আমিয়েই জীয়াই ৰাখিব লাগিব বিহুৰ পৰম্পৰাক-মানসী মিশ্ৰ

আমিয়েই জীয়াই ৰাখিব লাগিব বিহুৰ পৰম্পৰাক
অসমীয়া জনজীৱনলৈ ৰঙালীয়ে কঢ়িয়াই আনক ৰঙ

মানসী মিশ্ৰ

চৌপাশে সেউজীয়াৰ পয়োভৰ৷ সমুখত মুঠিমুঠি হালধীয়াবোৰ৷ বসন্তৰ মতলীয়া বতাহজাকে আমাক সকলোকে জনাইছে বহাগ অহাৰ বাতৰি৷ প্ৰকৃতিৰ ৰঙে, ৰূপে, চৰাইৰ মাতে বহাগ অহাৰ জাননী দিছে৷ তাৰ মাজে মাজে অসমীয়া ৰাইজে আদৰিবলৈ সাজু হৈছে অসমীয়া ৰাইজৰ হিয়াৰ আমুঠ ৰঙালী বিহুটিক৷ ফাগুণে এৰি থৈ যোৱা চঞ্চলা বতাহজাক, শিমলু, পলাশৰ দগমগীয়া ৰভাবোৰেই প্ৰতিগৰাকী অসমীয়াৰ অন্তৰত আগতীয়াকৈ সিঁচি দি যায় বহাগ অহাৰ বাতৰি৷ লঠঙা শীতে প্ৰকৃতিৰ ৰূপ সুষমাবোৰ টানি আজুঁৰি লৈ যোৱাৰ পিছত বসন্তৰ কুঁহিপাতবোৰে গছৰ ডালে পাতে পৰ্বতে পাহাৰে সকলোতে সিঁচি থৈ যায় সেউজীয়াৰ সুন্দৰতা৷ সূদূৰৰ পৰা দোকমোকালিতে ভাঁহি অহা কুলিৰ কু-উ-উ মাতে সকলোৰে হৃদয়ত এবাৰলৈ হ’লেও এক হেন্দোলনি তোলে৷ বহাগৰ বিহুটিত বসন্তৰ আগমণে প্ৰকৃতিৰ বুকুত সিঁচি দিয়া সুন্দৰতা খিনিয়ে বিহুৰ আনন্দক এক অনন্য মাত্ৰা আৰু পূৰ্ণতা প্ৰদান কৰে৷ আঘোণ পুহ মাহত কৃষকৰ দুই হাতেৰে গুজি দিয়া সোণালী ধানৰ মুঠিবোৰ যেতিয়া কৃষকৰ ভঁৰালত জমা হয় তাৰ পিছতেই ভোগ আনন্দৰে ভোগালী বিহু পাতি কৃষক ৰাইজে বহাগ বিহুৰ সময়লৈ এই সময়ছোৱা যথেষ্ট মুকলি মন লৈ আনন্দ উল্লাসেৰে পাৰ কৰে৷ বহাগ বিহুৰ ৰঙ আনন্দ উদযাপনৰ পিছতেই অসমৰ কৃষক ৰাইজৰ পথাৰৰ সংগ্ৰামী যাত্ৰা৷ সেয়েহে এই বহাগ বিহুৰ সময়ছোৱাত যৌৱনা প্ৰকৃতিৰ অপৰূপ… সৈতে একাত্ম হৈ নাচিবাগি মনৰ সকলো ক্লান্তি আৰু অৱসাদ আঁতৰাই ৰাইজ পুনৰ সাজু হয় নাঙলৰ সীৰলুত ধৰিবলৈ৷ সেইবাবেই এই বিহুটিক আমি বেছিভাগেই ৰঙালী বিহু বুলি কওঁ৷ বিহু সম্পূৰ্ণৰূপে কৃষিভিত্তিক উৎসৱ আৰু সেইবাবে বিহুৰ লগত সমপৃক্ত হৈ থকা বিভিন্ন লোকাচাৰ সমূহত অসমীয়া সহজ সৰল গ্ৰাম্যজীৱনৰ ছবিখন ইয়াত পৰিস্ফুট হোৱা দেখা যায়৷ অসমৰ জাতীয় জীৱনৰ লগত সাঙোৰ খাই থকা প্ৰতিটো বিহুৰ বিশেষ গুৰুত্ব আৰু মৰ্য্যদা আছে৷ এইবাবেই হয়তো প্ৰতিগৰাকী অসমীয়াৰে মনটো ৰাঙলী হয় ৰঙালী বিহু অহাৰ লগে লগে৷ প্ৰকৃতিৰ লগত জড়িত এইবিহু বহু বহু বছৰ আগতে উদযাপিত হৈছিল নিৰিবিলি পৰিৱেশত প্ৰকৃতিৰ মাজত৷ সময়ৰ লগে লগে প্ৰকৃতিৰ সেই নিৰিবিলি পৰিৱেশৰ পৰা মঞ্চলৈ আহিল৷ সেইবাবেই ৰাজ্যখনৰ গাঁৱে ভূঞে নগৰে চহৰে তিনি/চাৰি দিনীয়াকৈ ডাঙৰ ডাঙৰ তোড়ণ, মঞ্চ সাজি বিহু পালন কৰা হয়৷ সাংস্কৃতিক কাৰ্য্যসূচীৰ লগে লগে বিভিন্ন প্ৰকাৰৰ খেল ধেমালি, চিত্ৰাংকণ, আকস্মিক বক্তৃতা প্ৰতিযোগিতা আদি আনুষ্ঠিত কৰা হয়৷ সেয়েহে বিহুৰ এই কেইটা দিনত ৰাজ্যবাসী বাৰুকৈয়ে ব্যস্ত হৈ পৰে এই অনুষ্ঠান সমূহ আয়োজনৰ হকে৷ বিগত তিনিটা বৰ্ষধৰি কোভিদ মহামাৰীয়ে ভয়াবহ পৰিস্থিতিৰ হকে ৰাজ্যত বিহু অনুষ্ঠানৰ আয়োজন কৰিব পৰা হোৱা নাছিল৷ বিগত বৰ্ষসমূহত মঞ্চ শিল্পী, কলা-কুশলী, সংগীত শিল্পী সকলে আৰ্থিক দিশত যথেষ্ট কষ্টৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ পৰিৱেশ, পৰিস্থিতি কিছু স্বাভাৱিক অৱস্থালৈ অহাৰ পিছত এইবাৰ আকৌ আনুষ্ঠানিক ভাৱে বিহু উৎসৱ পালন কৰিবলৈ লোৱা হৈছে৷ এই ৰঙ ধেমালি, সাংস্কৃতিক কায্যৰ্সূচী সমূহৰ লগে লগে ৰাজ্যখনৰ অঞ্চলভেদে এই বিহুৰ লগত কিছু বৈশিষ্ট, পৰম্পৰা সাঙোৰ খাই আছে৷ তাৰ মাজতেই সমূহ অসমবাসীয়ে সমূহীয়া পৰম্পৰা আৰু বৈশিষ্টৰ মাজেৰে এই বিহু উৎসৱ পালন কৰি আছে৷ এই স্বকীয় বৈশিষ্টৰে ভৰা উপাদান সমূহৰ সমষ্টিকে আমি সংস্কৃতি বুলি কওঁ৷ খুব সহজভাষাত মানুহৰ আচাৰ আচৰণ আৰু প্ৰকৃতিৰ সংশোধিত ৰূপটোৱেই সংস্কৃতি৷ এটা জাতিৰ সংস্কৃতিয়ে তেওঁলোকৰ জীৱন ধাৰাৰ প্ৰায় সকলো দিশ ভাষা, মাত কথা, আচাৰ ব্যৱহাৰ, খোৱা লোৱাৰ প্ৰণালী, উৎসৱ পাৰ্বণ সকলোকে সামৰি লয়৷ জীৱন ধাৰণৰ সকলো দিশ প্ৰতিফলিত কৰা এই সংস্কৃতি সেইবাবে সকলো জাতিৰে মেৰুদণ্ড স্বৰুপ৷ এই সাংস্কৃতিক উপাদান সমূহেই সেই জাতিটোক বিশ্বৰ দৰবাৰত চিনাকি কৰি দিয়ে৷ বিশ্বৰ উন্নত জাতি সমূহে নিজৰ নিজৰ সাংস্কৃতিক উপাদান সমূহ সকলোতকৈ চহকী উপাদান হিচাপে গণ্য কৰে আৰু সংস্কৃতিৰ প্ৰতি যথোচিত শ্ৰদ্ধা প্ৰদৰ্শন কৰে৷ ঠিক একেদৰেই অসমীয়াৰ জনজীৱনত বিহু উৎসৱ পালনৰ প্ৰতিও আছে প্ৰতিগৰাকী অসমীয়াৰ শ্ৰদ্ধাপূৰ্ণ দৃষ্টি আৰু অনাবিল আকৰ্ষণ৷ সেইবাবেই প্ৰকৃতিৰ বেলেগ বেলেগ সময়ত অনুষ্ঠিত আৰু আয়োজিত তিনিওটা বিহু প্ৰতিগৰাকী অসমীয়াই সুকীয়া শৈলীৰে পালন কৰাত গুৰুত্ব দি আহিছে৷ প্ৰতিটো বিহুৰ লগত জড়িত লোকচাৰ সমূহে মানুহক যে কেৱল আনন্দই দি আহিছে তেনে নহয þএয়াই মানুহৰ মনত সামূহিক, সামাজিক ভাবানুভূতিৰো জন্ম দিছে৷ ৰঙালী বিহুৰ সময়ত আপোনজনক, আত্মীয়জনক নিজ ইচ্ছাৰে এখন বিহুৱান দিব পৰাটো প্ৰতিগৰাকী বোৱাৰী জীয়ৰীৰ অন্তৰৰ কামনা, হৃদয়ৰ বাসনা৷ প্ৰতিগৰাকী অসমীয়া জীয়ৰী বোৱাৰীয়ে নিজৰ নিপুণ হাতেৰে মন পছন্দৰ বিহুৱান আপোনাজনক দিব পাৰিলেহে হৃদয়ৰ সন্তুষ্টি লাভ কৰে৷ বিহু যদি ধৰ্মীয় উৎসৱ নহয় অসমীয়া জনজীৱনৰ লগত জড়িত এয়া এক সামাজিক উৎসৱহে৷ কিন্তু পৰম্পৰাগত ভাৱে পালন কৰা লোকচাৰ সমূহতে কব নোৱাৰাকৈয়ে বহু আধ্যাত্মিকতা নিহিত হৈ আছে৷ বিহুৰ সময়ত গোৱা বিহুগীত সমূহতো সহজসৰলভাৱে বৰ্ণনা কৰা হয় বসন্তই প্ৰকৃতিৰ বুকুত সিঁচি দিয়া অপূৰ্ব সৌন্দৰ্য্য আৰু যৌৱন প্ৰাপ্ত ডেকা- গাভৰুৰ ইগৰাকীৰ সিগৰাকীৰ প্ৰতি আকুল আহ৩ান৷ সময়ৰ লগে লগে ৰঙালী বিহুৰ ৰঙ, আনন্দৰ বহু পৰিবৰ্তন হ’ল৷ আজি সময়ৰ পৰিবৰ্তন মুখী চিন্তাধাৰাৰ ফলতেই হওঁক অথবা আধুনিকতাৰ বাবেই হওঁক পথাৰৰ বিহু মঞ্চবিহুত পৰিণত হ’ল৷ বিজ্ঞানৰ অগ্ৰগতি, মানুহৰ সংগ্ৰাম ভৰা ব্যস্ততা, আধুনিক শিক্ষাব্যৱস্থা সমাজ ব্যৱস্থাৰ পৰিবৰ্তনে বিহু উৎসৱ পালনৰ ক্ষেত্ৰত বহু পৰিবৰ্তন আনিলে৷ নগৰীয়া পৰিয়ালসমূহতো পিতৃ-মাতৃ দুয়োগৰাকীয়ে চাকৰিয়াল হোৱা বহুতেই ইচ্ছা থকা স্বতেও সীমিতভাৱেহে এই উৎসৱ পাৰ্বণ পালন কৰিবলগীয়া হয়৷ আমি সকলোৱে অৱশ্যে সময় সাপেক্ষে যুগৰ পৰিবৰ্তনক মানি লব লাগিব৷ কিন্ত সেই বুলিয়ে আধুনিকতাৰ মায়াজ্বালত নিজকে কৃত্ৰিমভাৱে বন্দী কৰিব নালাগে৷ বৰ্তমানৰ সময়ত আমেৰিকা, লণ্ডনত বাস কৰা প্ৰবাসী অসমীয়াই ধূমধামেৰে প্ৰবাসত আটাইকেইটা বিহু পালন কৰে৷ প্ৰবাসত থাকিও নিজৰ বিহু উৎসৱৰ সংস্কৃতিটো ৰক্ষা কৰিবলৈ তেওঁলোক সদা সচেতন৷ তেওঁলোকে বিশ্ব দৰবাৰত বিহু নামৰ সংস্কৃতিটোক চিনাকি কৰি দিছে৷ অথচ আজি আমাৰ ৰাজ্যত বহু সময়ত আমাৰ উঠি অহা প্ৰজন্মৰ বহুতৰে বিহুৰ প্ৰতি বিশেষ আগ্ৰহ নাথাকে৷ বিহুৰ লগত জড়িত লোকচাৰ, বিহুগীত, বিহুনৃত্য আদিৰ প্ৰতিও বিশেষ আগ্ৰহী নহয়৷ আমি পশ্চিমীয়া সংস্কৃতি ৰক্ষা কৰিবলৈ নিজৰ সংস্কৃতিক যথোচিত মৰ্য্যদা দিহে যোৱা উচিত৷ আমি যদি নিজৰ সংস্কৃতিটোক এই ঋতুকালীন উৎসৱৰ দিনকেইটাত মনত নেপেলাঁও তেন্তে আন কোনে মনত পেলাব৷ আনৰ সংস্কৃতিক ৰক্ষা কৰিবলৈ গৈ নিজৰ সাংস্কৃতিক উপাদান সমূহ আপোন হাততেই প্ৰবঞ্চিত হ’ব৷ আমাৰ মাজৰ পৰা যাতে বাপতি সাহোন বিহু উৎসৱটি হেৰাই নাযায় তাৰ বাবে সচেতন হ’ব লাগিব ৰাইজ আৰু অভিভাৱকসকল, তেওঁলোকে ছাত্ৰ-ছাত্ৰীসকলক, নতুন প্ৰজন্মক সচেতন কৰিব লাগিব আৰু তেওঁলোকৰ জৰিয়তে বিহু নামৰ আমাৰ জাতীয় সংস্কৃতিক জীয়াই ৰাখিব লাগিব৷