীয়ক,যোৰহাট