আমি অকণি – কল্পনা দেৱী

PC - The Statesman

আমি অকণি

কল্পনা দেৱী, গুৱাহাটী

স্বাধীন দেশৰ আমি অকণি
উজলাম আমি দেশৰ ধৰণী ।
আমিয়ে মুলা আমিয়ে লাচিত
দেশপ্ৰেমেৰে আকুল আমাৰ চিত ।
দেশৰ স্বাৰ্থত যাম আগুৱাই
প্ৰাণ বলি দিম,
বুকুৰ শোণিত বোৱাই
আইৰ চৰণ পখালিম ।
সজ পথ সজ কাম
অনুসৰন কৰো
মানৱতাৰ জয়গান
গাব চেষ্টা কৰো ।
উজলাবলে জীৱন
উজলাবলে জনমভূমি
অহৰহ প্ৰচেষ্টাত
ব্ৰতী থাকো আমি ।।