আমাৰ সপোনৰ ঘৰ – চুমিয়া আকতাৰা

PC - Joe Massey
আমাৰ সপোনৰ ঘৰ
চুমিয়া আকতাৰা, নগাঁও 
তুমি আৰু মই
থাকিব পৰাকৈ
এটি সৰু ঘৰ,
ঘৰৰ সন্মুখত
এখনি সৰু বাগিছা,
বাগিছাৰ কাষেদি
আমাৰ পদূলি,
পদূলিত চৰাই এজাক
উৰি আহি পৰিব
প্ৰত্যেক গধুলি।
জাৰৰ দিনত
তোমাৰ দুবাহুৰ মাজত,
গৰমৰ দিনত
আমাৰ সেই…
বৰগছজোপাৰ তলত
আৰু দুয়োৱে বহি
মনৰ কথা পাতিম
বাৰীৰ পিছফালে থকা
আমাৰ পুখুৰীৰ পাৰত।
পিছে….
কেতিয়া নো থাকিব পাৰিম
আমাৰ সেই সপোনৰ ঘৰত?