আমিনগাঁৱত শৰাইঘাট হ্ৰদৰ সৌন্দর্য বর্ধন প্রকল্প মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কামৰূপ জিলাৰ আমিনগাঁৱত শৰাইঘাট হ্ৰদৰ উন্নয়ন আৰু সৌন্দর্য বর্ধন প্রকল্পটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উল্লেখ্য যে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ অধীনত ৰূপায়ণ কৰা এই প্রকল্পটোৰ বাবদ মুঠ ৫.৯৬ কোটি টকা ব্যয় হৈছে। প্রায় ৭ বিঘা ৪ কঠা ভূমি সামৰি এই প্রকল্পত পর্যটনকেন্দ্রিক আন্তঃগাঁথনি নিৰ্মাণৰ লগতে সেউজ পৰিৱেশসহ অৱসৰ বিনোদনৰ বহু সা-সুবিধা গঢ়ি তোলা হৈছে। বৃহত্তৰ অঞ্চলটোৰ নৱতম আন্তঃগাঁথনি হিচাপে এই প্রকল্পত বাঁহৰ ছাঁ ঘৰ, ফুড কোর্ট, শিশুৰ খেলা-ধূলাৰ স্থান, আলোকসজ্জা আদি সংযোজন কৰা হৈছে। তদুপৰি প্ৰকল্পটোত ১০০ৰো অধিক যান-বাহন ৰাখিব পৰাৰ ব্যৱস্থা কৰা হৈছে। এই উপলক্ষে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড° শর্মাই মন্তব্য কৰে যে এই প্রকল্পত সন্নিৱিষ্ট জলক্রীড়াকে ধৰি বিভিন্ন সা-সুবিধাসমূহ বিগত দুমাহ ধৰি পৰীক্ষামূলকভাৱে চলোৱাৰ অন্তত আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছে।
উদ্বোধন হোৱা এই প্রকল্পই যথেষ্টসংখ্যক পর্যটকক আমিনগাঁৱলৈ আকর্ষণ কৰিবলৈ সক্ষম হ’ব বুলি মুখ্যমন্ত্ৰী ড° শর্মাই আশা কৰে। তেওঁ লগতে মন্তব্য কৰে যে আগন্তুক সময়ত এই প্রকল্পত বহুকেইবিধ জলক্রীড়াৰ সুবিধা সন্নিৱিষ্ট কৰা হ’ব। মুখ্যমন্ত্ৰী ড° শর্মাই সতীর্থ মন্ত্ৰীসকলৰ সৈতে শৰাইঘাট হ্ৰদত কিছুসময়ৰ বাবে নৌকাবিহাৰো কৰে। অনুষ্ঠানত পঞ্চায়ত আৰু গ্রামোন্নয়ন, ন্যায়িক তথা পর্যটন আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, পৰিৱেশ আৰু বন আদি বিভাগৰ মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰী, বিধায়ক ভৱেশ কলিতা আৰু দিগন্ত কলিতা, পৰ্যটন বিভাগৰ আয়ুক্ত-সচিব দিগন্ত বৰা, অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱাকে ধৰি কেইবাগৰাকীও গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।
ইফালে, সোমবাৰে বিয়লি আমিনগাঁওস্থিত কামৰূপ জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত নিৰ্মাণ কৰা জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ এটা পূর্ণাবয়ৱ মূর্তি উন্মোচন কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। এই মূর্তিটো নিৰ্মাণ কৰিছে ৰাজ্যৰ বিশিষ্ট ভাস্কর্য শিল্পী বীৰেন সিংহই। প্রতিমূর্তি উন্মোচন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ইয়াৰ জৰিয়তে আমি ৰাষ্ট্ৰসেৱা কৰাৰ বাবে অনুপ্রাণিত হ’ব পাৰিম। কামৰূপ জিলা আযুক্ত কাৰ্যালয়ৰ চৌহদত অনুষ্ঠিত আন এক অনুষ্ঠানত আমিনগাঁও ইউক’ বেংকৰ চি এছ আৰ কোষৰ পৰা আগবঢ়োৱা এখন ই-ৰিক্সা হাজোৰ গেৰুৱা অঞ্চলৰ বিশেষভাৱে সক্ষম যুৱক অনাংগ দাসক মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰদান কৰে। কামৰূপ জিলা সংহত উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত এক অনুষ্ঠানত উত্তৰ গুৱাহাটী ৰংমহলত নিৰ্মাণ কৰিব লগা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাবে অধিকৃত ভূমিৰ ২৮টা পৰিয়ালক জিৰাতকে আদি কৰি ভূমিৰ মূল্য প্রায় ১৬ কোটি টকা আজি মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিয়ালসমূহক প্ৰদান কৰে। উচ্চ ন্যায়ালয় নিৰ্মাণ কৰিবলৈ উত্তৰ গুৱাহাটী ৰংমহলত ইতিমধ্যে ১২৯ বিঘা ভূমি চৰকাৰে অধিগ্রহণ কৰিছে।