আমিনগাঁৱত নিৰ্মাণ হৈ থকা ষ্টেডিয়াম পৰিদৰ্শন

অসমৰ মুখ্যমন্ত্ৰী ভাৰতৰ গৌৰৱ
আমিনগাঁৱত নিৰ্মাণ হৈ থকা ষ্টেডিয়াম পৰিদৰ্শন

ৰঙিলী বাৰ্ত্তাসেৱা- আমিনগাঁৱত নিৰ্মাণ হৈ থকা ক্ৰিকেট ষ্টেডিয়ামখন মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই আজি পৰিদৰ্শন কৰি নিৰ্মাণকাৰ্যৰ বুজ লয়। ২০ হাজাৰ আসনবিশিষ্ট এই ষ্টেডিয়ামখনৰ নিৰ্মাণকাৰ্য ২০২৬ বৰ্ষৰ আৰম্ভণিতে সম্পূৰ্ণ হৈ উঠিব বুলি আশা কৰা হৈছে। পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্ধাৰিত সময়ৰ ভিতৰত ষ্টেডিয়ামখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশনা দিয়ে৷ তদুপৰি মুখ্যমন্ত্ৰীয়ে আমিনগাঁৱত নিৰ্মাণ অৱস্থাত থকা চুইমিং পুলৰ চলিত কাৰ্যৰ বুজ লয় আৰু বেডমিণ্টন ষ্টেডিয়াম ‘নেশ্যনেল চেণ্টাৰ অৱ এক্সিলেন্স’ আমিনগাঁও, গুৱাহাটীত এখন্তেক ৰৈ প্ৰশিক্ষণৰত আৱাসিক খেলুৱৈসকলৰ অনুশীলন খেল উপভোগ কৰে।