আমিনুল ইছলামক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত পুনৰ গ্ৰেপ্তাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁও কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ থকা নগাঁও জিলাৰ ধিং বিধানসভা সমষ্টিৰ বিধায়ক আমিনুল ইছলামক নগাঁও আৰক্ষীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ (এনএছএ) অধীনত পুনৰ গ্ৰেপ্তাৰ কৰে। কাশ্মীৰৰ পেহেলগামৰ হত্যাকাণ্ড সন্দর্ভত বিতর্কিত তথা ৰাষ্ট্ৰবিৰোধী মন্তব্য কৰি ইতিপূর্বে গ্ৰেপ্তাৰ হৈছিল বিধায়ক আমিনুল ইছলাম। কাৰাগাৰত থকা বিধায়ক আমিনুল ইছলামক আদালতে জামিন দিছিল যদিও পুনৰ নগাঁও আৰক্ষীয়ে তেওঁক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে পেহেলগামৰ ঘটনা সন্দৰ্ভত বিতর্কিত মন্তব্য কৰাৰ বাবে ২৪ এপ্ৰিলত নগাঁও আৰক্ষীয়ে বিধায়ক আমিনুল ইছলামক তেওঁৰ নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। পেহেলগামৰ ঘটনাৰ পাছত সন্ত্রাসবাদী কাম-কাজৰ বিৰুদ্ধে টু শব্দ এটাও উচ্চাৰণ নকৰি আওপকীয়াকৈ সন্ত্রাসবাদী শক্তিকহে উৎসাহিত কৰি সমগ্ৰ ঘটনাৰ বাবে প্রধানমন্ত্রী আৰু গৃহমন্ত্ৰীক দোষাৰোপ কৰা সন্দৰ্ভত বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে সদৰ থানাত ভাৰতীয় ন্যায় সংহিতাৰ ১৫২/১৯৭/১৯৭ (ⅳ)। ১৩৩(i)/৩৫২/৩৫৩নং ধাৰাৰ অধীনত ৩৪৭/২৫ নম্বৰত এক গোচৰ ৰুজু কৰি এআইইউডিএফৰ ধিঙৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰি ৪ দিনৰ আৰক্ষীৰ জিম্মাত লয়। জিম্মাৰ ম্যাদ শেষ হোৱাৰ পিছত ২৯ এপ্রিলত তেওঁক আৰক্ষীয়ে আদালতৰ জৰিয়তে নগাঁও কাৰাগাৰলৈ প্ৰেৰণ কৰে। তেতিয়াৰ পৰাই তেওঁ নগাঁও কাৰাগাৰত কাৰাবন্দী হৈ আছে। বুধবাৰে তেওঁক আদালতে জামিন প্ৰদান কৰাৰ পিছত নগাঁও আৰক্ষীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত গ্ৰেপ্তাৰ কৰে। নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই বিধায়ক আমিনুল ইছলামক এনএছএত গ্ৰেপ্তাৰ কৰাটো নিশ্চিত কৰিছে।