আমিনগাঁৱত নৱনিৰ্মিত কামৰূপ জিলা ন্যায়িক আদালত চৌহদ শুভ উদ্বোধন

আমিনগাঁৱত নৱনিৰ্মিত কামৰূপ জিলা ন্যায়িক আদালত চৌহদ শুভ উদ্বোধন 

ৰঙিলী বাৰ্ত্তাসেৱা-মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আমিনগাঁৱত নৱনিৰ্মিত কামৰূপ জিলা ন্যায়িক আদালত চৌহদৰ শুভ উদ্বোধন কৰে। প্ৰায় ১৩৩০৩ বৰ্গ মিটাৰ এলেকা সামৰি প্ৰায় ৫২.২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত এই আধুনিক আদালত ভৱনটোত ১৫খন আদালত কক্ষ, ডিজিটেল পুথিভঁৰাল, ভিডিঅ’ কনফাৰেন্স, ই-সেৱা কেন্দ্ৰ, সংবেদনশীল সাক্ষীৰ বাবে সাক্ষ্যদান কেন্দ্ৰ, পৃথক লক-আপ, আই চি টি কক্ষ, বাৰ ৰুম, কেণ্টিন আদি সুবিধাসহ এক উন্নতমানৰ আন্ত:গাঁথনি গঢ়ি তোলা হৈছে৷