আমাৰ স্বত:স্ফূৰ্ত হাঁহিবোৰ ক’লৈ গ’ল – নিবেদিতা হাজৰিকা

আমাৰ স্বত:স্ফূৰ্ত হাঁহিবোৰ ক’লৈ গ’ল

নিবেদিতা হাজৰিকা
   লখিমপুৰ

হাঁহি – দুটা আখৰৰ  সৰু এটা শব্দ।অথচ এই সৰু শব্দটোতে জীয়াই থকাৰ মহৌষধ লুকাই আছে।হাঁহি সুখ, আনন্দ আৰু সুস্থতাৰ প্ৰতীক।হাঁহিয়ে সামৰি থ’ব জানে দুখৰ চকুলো।এমোকোৰা উজ্জ্বল হাঁহিৰে প্ৰজ্বলিত কৰি তুলিব পাৰি নিজৰ লগতে আনৰ জীৱন।প্ৰাপ্তিৰ অন্য এটি চিহ্ন হাঁহি আৰু প্ৰাপ্তি হ’ল কিছু সুখানুভূতি।হাঁহিৰ বাবে প্ৰয়োজন মাথোন এটি সুস্থ মনৰ মানসিক প্ৰস্তুতিৰ।

  বহুতৰে মুখত প্ৰায়েই অভিযোগ শুনা যায় যে ব্যস্ততাৰ বাবে হেনো হাঁহিবলৈও পাহৰা নিচিনা হৈছেগৈ।সঁচাকৈ মানুহে ব্যস্ততাৰ বাবেই হাঁহিবলৈ পাহৰিছে নেকি? ব্যস্ততাই মুখৰ হাঁহি কাঢ়ি নিয়াটো দুৰ্ভাগ্যজনক।হাঁহিক লৈ আজিও আমাৰ মাজত বিভিন্ন দ্বিধাবোধ আছে।

আজিৰ  ব্যস্ততাপূৰ্ণ জীৱন তথা পৰিৱৰ্তিত জীৱনশৈলী তথা আমাৰ চাৰিও ফালে ছানি ধৰি থকা বিভিন্ন সমস্যা, নিৰাপত্তাহীনতা ,কৰ্ম সংস্থাপনৰ চিন্তা ,পাৰিবাৰিক তথা সামাজিক চিন্তা , ভয় আৰু শংকা আদিৰ ফলতো আমি হাঁহিবলৈ পাহৰি যোৱাৰ দৰে হৈছে।

 আমাৰ মাজৰে বহু লোক আছে যি হাঁহিব নাজানে,হাঁহিব নিবিচাৰে ।হাঁহিৰ ভৰখন যেন কিছুমানৰ বাবে বহন কৰিব নোৱাৰা ভাৰ।অন্তঃত বহু মানুহৰ মুখমণ্ডল দেখি তেনে অনুভৱেই হয়।নহ’লেনো সম্ভাষণৰ মিচিকিয়া হাঁহি এটাৰ জানো মানুহৰ মুখত অভাৱ হ’ব পাৰে? ভবা হয় বা কোৱা হয় -দুখ-যন্ত্ৰণা থাকিলে মানুহে হাঁহিব নোৱাৰে বা হাঁহিবলৈ পাহৰি যায়।প্ৰকৃততে কথাটো তেনে নহয়।আমি দুখতো হাঁহি থাকিব পৰাটোহে আচল কথা। সুখৰ সংজ্ঞা যিদৰে সকলোৰে বাবে বেলেগ বেলেগ ঠিক সেইদৰে হাঁহিৰ উৎস,হাঁহিৰ কাৰণবোৰো সকলোৰে বাবে বেলেগ বেলেগ।অকল সুখী ব্যক্তিয়েই যে হাঁহে বা কেৱল সুখতেই যে  মানুহে হাঁহে তেনে নহয়।হাঁহিবলৈ সুখৰ প্ৰয়োজন নহয়। ইয়াৰ বাবে প্ৰয়োজন মাথো এটি সুস্থ আৰু পবিত্ৰ মনৰ।হাঁহি হ’ল এটি প্ৰচণ্ড শক্তিশালী সম্পদ বা মাধ্যম যাৰ জৰিয়তে আনক সহজে আপোন কৰি ল’ব পাৰি। ই যিকোনো পৰিস্থিতিতে ইমান উজ্জ্বল যে ইয়াৰ ধনাত্মক গুণে মলিন মনটোকো খন্তেকৰ বাবে ধুই নিকা কৰি ৰাখিব পাৰে।ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা দেৱে কৈছিল -ল’ৰাই হাঁহ ,ডেকাই হাঁহ , আনকি দাঁত নাইকীয়া লাপুং বুঢ়াইও  হাঁহ।কিন্তু আজিকালি আমাৰ মানুহ বিলাকৰ মুখত প্ৰায়েই হাঁহিৰ অভাৱ দেখা যায়।ৰাতিপুৱা শুই উঠাৰে পৰা বিচনা লোৱালৈকে ব্যস্তলোক সকলৰ মুখত দেখা যায় একো-একোডাল চিন্তাৰ ৰেখা। ব্যস্ততা মাথো ব্যস্ততা।কাৰো যেন হাঁহিবলৈ আহৰিয়েই নাই।সকলো যেন চিন্তিত । দুখে  ভাৰাক্ৰান্ত।কোনো মূল্য নিদিয়াকৈ আদান-প্ৰদান কৰিব পৰা আমাৰ পূৰ্বৰ স্বত:স্ফূৰ্ত হাঁহিবোৰ ক’লৈ গ’ল ? ক’লৈ গ’ল হাঁহিৰে ভৰা ,হাঁহিৰে ৰজনজনাই থকা ঘৰৰ পৰিৱেশবোৰ? মুখৰ হাঁহি কাঢ়ি নিয়া কাৰক আৰু কাৰণ সমূহ চিনাক্ত কৰি ,হাঁহিৰ ক্ষেত্ৰত থকা বাধা সমূহ আঁতৰাই স্বতঃস্ফূৰ্ত হাঁহিবিলাক পুনৰুদ্ধাৰৰ বাবে চেষ্টা নকৰিলে অদূৰ ভৱিষ্যতে আমাৰ মাজৰ পৰা হাঁহিৰ দৰে অমূল্য সম্পদ বিধ চিৰদিনৰ বাবে  নোহোৱা হৈ যাব। হাঁহিবিহীন আত্মবিশ্লেষণ , আনন্দবিহীন আত্মিক প্ৰগতি আৰু বুদ্ধিহীন জ্ঞান এই সকলোবিলাক অৰ্থহীন।এবাৰেই মাঁথো লাভ কৰা এই জীৱনটো পৰিপূৰ্ণ ভাৱে উপভোগ কৰিবলৈ হ’লে আমি হঁহা উচিত।এটি মাথো হাঁহি -অথচ ই আমাৰ কিমান যে উপকাৰ সাধে। হাঁহিয়ে  আমাৰ মনোবল ,আত্মবিশ্বাস ,মনলৈ যোগাত্মক চিন্তাধাৰাৰ সঞ্চাৰ কৰে , মানসিক ভাৱে শক্তিশালী কৰি তোলে, মানুহৰ ক্লান্তি ভাৱ দূৰ  কৰে, মুখৰ এটি হাঁহিয়ে পলকতে আনক আপোন কৰি ল’ব পাৰে।।মানসিক ভাৰসাম্য ৰক্ষা কৰাত ,শাৰীৰিক আৰু মানসিক ভাৱে পৰিপক্ক কৰি তোলাত তথা ৰক্ষা কৰাৰ ক্ষেত্ৰত যিহেতু হাঁহিয়ে বিশেষ ভূমিকা গ্ৰহণ কৰে সেয়ে আমি সময় ,সুবিধা বুজি হাঁহিবলৈ শিকা উচিত।