আমি আমাৰ শৈশৱ হেৰুৱাই পেলাইছোঁ
নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি
ভাত কেইটা নাকে মুখে গুজি এই যে সৰুতে পিঠিত কিতাপৰ বোজাৰ সৈতে বেগটি কঢ়িয়াই নিয়া হৈছিল। শিক্ষাগুৰুসকলৰ সকলো আদেশ মান্য কৰি পাঠদান গ্ৰহণ কৰি দুপৰীয়া বাৰ বজাৰ বেললৈ অপেক্ষা কৰা হৈছিল।
বিৰতিৰ অন্তত আকৌ শ্ৰেণীকোঠাত যোগদান। ছুটীত দৌৰা দৌৰি কৰি ঘৰলৈ উভতি অহাৰ দিনবোৰ আজিও চকুৰ আগত ভাঁহি ফুৰে। ৰাস্তাত আৰ্মীৰ গাড়ীবোৰ গৈ থকা দেখিলে যে আনন্দ মনেৰে বাই বাই দিয়া হৈছিল। কোনোবাই নামটো সুধিলে উত্তৰ দি কিবা এটা ভাল লাগিছিল।
ঘৰলৈ আহি ভাত এমুঠি খাই আবেলি পৰত সমনীয়াৰ লগত বিভিন্ন খেল ধেমালিৰ মাজত দিনবোৰ খুব সুন্দৰকৈ উকলি গৈছিল। আজি কালি এই খেলা বোৰ বিলুপ্ত হৈ গৈছে। চেঙ- গুটি, লুকা- ভাকু , টেকেলি ভঙা, ৰছী টনা, দৰা কইনা খেল আদি বহু খেল আমি সৰুতে প্ৰায় সকলোৱে খেলিছোহক।
মাৰ চাদৰখন লৈ শাৰী কৰি পিন্ধি কপালত এটি ফুট লৈ পুতলাটোক পোৱালী সজাই খেলা খেলবোৰৰ কথা আজিও মনত পৰিলে কমটি হাঁহি উঠেনে?সেই দিনবোৰেই ভাল আছিল।নাছিল কোনো চিন্তা, দুখ, হতাশা। কেৱল আনন্দৰ বন্যা।
পুৱাৰ কুঁৱলী ফালি চাইকেলেৰে টিউছন যোৱা দিনবোৰ আজিও বৰকৈ মনত খুন্দিয়াই। সকলো একেই আছে।
বছৰ শেষৰ ডিচেম্বৰ মাহ , কুঁৱলীৰ আৱৰণ।কেৱল সময় সলনি হৈ গৈছে। সময় অনুসৰি আমাৰ শৈশৱ কাল পাৰ হৈ গৈছে।আমি ডাঙৰ হৈছোঁ। যান্ত্ৰিকতাৰে আমাৰ মনবোৰ বিষাক্ত হৈ পৰিছে।
অতীতৰ অইন একো মিছ নকৰিলেও মই হ’লে মোৰ শৈশৱ কালক বৰকৈ মিছ কৰোঁ। কিমান ভাল লগা আছিল দিনবোৰ।একেবাৰেই শান্তিপূৰ্ণ। যন্ত্ৰণাবিহীন।
মানুহৰ মুখৰ পিছ ফালে থকা মুখাটো চিনি নোপোৱা লৈকে আমি সৰু হৈ থাকোঁ। কিন্তু লাহে লাহে মানু্হক চিনি পোৱা হওঁ। সঁচা, মিচা, আচল নকলৰ মাজৰ পাৰ্থক্য খিনি বুজিব পাৰি। তেতিয়া বুজি লব যে আমি ডাঙৰ হৈ গৈছো। বুজিব পৰা ক্ষমতা বৃদ্ধি পাইছে।
আকৌ এবাৰ শৈশৱ জীৱনত উভতি যাব পৰা হ’লে ,,,কেতিয়াও উভতি নাহিলো হয় এই ডাঙৰৰ জীৱন শৈলীত।প্ৰাপ্ত বয়স্ক জীৱন যান্ত্ৰিকতাৰে আৱৰা। ইয়াত মানু্হৰ আৱেগ অনুভূতি বোৰ মূল্যহীন।