আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা – বন্দিতা শৰ্মা কন্দলি

Pc Willis Knighton Health

আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা

বন্দিতা শৰ্মা কন্দলি, দেৰগাঁও

মৰমৰ অকণিহঁত,  আমাৰ যদি ঘনাই অসুখ-বিসুখ হৈ থাকে তেতিয়া আমি কোৱা শুনো ‘দেহৰৰোগ প্ৰতিৰোধ ক্ষমতা কম’,সেয়ে অসুখ হৈ থাকে। যেতিয়া আমাৰ দেহত বীজাণু সোমাই, তেতিয়া আমাৰ শৰীৰে এই বীজাণুৰ বিৰুদ্ধে যুঁজিবলৈ শৰীৰৰ নিজৰ ৰোগ প্ৰতিৰোধ ক্ষমতা তন্ত্ৰই কিছুমান প্ৰতিৰোধী ৰাসায়নিক পদাৰ্থ সৃষ্টি কৰে অৰ্থাৎ এণ্টিবডি বা প্ৰতিদেহ গঠন কৰে।পুনৰ যদি বীজাণু শৰীৰত সোমাই,তাক কেনেকৈ প্ৰতিৰোধ কৰিব লাগিব আমাৰ দেহে সেইটো মনত ৰাখে। সাধাৰণতে প্ৰাণীৰ দেহ আক্ৰমণকাৰী পদাৰ্থসমূহ, যেনে – ভাইৰাছ,বেক্টেৰিয়া আদি বিভিন্ন ৰোগকাৰকবোৰ যদি সুস্থ মানুহৰ শৰীৰত সোমায়, তেন্তে শৰীৰে নিৰ্দিষ্ট ৰোগ প্ৰতিৰোধী বা এণ্টিবডি সৃষ্টি কৰি সেই বীজাণুৰ বিৰুদ্ধে যুঁজি সিঁহতক ধ্বংস কৰে। এণ্টিবডিসমূহ শৰীৰত থাকে, সেইবাবে আমাৰ শৰীৰে বীজাণুৰ পৰা হাত সাৰি থাকিব পাৰে। শৰীৰৰটো নিৰোগী হৈ থাকিবৰ বাবে আমাৰ দেহৰ প্ৰতিৰক্ষা ব্যৱস্থা বা ইমিউন চিষ্টেম শক্তিশালী হোৱা প্ৰয়োজন।আমাৰ শৰীৰত দুইধৰণৰ প্ৰতিৰোধী কোষ বা এণ্টিবডি থাকে। সিহঁত হৈছে – বি লিম্ফʼছাইট আৰু টি লিম্ফʼছাইট । দুয়ো প্ৰকাৰৰ লিম্ফʼছাইট প্ৰাপ্তবয়স্ক প্ৰাণীৰ অস্থিমজ্জাত সৃষ্টি হয়। প্ৰতি মূহুৰ্ততে আমাৰ দেহত হাজাৰ হাজাৰ অণুজীৱ সোমাই আৰু আক্ৰমণ কৰিবলৈ বিচাৰি থাকে। অণুজীৱবোৰ আমাৰ দেহত সোমালে দেহৰ প্ৰতিৰক্ষা ব্যৱস্থাই এই অণুজীৱবোৰৰ আক্ৰমণৰ পৰা দেহক ৰক্ষা কৰে। এই অণুজীৱবোৰৰ আকৃতি বেলেগ বেলেগ। কিছুমান অণুজীৱৰ আকৃতি মানৱ কোষৰ আকৃতিৰ সৈতে একে। ফলস্বৰূপে শৰীৰৰ প্ৰতিৰোধী ব্যৱস্থাই নিজৰ কোষ আৰু আক্ৰমণকাৰী কোষ চিনাক্ত কৰি নিজক সুৰক্ষা প্ৰদান কৰিবলৈ কঠিন হৈ পৰে।তেনে অৱস্থাতে নিজৰ শৰীৰৰ কোষকে আক্ৰমণ কৰি স্বক্ষমৰোগ বা অটʼইমিউন ৰোগ সৃষ্টি কৰে। আমাৰ শৰীৰৰ কোনো অংগক যাতে ভুলক্ৰমে বীজাণুৱে আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালীৰ ‘সুৰক্ষা গাৰ্ড’চিনাক্ত কৰি উলিয়াই আমেৰিকাৰ চিয়াটলৰ ইনষ্টিটিউট অৱ চিষ্টেম বায়ʼলʼজিৰ মেৰি ই ব্ৰুংকো, আমেৰিকাৰ ফ্ৰেডছ ৰামছডেল আৰু জাপানৰ অচাকা বিশ্ববিদ্যালয়ৰ ছিমন ছাকাগুচিয়ে।মানৱ দেহৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থাটোক কিদৰে নিয়ন্ত্ৰণত ৰাখিব পাৰি, কেনেকৈ দেহৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থাটোৱে নিজৰ শৰীৰক আক্ৰমণ কৰাটো প্ৰতিৰোধ কৰিব পাৰে, সেই দিশতে বিজ্ঞানী কেইজনে গুৰুত্বপূৰ্ণ ৰেগুলেটৰী টি- কোষ উদ্ভাৱন কৰিছিল।টি- কোষবোৰে আন ৰোগ প্ৰতিৰোধী কোষক নিৰীক্ষণ কৰে আৰু নিজৰ শৰীৰৰ কোষবোৰক সুৰক্ষা প্ৰদান কৰে। এনে গৱেষণাৰ বাবে তিনিওগৰাকী বিজ্ঞানীলৈ ২০২৫ চনৰ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা আগবঢ়োৱা হৈছে ।তেওঁলোকৰএই “পেৰিফেৰল ইমিনিউ টলৰেন্সৰ( শৰীৰৰ বাহিৰৰ অংশৰ ৰোগ প্ৰতিৰোধ প্ৰণালীৰ সহনশীলতাৰ) সৈতে জড়িত গৱেষণাই চিকিৎসা বিজ্ঞানৰ এক নতুন  শাখা মুকলি কৰে।