আমিবোৰে আত্মকেন্দ্ৰিকতাৰ মাজত সহবাস কৰোঁ
মানুহ সামাজিক প্ৰাণী। সামাজিক প্ৰাণী হিচাবে আমি দিনকদিনে ব্যস্ততাৰ দোহাই দি আমি আত্মকেন্দ্ৰিকতাৰ মাজত সহবাস কৰোঁ ৷ফলস্বৰূপে আমিবোৰ দিনকদিনে হৈ পৰিছোঁ নিসংগ,অসুখী ৷ আমি সহজ-সৰল গাঁৱৰ পৰিবেশত ডাঙৰ-দীঘল হোৱা ৷ বৰ্তমান সময় বৰ জটিল । আমাৰ সহজ-সৰল মনৰ ভিতৰখনত যান্ত্ৰিকতাই সহবাস কৰে । ব্যস্ততাই কোঙা কৰা মনবোৰ সজীৱ কৰিবলৈ বিচাৰি অকণমান গাঁৱৰ পৰিবেশত বিলীন হব মন যায়। কিন্ত বৰ্তমান সময়বোৰ সলনি হ’ল। নগৰৰ যান্ত্ৰিকতাৰ দৰে গাঁওবোৰতো মৰম-চেনেহ-আদৰৰ নাটনি হবলৈ ধৰিছে। কেতিয়াবা আগৰ সময়বোৰ ঘূৰাই আনিবলৈ মন যায়। ব্যস্ততাই কোঙা কৰা মানুহৰ মনবোৰত এতিয়া ঘূণে ধৰিছে। আমি সঁচাকৈয়ে ব্যস্ত নে? নে ব্যস্ততাৰ অজুহাতত আমি মানুহবোৰে মানুহক আদৰ কৰিবলৈ পাহৰি গৈছোঁ। এনেদৰে আমি মানুহবোৰে ব্যস্ততাৰ দোদাই দি এটা সময়ত আমি আপোন মানুহবোৰকে পাহৰি পেলাম। আমি যি কাম কৰিছোঁ আমাৰপৰা আমাৰ উত্তৰ প্ৰজন্মই সেয়াই শিকিব। আপোন মানুহবোৰৰ মাজৰ পৰাই আপোন মানুহৰ চিনাকি নোহোৱা হব। আমিয়েই আমাৰ মনবোৰ সলনি কৰিব লাগিব। বৰ্তমান সময়ত সকলো মানুহেই ব্যস্ত তথাপিও এখন সুস্থিৰ সমাজ গঢ়িবলৈ অকণমান যান্ত্ৰিকতাৰপৰা আঁতৰি আপোন মানুহবোৰৰ বাবে অকণমান সময় উলিয়াব লাগিব। আমি আমাৰ পাৰিপাৰ্শ্বিক পৰিবেশ এটা সুচাৰুৰূপে পৰিচালনা কৰিব ৷ সুন্দৰ আৰু শান্তিময় পৰিবেশ এটা আমিয়েই আমাৰ উত্তৰ প্ৰজন্মৰ বাবে দিব লাগিব ৷ তেতিয়াহে আমিবোৰ কেতিয়াও একক আৰু নিসংগ হবলগীয়া নহয় । “মৰম দিলেহে মৰম পায়,আদৰ যাচিলেহে আদৰ পায়” ,গতিকে অকণমান নিজৰ সময় উলিয়াই আপোন মানুহবোৰক দিবলৈ যত্নপৰ হওঁ আঁহক ৷