আমি কিমান অন্ধবিশ্বাসৰ বলি হ’ম? – নাছিৰ আহমেদ

আমি কিমান অন্ধবিশ্বাসৰ বলি হ’ম?
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
আধুনিক সৌৰ-কেন্দ্ৰিক গ্ৰহ-গতি তত্ত্বৰ পিতৃ ক’পাৰ্নিকাছ (১৪৭৩-১৫৭৪), জ্যোতিৰ্বিজ্ঞানী জ’হান কেপলাৰ ( সোতৰ শতিকাৰ আৰম্ভণিৰ) আৰু ১৬০৯ চনত ইটালীৰ গেলিলিয়ে দূৰবীক্ষণ যন্ত্ৰ আৱিষ্কাৰ কৰি  এই তিনি গৰাকী বিজ্ঞানীয়ে পুৰণি ধৰ্মীয় ধাৰণা নস্যাৎ কৰি উপবৃত্তাকাৰ গ্ৰহ পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰা বুলি প্ৰমাণ কৰিছিল।সোতৰ শতিকাতেই আধুনিক বিজ্ঞানৰ পিতৃ-পুৰুষ আইজাক নিউটনে বল বিদ্যাৰ তিনিটা সূত্ৰ আবিষ্কাৰ কৰি প্ৰমাণ কৰি দেখুৱাইছিল যে, পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ দ্বাৰা আকাশত ভ্ৰমণ কৰা গ্ৰহ -নক্ষত্ৰ আৰু গছৰ পৰা আপেল পতন হোৱা বা শিল নিক্ষেপ কৰিলে পৃথিৱীত ভূপতিত হোৱা আদি কাৰ্য্য নিয়ন্ত্ৰিত হৈ আছে। গতিকে আকাশত পৰিভ্ৰমণ কৰা গ্ৰহাদি কোনো স্বৰ্গীয় শক্তিৰ (Divine) দ্বাৰা পৰিচালিত নহয়।বৈজ্ঞানিক আইনষ্টাইনে আপেক্ষিকতাবাদৰ সূত্ৰৰ(Law of Relativity)দ্বাৰা প্ৰমাণ কৰিলে যে পৃথিৱীত চৰম সত্য বুলি একো বস্তু নাই ; সকলো আপেক্ষিক ভাবে সত্য । যি কোনো সত্যতা নিৰ্ভৰ কৰে সময় (Time) আৰু স্থান (Space) অনুযায়ীহে। পৰমাণু বিজ্ঞানৰ পিতৃ-পুৰুষ ৰাডাৰ ফোৰ্ডে বস্তুৰ সূক্ষ্মাতিসূক্ষ্ম অণু পৰমাণুৰ ধৰ্ম – বৈশিষ্ট্য আৱিষ্কাৰ কৰি বস্তু সম্পৰ্কে স্পষ্ট ধাৰণা দিছিল।উইলিয়াম হাৰ্ভে শৰীৰৰ তেজ চলাচল কৰা পদ্ধতি আৱিষ্কাৰ কৰে। পৰৱৰ্তী বহুত বৈজ্ঞানিকে বিভিন্ন ধৰণৰ ন ন আৱিষ্কাৰ কৰি চিকিৎসা শাস্ত্ৰৰ অভূতপূৰ্ব সাফল্যৰ চৰম শিখৰত উত্তৰণ কৰে।এনেদৰেই সোতৰ শতিকাৰ আৰম্ভণিৰ পৰাই বিজ্ঞানৰ আৱিষ্কাৰ ধাপে ধাপে আগবাঢ়ি পৃথিৱীৰ বুকুত থকা সকলো ঘটনাৰ অন্তৰালত থকা মূল কাৰণসমূহ বিজ্ঞানাগাৰত পৰীক্ষা -নিৰীক্ষাৰ দ্বাৰা প্ৰমাণ কৰিবলৈ সক্ষম হৈছে।যাৰ ফলত সোতৰ শতিকাতেই ইউৰোপ তথা পাশ্চাত্য দেশসমূহত বৈজ্ঞানিক মানসিকতা গঢ়ি উঠিছিল। কিন্তু কাৰণত আমাৰ দেশ ভাৰতবৰ্ষত দেশৰ প্ৰায় সকলোৱেই এতিয়াও বৈজ্ঞানিক মানসিকতা গঢ়ি উঠাৰ পৰিৱৰ্তে কু-সংস্কাৰ, অন্ধবিশ্বাসৰ বলি হৈ আছে।কোনো মানুহ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হ’লে তাৰ মূল কাৰণ নজনাকৈ কোনো ভূত-প্ৰেত বা অশৰীৰী আত্মাৰ দ্বাৰা আক্ৰান্ত হোৱা বুলি বিশ্বাসত লৈ ৰোগীক জৰা-ফুকা , তন্ত্ৰ -মন্ত্ৰৰ দ্বাৰা চিকিৎসা কৰি ৰোগ উপশম কৰিবলৈ বিচৰা হয়।অথচ ভূত -প্ৰেত বা অশৰীৰী আত্মাৰ কোনো অস্তিত্ব নাই ; এয়া এক অন্ধবিশ্বাসহে। কেতিয়াবা আকৌ ৰোগীক কোনো শত্ৰুয়ে বান বা মন্ত্ৰ মাৰি ৰোগগ্ৰস্থ কৰা বুলি বিশ্বাস কৰি ওজা বা কবিৰাজৰ দ্বাৰা বান বা মন্ত্ৰ কটাৰ কথাও হাস্যজনক।বিশেষকৈ,পক্ষাঘাত ৰোগ বা কাকো সৰ্প দংশন কৰিলে আধুনিক চিকিৎসাৰ দ্বাৰা আৰোগ্য অসম্ভৱ বুলি অন্ধবিশ্বাস আমাৰ সমাজত প্ৰচলিত হৈ আছে।অথচ, একমাত্ৰ বিষাক্ত সাপে কাকো দংশন কৰিলে কোনো কবিৰাজে জৰা- ফুকা , তন্ত্ৰ -মন্ত্ৰৰ দ্বাৰা কেতিয়াও আক্ৰান্ত ব্যক্তিক আৰোগ্য কৰিব নোৱাৰে ; আধুনিক চিকিৎসাৰ দ্বাৰাহে এয়া সম্ভৱ।আগৰ দিনত সমাজত সংক্ৰামক ৰোগ ( যেনে – কলেৰা, বসন্ত আদি) বা কোনোবা ব্যক্তি সংক্ৰামক ৰোগৰ দ্বাৰা আক্ৰান্ত হলে গোটেই গাঁৱখন বা ব্যক্তিজনৰ সৰ্বশৰীৰ  কবিৰাজে মন্ত্ৰৰ দ্বাৰা বন্ধ কৰি এই ৰোগৰ পৰা সকলোকে ৰক্ষা কৰিব বিচাৰিছিল । তদুপৰি গাঁৱত পূজা – প্ৰাৰ্থনা, সবাহ পালন কৰিছিল।আধুনিক চিকিৎসাৰ দ্বাৰা এই সংক্ৰামক ব্যাধি নিৰ্মূল হোৱাৰ পথত ।তথাপি এতিয়াও আমাৰ দেশত ৰোগৰ পৰা ৰক্ষা পাবলৈ নানা তাবিজ -মাদুলি ব্যৱহাৰ কৰা দেখা যায়।আমাৰ দেশৰ বেছিভাগ মানুহেই ৰাশিফল, ভাগ্য গণণাত বিশ্বাসী। অথচ যিবোৰ নক্ষত্ৰৰ দ্বাৰা আমাৰ ৰাশি নিৰ্ণয় হয়  বা ভাগ্য নিৰ্ণয় হয় বুলি বিশ্বাস কৰা হয়, সেয়া অবিজ্ঞান-সন্মত। কাৰণ, বিজ্ঞানী সকলে আৱিষ্কাৰ কৰিছে যে, একমাত্ৰ আমাৰ নিচেই ওচৰত থকা পৃথিৱীৰ উপগ্ৰহ চন্দ্ৰই হে সাগৰৰ জোঁৱাৰ – ভাটাত ক্ৰিয়া কৰে ; ইমান কোটি কোটি পোহৰ বৰ্ষৰ দূৰৰ নক্ষত্ৰৰ দ্বাৰা মানুহৰ ভাগ্য নিৰ্ণয় অসম্ভৱ। গতিকে কোনো অশুভ শক্তিৰ পৰা ৰক্ষা পাবলৈ হাতৰ আঙুলিত নানা ধাতুৰ আঙঠি পিন্ধা যুক্তিহীন।কাকতালীয় ভ্ৰান্তি( Fallacy) বুলি যুক্তি বিজ্ঞানত ( Logic) এষাৰ কথা আছে। অৰ্থাৎ কাক বা কাউৰীয়ে মাতিলে গছৰ পৰা তালো পৰিল। ঘৰত আহি নতুন বোৱাৰীৰ প্ৰৱেশ ঘটিল শহুৰেকৰ বা স্বামীৰ মৃত্যু হ’ল। তেতিয়া ন বোৱাৰী জনীক দায়ী কৰা হয়। এয়া সম্পূৰ্ণৰূপে অন্ধবিশ্বাসৰ বাহিৰে একো নহয় । আচলতে হয়তো উক্ত শহুৰেক বা স্বামী গৰাকী আগৰ পৰাই জটিল ৰোগত আক্ৰান্ত হৈ আছিল।আমাৰ সমাজত ভূতে লম্ভা বুলি এষাৰ কথা আছে। কোনো এজন ব্যক্তিয়ে নানা প্ৰলাপ বকিলেই ভূত -প্ৰেত বা অশৰীৰী আত্মাৰ দ্বাৰা আক্ৰান্ত হোৱা বুলি কোৱা হয় আৰু ওজাক মাতি জৰা -ফুকা কৰা হয়। আধুনিক চিকিৎসাবিজ্ঞানী ডঃ ফ্ৰয়েডে মানুহৰ মনৰ তিনিটা স্তৰ আৱিষ্কাৰ কৰি আমাৰ অৱচেতন মনত নানা আবেগ, অনুভূতি বা অৱদমিত কামনা -বাসনাই কেতিয়াবা অনিয়ন্ত্ৰিত হৈ এজন মানসিক বিকাৰ-গ্ৰস্থ হৈ নানা ধৰণৰ অস্বাভাৱিক আচৰণ,প্ৰলাপ বকা আদি কৰা দেখা যায় । গতিকে এনে ৰোগীক জৰা-ফুকা তন্ত্ৰ -মন্ত্ৰৰ দ্বাৰা চিকিৎসা নকৰি মানসিক ৰোগৰ চিকিৎসা কৰা উচিত।আমাৰ সমাজত আমি এতিয়াও কু-সংস্কাৰ আৰু অন্ধবিশ্বাসৰ দ্বাৰা পৰিচালিত হৈ আছোঁ।আমি সকলোৱে ভৱা উচিত সকলো ঘটনাৰ অন্তৰালত এটি বাস্তৱ-সন্মত কাৰণ থাকে  No action without any immediate cause.( Law of causality) আৰু যিকোনো বাস্তৱ ঘটনাৰ লগত বাস্তৱ পৰিস্থিতি জড়িত থাকে। কোনো অলৌকিক শক্তিৰ দ্বাৰা কোনো ঘটনা সংঘটিত হ’ব নোৱাৰে।অথচ , আমাৰ সমাজ এতিয়াও নানা অন্ধবিশ্বাসৰ দ্বাৰা নিয়ন্ত্ৰিত বা পৰিচালিত হৈ আছে।ডাইনী হত্যা আমাৰ সমাজৰ অন্ধবিশ্বাসৰ এক মাৰাত্মক কুফল। আমাৰ উচ্চ শিক্ষিত ব্যক্তি সকলে সন্মুখত ক’লা মেকুৰী দেখিলে গাড়ী ৰখাই দিয়া অন্ধবিশ্বাসৰ বাহিৰে একো নহয়।আমি কিমান অন্ধবিশ্বাসৰ বলি হ’ম? আমাৰ দেশেও বিজ্ঞানৰ ন ন আৱিষ্কাৰ আৰু বৈজ্ঞানিক পৰীক্ষা -নিৰীক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে যদিও এতিয়াও দেশৰ জনসংখ্যাৰ অধিকাংশই বৈজ্ঞানিক মানসিকতা গঢ়ি তুলিবলৈ সক্ষম হোৱা নাই।এই ক্ষেত্ৰত সকলোৱে আগবাঢ়ি অহা উচিত।