’আমি ইমানদিনে কিতাপৰ লাইব্ৰেৰী দেখি আহিছিলো, কিন্তু টকাৰ লাইব্ৰেৰী দেখা নাছিলোঁ’- এই বক্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাৰ

’আমি ইমানদিনে কিতাপৰ লাইব্ৰেৰী দেখি আহিছিলো, কিন্তু টকাৰ লাইব্ৰেৰী দেখা নাছিলোঁ’- এই বক্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ঝাৰখণ্ডৰ কংগ্ৰেছ দলৰ সাংসদৰ ঘৰৰ পৰা উদ্ধাৰ কৰা কলা ধনৰ প্ৰতিবাদত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ নেতৃত্বত আদাবাৰীস্থিত অটল উদ্যানৰ পৰা এটি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। উক্ত অনুষ্ঠানত সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পবিত্র মাৰ্ঘেৰিটা,ভাৰতীয় জনতা পাৰ্টি গুৱাহাটী মহানগৰ জিলাৰ সভাপতি তপন চন্দ্ৰ দাস, পৌৰপতি মৃগেন শৰণীয়া, জি.এম.ডি.এৰ উপাধ্যক্ষ মুকুতা ডেকা, এ.এম.এণ্ড.ডিৰ উপাধ্যক্ষ অশোক কুমাৰ ভ‌ড়ালী, ৰাজ্যিক মুখপাত্ৰদ্বয় জুৰী শৰ্মা বৰদলৈ আৰু ৰত্না সিঙ লগতে সমূহ বিষয়ববীয়া, প্ৰতিটো মৰ্চাৰ সমূহ কাৰ্য্যকৰ্তা, মণ্ডল সমূহৰ সমূহ কাৰ্য্যকৰ্তা, পাৰিষদ সকল আৰু প্ৰতিগৰাকী জন প্ৰতিনিধি তথা প্ৰতিটো স্তৰৰ প্ৰতিগৰাকী কাৰ্য্যকৰ্তা আৰু সহস্ৰ ৰাইজ উপস্থিতি থাকে ।
ঝাৰখণ্ডৰ কংগ্রেছী সাংসদ ধীৰাজ চাহুৰ বাসগৃহত ২০০ কোটিতকৈয়ো অধিক নগদ টকা উদ্ধাৰৰ ঘটনাৰ প্ৰতিক্রিয়া প্রকাশ কৰি কয় যে কংগ্রেছে এনেকৈয়ে দেশখন লুটি আহিছে। এই টকা কৰ পৰা আহিছে এই প্ৰশ্নৰ উত্তৰ কংগ্ৰেছে দিব লাগিব। সকলো ক্ষেত্ৰতে ইডিৰ জেৰাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা কংগ্ৰেছে এই অবৈধ ধনৰ সৈতে দলটোৰ সম্পৰ্ক যে আছে সেয়া গাপ দিবলৈ বিচাৰিছে। এই ঘটনাক আমি ধিক্কাৰ দিছোঁ আৰু অধিক জেৰা কৰিবলৈ দাবী জনাইছোঁ। লগতে সকলো কংগ্ৰেছ সাংসদক জেৰা কৰিবলৈয়ো কলিতাই দাবী উত্থাপন কৰে। দুর্নীতিত লুতুৰী-পুতুৰী হোৱা কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে ইণ্ডি এলায়েন্স গঠন কৰি দুৰ্নীতিৰ বিৰুদ্ধে শ্ল’গান দিয়ে।কলিতাই পুনৰ কয় যে কংগ্ৰেছে সদায় নিজৰ পকেটৰ কথা চিন্তা কৰে। কংগ্ৰেছ যিহেতু মাষ্টাৰ ট্ৰেইনাৰ, সেয়ে বিধায়ক-সাংসদ আৰু জনতাক ক্ৰয় কৰিবলৈ এই অবৈধ ধন তেওঁলোকে লগত ৰাখিছিল। এনেকুৱা ভ্রষ্টাচাৰী আৰু দুর্নীতিগ্রস্ত দলক লোকসভা নির্বাচনত ৰাইজে যে এক শিক্ষা দিব সেয়া নিশ্চিত। নৰেন্দ্ৰ মোদী যে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হ’ব সেয়াও এশ শতাংশই শুদ্ধ। বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ কংগ্রেছক বাহিৰৰ শক্তিয়েও ধনৰ যোগান ধৰে বুলি ৰাইজৰ মুখে মুখে চলি অহা বুলিও তেখেতে মন্তব্য কৰে। আনহাতে ইণ্ডি এলায়েন্সক সমালোচনা কৰি শ্ৰী কলিতাই কয়, তেওঁলোকক ক্ষমতা লাগে একমাত্ৰ ৰাইজক শোষণ কৰিবলৈহে। জনতাই শোষণ কৰিবলৈ কেতিয়াও ক্ষমতা প্ৰদান নকৰে। সেয়েহে নৰেন্দ্ৰ মোদীক ৰাইজে ক্ষমতাক বহুৱাই ৰাখিছে।