আমাৰ সপোনৰ ভাৰত
কবিতা শৰ্মা
নতুন দিল্লী
প্ৰথমেই মোৰ এই লিখনিৰ জৰিয়তে ৭৩ তম গণৰাজ্য দিবস উপলক্ষে সকলোলৈকে উষ্ম অভিনন্দন জনালোঁ ।
পৰতন্ত্ৰ এনে এটা শব্দ… যি কাৰো কাম্য নহয়। আনকি পশু বোৰেও পৰাধীনতা পচন্দ নকৰে। সোণৰ পিঞ্জৰাত বন্দী পখীটোৱেও মুক্ত আকাশত উৰিব বিচাৰে। স্বাধীনতা সকলোৰে বাবে মূল্যৱান! স্বাধীন প্রকৃত অর্থ সেইজনেহে বুজি পাই যিজনে কেতিয়াবা পৰাধীনতাৰ জীৱন কটাব লগীয়া হৈছে। আমি সকলো অতি ভাগ্যবান যে আমি স্বতন্ত্র ভাৰতবৰ্ষত জন্ম লৈছোঁ। কিন্তু আমাৰ দেশৰ স্বাধীনতা সহজে আৰু কমদিনতে পোৱা স্বাধীনতা নাছিল। অগণিত দেশভক্তৰ সামূহিক বলিদান আৰু আত্মত্যাগৰ পৰিনাম আমাৰ এই স্বাধীনতা। দেশ স্বাধীন হ’ল যদিও সেই স্বাধীনতা অসম্পূর্ণ আছিল। ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ দিনা ড° আম্বেদকাৰৰ নেতৃত্বত আমাৰ দেশৰ সংবিধান সংযোজন হ’ল। ই পৃথিৱীৰ ভিতৰতে সর্ববৃহৎ সংবিধান। সূর্যোদয়ৰ সময়ত এই দিনটোতে ৰাজধানী দিল্লীত ভাৰতীয় গণতান্ত্ৰিক ৰাষ্ট্ৰৰ ৰূপত এক নবীন যুগৰ সূচনা হৈছিল। সেইদিনাই বৃটিচ শাসনৰ গবৰ্ণৰ জেনেৰেল ৰাজাগোপাল আচাৰ্যাই ড° ৰাজেন্দ্ৰ প্ৰসাদক স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতিৰ পদ সপিছিল।
স্বতন্ত্রতা যেনেকৈ দেশৰ শৰীৰ, তেনেকৈয়ে সংবিধান সেই দেশৰ আত্মা! ভাৰতীয় সমাজৰ দৃষ্টিত ‘‘গণতন্ত্র দিৱস’’ জনতাৰ হিতৰ কাৰণে বনোৱা বিধান য’ত জনতাৰ অসাধাৰণ মৌলিক অধিকাৰ আছে, জনসাধাৰণৰ কৰ্তব্যৰ শৃংখল আছে। এই গৌৰৱৰ দিনটো দেশৰ প্ৰতিখন ৰাজ্যতে বৰ উলহমালহেৰে পালন কৰা হয়। কিন্তু দেশৰ প্ৰতি আমাৰ কৰ্তব্য মাত্ৰ ইয়াতেই সীমাবদ্ধ হৈ থকা নাই।
প্ৰজাতন্ত্ৰীয় শাসনৰ অন্তৰ্গত ভাৰতৰ প্ৰগতি নুই কৰিব নোৱাৰি। অন্তৰীক্ষ বিমান, পৰমাণবিক শক্তি, যাতায়ত ব্যৱস্থা, সঞ্চাৰ, সুৰক্ষা, চিকিৎসা আদি বিষয়ত আজি আমি উন্নতিৰ শিখৰত অৱস্থিত হৈছো। কিন্তু ইয়াৰ বাহিৰে আমাৰ দেশ আজি বহুতো সমস্যাৰে জৰ্জৰিত হৈছে। দাৰিদ্র্য, নিবনুৱা সমস্যা, জাতিবাদ, ক্ষেত্রবাদ, ভ্রষ্টাচাৰ, সাম্প্রদায়িকতা, জনসংখ্যা বৃদ্ধি, অনুপযুক্ত শিক্ষা ব্যৱস্থা, চুৰি-ডকাইটি, ধর্ষণ, লুণ্ঠণ আদি অপৰাধৰ নিৰন্তৰ বৃদ্ধি, প্ৰদূষণ, নৈতিক, সামাজিক আৰু ৰাষ্ট্ৰীয় আদৰ্শৰ লোপ, নৈতিক পতন আদি বর্তমান ভাৰতৰ প্ৰমুখ সমস্যা! আতঙ্কবাদ আৰু ক্ষেত্ৰবাদে দেশক দিখণ্ডিত কৰি দেশৰ প্ৰগতিত বাধা জন্মায়। জাতি সাম্প্ৰদায়িকতাৰ নামত ঠায়ে ঠায়ে গোষ্ঠী সংঘর্ষ হৈছে। দাৰিদ্ৰ্য আৰু বেৰোজগাৰীয়ে আজিৰ প্ৰজন্মক ইমান বিদ্রোহী কৰি তুলিছে যে ঘূণিততকৈ ঘৃণিত কাম কৰিবলৈ তেওঁলোকে কুণ্ঠা বোধ নকৰে।
ভৌতিক দৃষ্টিত আমাৰ উন্নতি হৈছে সচা, কিন্তু সামাজিক আৰু নৈতিক দৃষ্টিত ভাৰতীয় সকলৰ পতন হব ধৰিছে। বহু ভাৰতীয়ই নিজ স্বাৰ্থ আৰু অজ্ঞানতা বশতঃ প্রাপ্ত অধিকাৰৰ দুৰোপয়োগ কৰিছে। দেশৰ ক্ষমতা অযোগ্য, স্বাৰ্থপৰ, ভ্ৰষ্ট নেতাসকলৰ হাতলৈ যাব ধৰিছে। সর্বত্র ভ্ৰষ্টাচাৰীয়ে প্ৰভুত্ব বিস্তাৰ কৰিছে, নিজৰ হিতৰ বাবে ৰাষ্ট্ৰহিত বলিদান দিব ধৰিছে ।
আমি বর্তমান যিখন ভাৰতত বাস কৰিছো সেইখন জানো আমাৰ সপোনৰ ভাৰত বৰ্ষ ? মঙ্গল পান্দে, ৰাণী লক্ষীবাঈ, মহাত্মা গান্ধী, ভগতসিং, চন্দ্ৰশেখৰ আজাদ, নেতাজী সুভাষ চন্দ্র বোস, ৰাজগুৰু, চৰ্দাৰ বল্লভ ভাই পেটেল, লাল বাহাদুৰ শাস্ত্ৰীৰ দৰে স্বতন্ত্রতা সেনানী সকলে বা সংবিধানৰ স্রষ্টা ড° আম্বেদকাৰ — এই সকলে এনে এখন ভাৰতৰ সপোন দেখিছিল নে? এই সকল মহান ব্যক্তিৰ আত্মত্যাগৰ প্ৰতি আমাৰ নৈতিক দায়িত্ব। নাই জানো? এই সমস্যা সমূহ আমাৰ সকলোৰে বাবে এক প্রত্যাহ্বান স্বৰূপ। প্রতিজন ভাৰতীয় নাগৰিকৰ এই ভয়াবহ সমস্যা সমাধানৰ বাবে প্ৰয়াস কৰি উচিত।
দেশপ্ৰেমৰ প্ৰকৃত অর্থ কি? বছৰত দুবাৰকৈ হাতত ত্ৰিৰঙ্গা লোৱা বা হোৱাটছ এপ ইনষ্টাগ্রাম ,ফেচবুকৰ দিচপ্লে স্ক্রীন তিনিটা ৰঙেৰে বুলোৱা ! কেবল মাত্র এয়াই দেশ প্রেম নুবুজাই। ফুটপাথত ৰৈ থকা শিশুৱে ট্ৰেফিকত ফটা কাপোৰ পিন্ধি খালী ভৰিৰে যেতিয়া ত্ৰিৰংগা বিক্ৰী কৰে সেয়া কিন্তু সিহঁতৰ দেশভক্তি নহয়। সেয়া সিহঁতৰ পেটৰ ভোকৰ শক্তি, যি সিহঁতক সেয়া কৰিবলৈ বাধ্য কৰে । সিহঁতে নাজানে মন্দিৰ কি মছজিদ কি ধৰ্মই বা কি? সিহঁতৰ বাবে ধৰ্মৰ অৰ্থ কেবল মাত্র এমুঠি অন্ন …মোৰ দৃষ্টিত প্রকৃত দেশ ভক্তি সেয়াই যেতিয়া আমাৰ দেশৰ প্ৰতিজন নাগৰিকে নিজৰ কাম সম্পূর্ণ নিষ্ঠা, শ্ৰম আৰু সততাৰে পালন কৰে… প্ৰকৃত ৰাষ্ট্ৰ তেতিয়াহে নিৰ্মাণ হব যেতিয়া এই দেশৰ নাৰীক পূজা নহয় – প্রকৃত সন্মান দিয়া হব। যেতিয়া “স্বচ্ছ অভিযান” কেবল চৰকাৰৰ দায়িত্ব মাত্ৰ নহয়, বৰঞ্চ দেশৰ প্ৰতিজন নাগৰিকে স্বচ্ছতাক নিজৰ অন্তৰেৰে আকোৱালি লব। যেতিয়া দেশৰ প্ৰতিটো শিশুৱে মধ্যাহ্ন ভোজনৰ বাবে নহয় জ্ঞান আহৰণৰ বাবে চৰকাৰী বিদ্যালয়ৰ চৌহদত খোজ দিব। আমি এনে এখন দেশত বাস কৰো য’ত নাৰী সুৰক্ষা একেবাৰে নিম্ন পৰ্যায়ৰ। আমাৰ সমাজত শিলৰ মূৰ্তিৰ সন্মুখত দিয়া হয় পৰমান্ন ভোগ, কিন্তু ভোকাতুৰ নগ্ন হৈ মানুহ শুই থাকে পদপথত। আমাৰ দেশ পৃথিবীৰ সর্ব বৃহৎ লোকতন্ত্র, কিন্তু আমাৰ দুৰ্ভাগ্য যে এই দেশত হিন্দু, মছলমান, শিখ, খৃষ্টীয়ানৰ জন্ম হয়, জন্ম নহয় নাই কেৱল মানুহৰ। যিখন দেশে তক্ষশীলা, নালন্দাৰ দৰে বিশ্ববিদ্যালয়ৰ বুনিয়াদ গঢ়িছিল আজি সেইখন দেশৰ এখনো বিশ্ব বিদ্যালয় পৃথিবীৰ আগশাৰীৰ এশখন বিশ্ববিদ্যালয়ত স্থান প্রাপ্ত হবলৈ সক্ষম হোৱা নাই । আমাৰ দেশত আই.আই.টি. আই. আই.এম. এন.আই.টি. ৰ দৰে শিক্ষানুষ্ঠান আছে, কিন্তু দৰিদ্ৰ সকলক সৰ্বশিক্ষাৰ পুতলা দি খেলিব দিয়া হয়। কাৰণ আমাৰ দেশৰ শিক্ষা ব্যৱস্থা কেৱল দুই ধৰণৰ মানুহৰ বাবে মেধাবী অথবা অর্থবান। যি প্ৰজন্মৰ ওপৰত আমাৰ দেশৰ দায়িত্ব থাকে নিজৰ পৰিয়াল সমাজ আৰু দেশৰ আশাক বান্ধি ৰাখিবলৈ তেওঁলোকেই ম’বাইল স্ক্রীনত নিজৰ ভাবনাৰ ইম’জি পঠিয়াই থাকি সময় আৰু ভবিষ্যত নষ্ট কৰে। এজন দেশদ্ৰোহীতকৈ দেশভক্তি তেতিয়াহে ব্যহত হয় যেতিয়া এজন পুত্ৰই নিজৰ বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমত এৰি আছে। যেতিয়া কোনো ব্যক্তিক বিপদৰ পৰা ৰক্ষা নকৰি ভিদিও কৰাত ব্যস্ত হৈ পৰে মাত্ৰ দুটা লাইকৰ আশাত। যেতিয়ালৈকে আমাৰ দেশৰ প্ৰজন্মই সফলতাৰ কাৰণে অধ্যাবসাইতকৈ মন্দিৰত গৈ নাৰিকল ভাঙিব, শিক্ষিত সকলে মেকুৰী পাৰ হলে ঠিয় দি ৰব, নিজৰ জাতি ধর্মক উচ্চ মানি আনৰ জাতি ধৰ্মক অবহেলা কৰিব তেতিয়ালৈকে আমাৰ অন্ধ বিশ্বাস শেষ হব নে, ৰাষ্ট্ৰ গঠন হব। যি ক্ষেত্ৰত আমাৰ দেশৰ সভ্যতা সংস্কৃতিক গোটেই পৃথিবীয়ে নমন কৰে তেনে ক্ষেত্ৰত আস্থাৰ নামত আমি অন্ধ বিশ্বাস বিয়পাও কিয়? যেতিয়ালৈকে আমাৰ দেশৰ নাগৰিক শৈক্ষিক ৰূপত জীর্ণশীর্ণ, চাৰিত্ৰিক ৰূপত ভ্ৰষ্ট, মানসিক ৰূপত দৈন্য, ৰাজনৈতিক ৰূপত মলিয়ন, ধাৰ্মিক ৰূপত অন্ধ হৈ থাকিব, তেতিয়ালৈকে আমাৰ ভাৰত বৰ্ষ খণ্ড বিখণ্ড হৈ থাকিব, আমাৰ ৰাষ্ট্ৰ নিৰ্মাণ নহয়৷ গতিকে ভাঙৰ ভাঙৰ কথাৰে নহয়, সৰু সৰু চেষ্টাৰহে প্ৰয়োজন কাৰণ ডাঙৰ শিলাখণ্ড বা পাহাৰত গৈ আমি ঠেকা নাখাওঁ, আমি উজুটি খাওঁ সৰু সৰু শিলগুটিতহে …
আমাৰ সপোনৰ ভাৰত সেইখন য’ত কাৰো অন্তৰত ভয়-শংকাৰ লেশমাত্র নাথাকিব, সকলো জাতি ধৰ্মৰ মানুহে মিলিজুলি থাকিব জাতি ধৰ্মৰ নামত বিবাদ নহব, সকলো ফালে প্রেম পৰোপকাৰৰ ভাবনা, সত্য অহিংসাৰ বৰষা হব। কোনো মানুহ অন্ন, বস্ত্র, বাসস্থানৰ বাবে পৰ মুখাপেক্ষী নহব, কোনো নেতা বা বিষয়াই সাধাৰণ নাগৰিকক শোষন নকৰিব, শিক্ষা সকলোৰে বাবে উপলব্ধ হব, ভ্ৰষ্টাচাৰীক কঠোৰ শাস্তি দিয়া হব।
যিখন আমাৰ সপোনৰ ভাৰত হব সেইখন কেবল আমাৰেই নহয় গোটেই পৃথিৱীৰ এক মহাশক্তি হব যাক অন্য দেশেও দৃষ্টি নিক্ষেপ কৰি ভাবিব কিয়নো আমিও ভাৰতৰ দৰে দেশৰ বাসী নহওঁ…
এই দেশৰ সীমান্ত ৰক্ষী বীৰ জৱান, খেতিয়ক আৰক্ষী, প্রশাসন আৰু প্ৰতিজন ব্যক্তি যি সকলে সম্পূর্ণ নিষ্ঠা সহকাৰে কাম কৰিছে, যি সকল বীৰে দেশৰ হকে নিজৰ প্ৰাণ আহুতি দিছে সেই সকললৈ মই চেল্যুট জনাইছো। এগৰাকী ভাৰতীয় নাগৰিক হিচাপে মই গৌৰৱান্বিত। আমাৰহে দায়িত্ব দেশক আগুৱাই নিয়া, এয়া দেশৰ দায়িত্ব নহয়। আমাৰ ভাৰত মহান আছিল, মহান হয় আৰু মহান হৈ ৰব….. এয়েই আমাৰ সকলোৰে কামনা।