আমি এতিয়াও শিৱসেনাত আছোঁ, সোনকালেই মুম্বাইলৈ উভতি যাম: চিন্দে
ৰঙিলী বাৰ্ত্তাসেৱা- মহাৰাষ্ট্ৰত চলি থকা ৰাজনৈতিক সংকটৰ মাজতে মঙলবাৰে আন বিদ্ৰোহী বিধায়কসকলৰ সৈতে গুৱাহাটীৰ এখন হোটেলত শিবিৰ পাতি থকা বিদ্ৰোহী শিৱসেনাৰ নেতা একনাথ চিন্দেয়ে কয়, “আমি সোনকালেই মুম্বাইলৈ উভতি যাম।” “আমি শিৱসেনাত আছো, আমি শিৱসেনাক আগুৱাই লৈ গৈছো। ইয়াত কোনো সন্দেহ থাকিব নালাগে,” চিন্দে সংবাদ মাধ্যমৰ লোকসকলৰ সৈতে হোৱা বাৰ্তালাপত কয়।