(কঠোৰ আইনী ব্যৱস্থাৰ প্ৰয়োজন)
আমাৰ ৰাজ্যৰ মহিলাৰ সুৰক্ষাৰ স্থিতি লক্ষণীয়ভাৱে অৱনমিত হৈছে
মানসী মিশ্ৰ
চকুৰ পলকতে সৌ সিদিনা আৰম্ভ হোৱা বছৰটোৰ কেবামাহো পাৰ হ’ল। বহু ভাল-বেয়া, সফলতা- বিফলতাৰ ঘটনা ঘটিল পাৰ হৈ যোৱা সময়খিনিত। আমি চলিত বছৰটোৰ ভিতৰতে আন্তৰ্জাতিক নাৰী দিৱস আয়োজন কৰিলোঁ, বিশ্ব মাতৃ দিৱস অনুষ্ঠিত কৰিলোঁ। এই দিৱস সমূহৰ দিনটোত ডাঙৰ ডাঙৰ মঞ্চ সাজি মহিলাৰ অধিকাৰ ৰক্ষাৰ কথা, মহিলাৰ সুৰক্ষা প্ৰদান নিশ্চিত কৰাৰ কথা আলোচনা কৰিলোঁ।কিন্তু মাতৃ দিৱসৰ পিছদিনাই পুত্ৰই মাতৃক হত্যা কৰাৰ বাতৰি, শাৰীৰিকভাৱে আঘাত প্ৰাপ্ত কৰি মূমূৰ্ষ অৱস্থাত পেলাই থৈ যোৱাৰ কাহিনী বাতৰি কাকতৰ পৃষ্ঠাত আৰু টি.ভিৰ নিউজ চেনেল সমূহত দেখিবলৈ পালোঁ। দিনক দিনে ৰাজ্যখন উন্নয়নৰ জখলাৰে কিমানদূৰ আগবাঢ়িছে সেই বাতৰি প্ৰকাশ হৈ থাকে। এটা কথা ঠিক যে ৰাজ্যখনৰ আন্তঃগাঠনি নিৰ্মাণ আৰু উন্নয়নৰ ক্ষেত্ৰত বিগত কেইটামান বছৰত সফলতা কিছু পৰিমাণে লক্ষ্য কৰা হৈছে কিন্তু ইয়াৰ বিপৰীতে আমি ৰাজ্যত মহিলাৰ সুৰক্ষাৰ বিষয়টো যদি ভালদৰে মন কৰোঁ তেন্তে মহিলাৰ সুৰক্ষাৰ দিশটো যথেষ্ট অৱনমিত হৈছে। মহিলা হিংসাৰ ক্ষেত্ৰত ৰাজ্যখনে গ্ৰাফ ডালত দেশৰ ভিতৰতে শীৰ্ষ স্থানলৈ উঠিছে। আমি যদি কিছুমান ঘটনা, পৰিঘটনা সুক্ষ্ম ভাৱে পৰ্য্যালোচনা কৰি চাওঁ তেন্তে আমাৰ চকুত স্পষ্ট হৈ ধৰা দিয়ে যে আমাৰ ৰাজ্যখনত এটি এবছৰীয় কন্যা সন্তানৰ নিৰাপত্তাৰ একেবাৰে অভাৱ আৰু ঠিক একেদৰে সত্তৰ বছৰীয়া মহিলা এগৰাকীৰো নিৰাপত্তাৰ যথেষ্ট অভাৱ। কিশোৰী, যুৱতী,আদহীয়া মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰতো এই একেখনেই প্ৰতিচ্ছবি। কেতিয়াবা কেতিয়াবা এনেহেন লাগে যে মাতৃগৰ্ভৰ পৰা ভূমিস্থ হোৱাৰ লগে লগেই কন্যা শিশুটি অসুৰক্ষিত হৈ পৰে। নহলেনো ছয়মহীয়া, নমহীয়া দেৱকন্যা শিশু এটি চল্লিছ, পঞ্চাশ বঠৰীয়া একোগৰাকী লম্পট পুৰুষৰ পাশাৱিক কামনাৰ বলি হ’বলগীয়া হয় জানো। ঠিক একেদৰে ষাঠী, সত্তৰ বছৰ বয়সীয়া মহিলা নিজৰ পুত্ৰ সম বয়সৰ ল’ৰাৰ হাতত বলাৎকাৰৰ বলি হ’বলগীয়া হয়। ভাবিবলৈ, চিন্তা কৰিবলৈ ভয় লাগে যে এনে এটা দিন হয়তো নাথাকে যিটো দিনত আমি ৰাজ্যৰ ভিন্ন প্ৰান্তত মহিলাৰ ধৰ্ষণ/ বলাৎকাৰ, মহিলাৰ ওপৰত যৌন নিৰ্যাতন, অন্যান্য কাৰণত মহিলাক হত্যা কৰা বাতৰি আমি বিভিন্ন সংবাদ মাধ্যম যোগে আমি নোপোৱাকৈ থাকোঁ। কিছুদিনৰ আগতে শিৱসাগৰ জিলাত এগৰাকী নৱবিবাহিত বোৱাৰীৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছিল। স্বামী বৃত্তিত শিক্ষক। প্ৰেমৰ সূত্ৰে বিবাহ বান্ধোনত বান্ধ খাই ওৰেটো জীৱন ছাঁৰ দৰে থাকিম বুলি প্ৰতিশ্ৰুতি দিয়া তেওঁ আছিল এগৰাকী ভণ্ড স্বামী। বিয়া কৰোৱাৰ পূৰ্বৰে পৰা তেওঁৰ আনকেইবাগৰাকী যুৱতীৰ সতেও প্ৰেমৰ নাটক ৰচনা কৰি সম্পৰ্ক স্থাপন কৰিছিল। বিবাহৰ পিছত তেওঁৰ প্ৰেমিকা পত্নীয়ে এই কথা জানিব পাৰি ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰাত স্বামীয়ে বহু মৰম আৰু প্ৰতিশ্ৰুতিৰে নিজৰ কৰি লোৱা পত্নীগৰাকীক শত্ৰুৰ দৰে ব্যৱহাৰ কৰিবলৈ লৈছিল। নিজ স্বাৰ্থৰ বাবে শিক্ষক স্বামীয়ে পত্নীক অতি বৰ্বৰভাৱে হত্যা কৰিছিল আৰু নিজকে নিৰ্দোষী সজাবৰ বাবে এই বৰ্বৰ হত্যাৰ ঘটনাটোক আত্মহত্যাৰ ঘটনাৰ ৰূপ দিছিল। আনকি ঘটনাটোৰ নাটকীয় কাহিনীভাগ পোহৰলৈ অহাৰ পিছতে বোৱাৰীগৰাকীৰ শাহুৱেকেও এখন নাটক ৰচনা কৰি সকলোবোৰ দোষ বোৱাৰীগৰাকীৰ গাত জাপি দিছিল। তেওঁৰ উদ্দেশ্যই আছিল নিজ পুত্ৰক যেনে তেনে দোষ মুক্ত কৰিব লাগে। আটাইতকৈ দুখৰ কথাটো হ’ল হত্যাকাৰীজন পেছাত এগৰাকী হাইস্কুলৰ শিক্ষক। এই হত্যাকাৰী শিক্ষকগৰাকীয়ে ইমান দিনে নিজৰ ছাত্ৰ-ছাত্ৰীসকলক কি জ্ঞান বিলাই আছিল। মাথোঁ ছয়মাহ আগতে বিবাহপাশত আৱদ্ধ হৈ স্বামীক সচাঁ অন্তৰেৰে ভাল পাব বিচৰা বোৱাৰী গৰাকী নিজেই পঢ়ি থকা অৱস্থাত এগৰাকী নামজ্বলা কলেজৰ সহকাৰী সাধাৰণ সম্পাদক আছিল। নিজে এখন কলেজৰ ছাত্ৰসন্থাক নেতৃত্ব দিয়া এগৰাকী ছোৱালীয়ে যদি বিবাহৰ ছয়মাহ পিছতে এনে কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হয় তেন্তে অন্যান্য সৰ্বসাধাৰণ ছোৱালী, মহিলাৰ জীৱনৰ নিৰাপত্তা ক’ত থাকিব। সমগ্ৰ শিৱসাগৰ জিলাতে এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ হৈছে। এই ঘটনাৰ উত্তাল প্ৰতিবাদ মাৰ নৌ যাওঁতেই ধেমাজি জিলাতো বোৱাৰী হত্যাৰ ঘটনা সংঘটিত হৈছে। ৰাজনৈতিক নেতাই মহিলাক অসৎ প্ৰস্তাৱ দি অশালীন ব্যৱহাৰ কৰাৰ কথা পোহৰলৈ আহিছে। সৌ সিদিনা গোৱালপাৰা জিলাৰ দুধনৈত বৈশাগী উৎসৱৰ সাংস্কৃতিক কাৰ্য্যসূচী উপভোগ কৰি ঘৰলৈ ওভোতাৰ পথত লম্পটৰ এটা দলে দুগৰাকী কিশোৰীক ধৰ্ষণ কৰে। ভাতৃয়ে কিশোৰী দুগৰাকীৰ জীৱন বচাবলৈ চেষ্টা কৰাত তেওঁক চোকা অস্ত্ৰৰে গুৰুতৰভাৱে আঘাত কৰে। উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকৰ চেষ্টা, যত্নৰ পিছতো যুৱকজনক বচাই তুলিব পৰা নগ’ল। তেওঁ মৃত্যুক আকোঁৱালি ল’বলগীয়া হ’ল অতি কৰুণভাৱে। আনৰ জিঘাংসাৰ বলি হৈ এজন সৱল,সুঠাম যুৱক চিৰদিনৰ বাবে হেৰাই গ’ল। এতিয়া ধৰ্ষণ-বলাৎকাৰ, যৌন নিৰ্যাতন এচামৰ বাবে ভাতৰ লগত পানী খোৱা কথাৰ দৰে হৈছে। যোৱাটো বৰ্ষত গোৱালপাৰা জিলাত এটি প্ৰভৱাশালী ৰাজনৈতিক দলৰ নেত্ৰী এগৰাকীক তেওঁৰ সতে বহু বছৰ ধৰি বন্ধু, প্ৰেমিকৰ অভিনয় কৰা এগৰাকী ব্যক্তিয়ে ফুৰিব নিয়াৰ চলেৰে নৃশংসভাৱে হত্যা কৰি ৰাজপথতে পেলাই থৈ গৈছিল। ইয়াৰ কেইটামান মাহ পিছত একেটা দলৰে প্ৰভাৱশালী নেত্ৰী এগৰাকীয়ে আত্মহত্যাৰ পথ বাচি লৈছিল। বহু তদন্ত ,সোধা পোছাৰ পিছত পোহৰলৈ আহিছিল যে মহিলাগৰাকী বহুদিনৰ পৰা ৰাজনৈতিক দলটোৰ পুৰুষ কৰ্মী এজনৰ যৌন নিৰ্যাতনৰ বলি হৈ আহিছিল। পিছলৈ বহু আভ্যন্তৰীণ খেলি মেলিৰ বাবে তেওঁৰ কথা সমূহ সদৰি হৈ পৰাৰ ভয় আৰু গ্লানিত আত্মহত্যা কৰিছিল। প্রতিদিন/প্রতিনিয়ত এনেধৰণৰ ঘটনা অথবা ইয়াতকৈ ভয়াবহ ঘটনা আমাৰ চৌপাশে ঘটি আছে। ইয়াৰ কিছুসংখ্যক ঘটনাহে সত্য ৰূপত ওলাই আহে। বহুতেই নিজে মুখ খুলি কবলৈ লাজ অথবা ভয় কৰে আৰু বহুসংখ্যকে পৰিয়ালৰ বদনাম হব বুলি এনেধৰণৰ ঘটনাবোৰক বাহিৰত প্রকাশ নকৰে। লগতে এটা অতি গুৰুত্বপূর্ণ কথা যে কন্যাশিশু, কিশোৰী, যুৱতী, মহিলাৰ সমাজত অতি দ্রুত হাৰত বৃদ্ধি পাবলৈ ধৰা যৌন উৎপীড়ণ, অত্যাচাৰ ইমান দ্রুত হাৰত বাঢ়িছে যে ইয়াৰ সকলোখিনি ঘটনাই প্রকাশ নহয়। লগতে এটা উল্লেখযোগ্য কথা যে আমাৰ সমাজত সঘনাই ঘটি থকা মহিলা, যুৱতীৰ হত্যা, উৎপীড়ণ এই ঘটনাসমূহ যে সমাজত অকল বাহিৰা মানুহ, অচিনাকি মানুহৰ দ্বাৰাই সংঘটিত হৈ আছে এনে নহয় ইয়াৰ বহু সংখ্যক ঘটনা নিজৰ পৰিয়ালৰ মানুহৰ দ্বাৰাই সংঘটিত হৈ আছে। যোৱা দুই/তিনিটা বৰ্ষৰ পৰা বৰ্তমানলৈ যি সমূহ বোৱাৰী হত্যাৰ ঘটনা আমাৰ ৰাজ্যখনত সংঘটিত হৈ আছে এইসমূহত নিজৰ স্বামীয়ে প্রত্যক্ষভাৱে জড়িত হৈ থকাৰ লগতে স্বামীৰ পৰিয়ালৰ সদস্য কিছুমান পৰোক্ষভাৱে জড়িত হৈ আছে। কিছুসংখ্যক ঘটনাত আকৌ নিজৰ প্রেমিক বুলি মৰম চেনেহ দেখুৱাই অহা লোকৰ দ্বাৰা সংঘটিত হৈছে। ইয়াৰ মাজৰে কিছুসংখ্যক ঘটনা অচিনাক ব্যক্তিৰ দ্বাৰাও সংঘটিত হৈছে।
বিগত কেইটামান বছৰত যিমানবোৰ মহিলা হত্যা, মহিলাৰ ওপৰত নিৰ্যাতনৰ ঘটনা ঘটি গৈছে ইয়াৰ বেছি সংখ্যক ঘটনা নিজৰ পৰিয়ালত নিজৰ পৰিয়ালৰ মানুহৰ দ্বাৰাই সংঘটিত হৈছে। অৱেশ্যে বলাৎকাৰ অথবা ধর্ষণ, কন্যাশিশু অথবা মহিলাৰ ওপৰত হোৱা যৌন উৎপীড়ণ, যুৱতী, মহিলাৰ অপহৰণ, সৰবৰাহ ইত্যাদিত অন্য ব্যক্তি জড়িত হৈ থাকে। সমাজত এনে ধৰণৰ সমস্যা অতিভয়াবহ হাৰত বাঢ়িছে। ৰাজ্যৰ পৰা কামৰ প্রলোভন দেখুৱাই বৰ্হিঃ ৰাজ্যলৈ সৰবৰাহ কৰা ঘটনাও পোহৰলৈ আহিছে। আমাৰ নিশ্চয় বহুতৰে মনত আছে যে চলিত বছৰৰ সৰস্বতী পূজাৰ দিনাখনেই একেলগে তিনিগৰাকী ছাত্রীক অপহৰণ কৰি সৰবাহৰ বাবে লৈ যোৱা হৈছিল। পিছত কিছুসংখ্যক সচেতন ব্যক্তি আৰু ৰে’ল আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ কৰা হয় এই কিশোৰী যুবতীক। হঠাতে আমাৰ সমাজত মহিলা, যুৱতী, কিশোৰী সকলৰ মাজত ইমান উদ্বেগজনক ঘটনা বৃদ্ধি পোৱাৰ মূলতে হৈছে আমাৰ হাতত থকা স্মার্ট মবাইল ফোনটোৰ অপব্যৱহাৰ। ফেচবুকৰ মাধ্যমেৰে বহু অচিনাকি ব্যক্তিৰ সৈতে বন্ধুত্ব গঢ়ি উঠে আৰু সেই বন্ধুত্ব হঠাতে ইমান দূৰ পৰ্য্যন্ত আগবাঢ়ি যায় যে এটা পক্ষই কিবা বেয়া কাম কৰিলেও আনটো পক্ষই একো প্রতিবাদ কৰিব নোৱাৰে। যদিহে ব্যক্তিগৰাকী দুষ্ট বা অতিবেয়া মানসিকতাৰ হয় তেন্তে সেই ব্যক্তিজনে এই ফেচবুকৰ চিনাকিৰ মাধ্যমেৰে যুৱতী, মহিলা সকলক বেয়া কাম কৰিবলৈ, বেয়া পথত ভৰি দিবলৈ বাধ্য কৰায়। ইয়াকে নকৰিলে ব্লেক মেইলিঙৰ ভাবুকি প্রদান কৰে। ইয়াৰ যোগেদি সমাজত পৰকীয়া প্রেমৰ ঘটনাও বহু বৃদ্ধি পাইছে আৰু ইয়াৰ মেৰপেচত সোমাই বহু পৰিয়াল ধবংসৰ মুখলৈ আগবাঢ়ি গৈছে। অপ্রিয় হ’লেও সত্য যে সমাজত ঘটি থকা বহু হত্যা, আত্মহত্যাৰ অন্যতম মূল কাৰণটোৱে হৈছে পৰকীয়া প্রেম।গতিকে বর্তমান সময় আৰু পৰিস্থিতিত প্রতিগৰাকী মহিলা,যুৱতীয়ে সতর্ক আৰু সাৱধান হ’ব লাগে যে নিজক কেনেকৈ সুৰক্ষিত কৰি ৰাখিব পাৰি। আচনাকি মানুহৰ সতে বন্ধুত্ব কৰাৰ আগতে বহুবাৰ চিন্তা কৰক আৰু এইসমূহৰ পৰা নিজকে আঁতৰত ৰাখক। আমাৰ সমাজত অতি ভয়াবহ হাৰত বৃদ্ধি পাই অহা মহিলা ওপৰত হোৱা হত্যা হিংসা ৰোধ কৰিবলৈ প্রতিগৰাকী মহিলা, যুৱতী নিজৰ মনৰ ভিতৰৰ পৰা সাহসী আৰু সৱল হ’ব লাগিব। নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ নিজে সজাগ হ’ব লাগিব।