আমি আৰু আমাৰ চৌপাশৰ গণিত – বন্দিতা শৰ্মা কন্দলি

Pc education Times

আমি আৰু আমাৰ চৌপাশৰ গণিত 

দৈনন্দিনৰ জীৱন যাত্ৰা বিজ্ঞান অবিহনে পঙ্গু। গণিত অবিহনে বিজ্ঞানে বিকাশৰ পথ নেদেখে। দাৰ্শনিক ৰʼজাৰ্চ বেকনৰ মতে ” বিজ্ঞানৰ আটাইবোৰ শাখাৰ দুৱাৰ মুকলি কৰে গণিতে” সেয়ে গণিতক “বিজ্ঞানৰ ৰাণী ” বুলি কোৱা হয়। মানৱ সভ্যতাৰ অগ্ৰগতিত যি যুক্তি সংগত আৰু সু সংহত চিন্তা ধাৰা সেই পদ্ধতিগত চিন্তা ধাৰা ৰ মাজতেই সোমাই আছে গণিত মানসিকতা। গণিত মানসিকতাই সামাজিক শৃংখলা,বিশ্বি- ব্ৰহ্মাণ্ডৰ সত্যৰ উদ্ঘাটন ৰ বাবে পদ্ধতি,যুক্তি গত চিন্তা আৰু কৰ্মকুশলতাক বুজায়।
মানৱ সভ্যতাৰ ক্ৰমবিকাশৰ লগে লগেই সংগোপনে গাণিতিক ধাৰণা মানুহৰ মনত সঞ্চাৰিত হৈছিল। বিশেষকৈ আৰ্হি বা আকৃতিৰ ধাৰণা,গণনাৰ সুবিধাৰ বাবে সংখ্যাৰ ধাৰণা আৰু জোখ মাখৰ ধাৰণা। মানুহৰ দৃষ্টিভংগী ত অভূতপূৰ্ব প্ৰভাৱ পৰিল।মানুহে প্ৰকৃতিক নিৰীক্ষণ কৰিবলৈ ধৰিলে।বুজি উঠিল প্ৰকৃতিয়ে গণিতৰ মাধ্যমেৰে সৃষ্টিৰ পাতনি মেলিছে। পৃথিৱীৰ আৱৰ্তন আৰু পৰিভ্ৰমণ, সূৰ্যৰ উত্তৰায়ন আৰু দক্ষিণায়ন ,উদয়- অস্ত, গ্ৰহ বোৰৰ গতিপথ, গতিবেগ আদি সকলোৱে এক বিশেষ বিশেষ গাণিতিক নিয়মৰ মাজত আৱদ্ধ। আৰু মানুহ হৈ পৰিল প্ৰকৃতিৰ নিজস্ব বিদ্যালয়ৰ একোজন নিষ্ঠাবান ছাত্ৰ। পশু -পক্ষী,কীট পতংগৰ জীৱন ধাৰণ প্ৰণালী লক্ষ্য কৰিয়েই মানুহৰ মনত গাণিতিক ধাৰণা ৰ উদ্ৰেক হৈছিল। পৰুৱাই সৰু সৰু দুটা গোটৰ মাজত ডাঙৰ সৰু নিৰ্ণয় কৰিব পাৰিছিল। মকৰাৰ জালখন সদৃশ সুষম বহুভুজেৰে গঠিত। মকৰাৰ জালখন ৰ গণিত বিচাৰ কৰিলে দেখা পাওঁ মকৰাই প্ৰথমে এটা সৰল চতুষ্কোণৰে জাল গোঁঠা আৰম্ভ কৰে। তাৰ পাছত দুডাল কৰ্ণৰে চতুষ্কোণতোক চাৰিটা ত্ৰিকোণত ভাগ কৰি লয়।কৰ্ণদুডালে কটা-কটি কৰা বিন্দুৰ পৰাই মকৰাৰ জাল গোঠা আৰম্ভ হয় আৰু গোটেই চতুষ্কোণটো আগুৰি লয়। সেইদৰে মৌচাক খনৰ কোষবোৰ ষড়ভূজ আকৃতিৰ। চৰাইৰ বাহ সজা ক্ষেত্ৰত সমমিতি জ্ঞান ব্যাপ্ত। তাৰোপৰি চৰায়ে বক্ৰৰেখাৰ অৰ্থাৎ বক্ৰ পথত কৈ সৰল ৰৈখিক গতিত কম দূৰত্ব অতিক্ৰম কৰিব লগা টো ধাৰণা কৰিব পাৰিছিল। পশু-পক্ষী ৰ ক্ষেত্ৰত মন কৰিবলগীয়া কথাটো হ’ল ইহঁতৰ নথকা এটা অতিৰিক্ত গুণ “কলা-মানসিকতা” মানুহৰ আছে। সেয়ে পশু -পক্ষী, কীট পতংগৰ পৰা গাণিতিক ধাৰণাৰ উদ্ৰেক হোৱা মানুহে চিন্তা শক্তি, নতুন সৃষ্টিৰ আনন্দ আৰু সৌন্দৰ্য বোধৰ জৰিয়তে সভ্যতাৰ শিখৰত উপনীত হ’ব পাৰিছে।
আমি সুক্ষ্ম ভাবে চিন্তা কৰি চালে দেখিম যে প্ৰতিটো শিশুৱেই মাতৃভাষা ক’বলৈ আৰম্ভ কৰাৰ লগে লগে স্বতঃস্ফুট ভাবে গণিতৰ ব্যৱহাৰ কৰিবলৈ শিকে। উদাহৰণ স্বৰূপে নেওতাৰ জ্ঞান আহৰণ নকৰাকৈ এজন শিশুক বিস্কুট এটা দিলে তেওঁ আৰু এটা বা “দুটা লাগিব”আদি ক’বলৈ শিকে ।শিশুৱে ভাল পোৱা বস্তু এটা পালে আন কোনোৱে যদি সেই বস্তুটো বিচাৰে তেতিয়া শিশুটোৱে লুকুৱাই ৰাখি খালী হাত দেখুৱাই দিয়ে। ইয়াৰ পৰা অজানিতে বিয়োগৰ ধাৰণা আহি পৰিছে।
গতিকে দেখা যায় গণিত শিক্ষা এক সুকীয়া শিক্ষা বুলি ভাবি থকাৰ কোনো অৱকাশ নাই।গণিতৰ ইতিহাসত চকু ফুৰালে দেখা যায় যে গণিত শিক্ষাৰ মুখ্য আকৰ্ষণ হৈছে ইয়াৰ কাৰ্যকৰী উপকাৰিতা। গণিতৰ জ্ঞান ছাত্ৰ ছাত্ৰীৰ যিমানেই স্পষ্ট আৰু নিৰ্দিষ্ট হয়, চিন্তা শক্তি ও স্বাভাবিকতে সিমানেই গভীৰ হয়। প্ৰাথমিক পৰ্যায়ত গণিত শিক্ষাৰ এটা প্ৰধান উদ্দেশ্য হ’ল শিশুৱে ঘৰত, বিদ্যালয়ত আৰু সামাজিক জীৱনত সন্মুখীন হোৱা সাংখ্যিক আৰু বিশেষ সমস্যাৱলী কিছুমান শুদ্ধ আৰু দ্ৰুত গতিত সমাধান কৰাত সমৰ্থবান কৰি তোলা।
গণিতৰ মেজিক , কৌতুক বা কাব্যিকতাই গণিতক ৰসাল আৰু সৌন্দৰ্যতা প্ৰদান কৰে।যেনে – ফুৰি ফুৰি গৈ পালোঁ এখন দলং।
এপাহ ফুল পানীত পেলাই এজনে দিলে পতং।
ফুলপাহ ১মিনিতত 40 ছে:মি: গ’ল। ৫ মিনিটত কিমান দূৰ?
ছাত্ৰ ছাত্ৰীৰ উপস্থিত বুদ্ধি বিকাশৰ মৌখিক – এজোপা গছত দুই ডজন চৰাই পৰি আছিল। এজন চিকাৰীয়ে তাৰে দুটা চৰাই গুলীয়াই হত্যা কৰিলে ।গছৰ ডালত কেইটা চৰাই পৰি ৰʼল ।
স্মৰণ শক্তি বৃদ্ধি কৰা গণিত –
১)৪০ৰ লগত কিমান যোগ কৰিলে ৭০ হ’ব?
২) ৩২ কোন সংখ্যাৰ আধা ? আদি
গণিতৰ ব্যৱসায়ৰ -গ্ৰহাদি গণনা,বিয়া বাৰু ৰ কাল নিৰূপন, মানুহৰ সুখ -দূখৰ গণনা কৰা কাৰ্য আদি এই শ্ৰেণীৰ অন্তৰ্গত।
মুঠৰ ওপৰত গণিত বিষয়টো ছাত্ৰ ছাত্ৰীৰ প্ৰিয় বিষয় হ’ব পাৰে যদিহে গণিতক ভাল পাবলৈ শিকে! যিহেতু গণিত আমি মুখস্থ গাব নালাগে, গণিতত বানান ভুল হোৱাৰ আশংকা নাথাকে। গণিত শিক্ষণৰ দ্বাৰা শিশুক বস্তুনিষ্ঠতা , যৌক্তিক দৃষ্টিভংগী যুক্তি দৰ্শাই কৰা চিন্তনৰ সমৰ্থতা ,সত্য বিচাৰ , সৌন্দৰ্য বোধৰ প্ৰতি ৰাপ আৰু চিনাক্তকৰণ আদি গুণেৰে প্ৰভাৱান্বিত কৰাব পাৰি। ই হ’ল মানৱ জীৱনৰ তৃতীয় চক্ষু।

সহায়ক গ্ৰন্থ – ১)গণিতৰ ক্ৰমবিকাশৰ ইতিহাস।
ড° বুদ্ধ প্ৰসাদ চেতিয়া।
২) প্ৰৱন্ধ – গণিত আৰু সাহিত্য
ড° দিলীপ শৰ্মা।

বন্দিতা শৰ্মা কন্দলি
বিজ্ঞান শিক্ষয়িত্ৰী
চৰকাৰী অভ্যসন উচ্চ বুনিয়াদী বিদ্যালয়, তিতাবৰ।