আমি অসমীয়া – শতাব্দী শৰ্মা

আমি অসমীয়া

 শতাব্দী শৰ্মা
  আমোলাপট্ৰী, নগাঁও

দুয়োখন ঘৰৰ মাক – দেউতাক দুয়োহালেই কান্দি কান্দি ভাগৰি পৰিছে। প্ৰসেন আৰু ৰূপকৰ আদ্য শ্ৰাদ্ধৰ দিনটো ওচৰ চাপি আহিছে। “মৃত্যুওটো এটা শিল্প , কঠিন শিলত কটা নির্লোভ ভাস্কর্য”! কিন্তু ল’ৰা কেইটাৰ মৃত্যু শিল্প নাছিল। প্রহেলিকা হৈ পৰিছিল দুই বন্ধু। প্ৰকৃতিৰ বুকুত পাহাৰীয়া জুৰিটোৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ যোৱা বন্ধু দুজনক সন্দেহৰ অজুহাতত এজাক নৰপিশাচে হত্যা কৰি পেলালে। সমগ্ৰ সেউজীয়াৰ বুকুত প্ৰতিধ্বনিত হৈছিল ..” আমি অসমীয়া” ..