আমাৰ শৰীৰত থকা বিশেষ ইন্দ্ৰিয়বোৰ
বন্দিতা শৰ্মা কন্দলি, দেৰগাঁও
শৰীৰত থকা পঞ্চ ইন্দ্ৰিয়ৰ কথা আমি সকলোৱেই জানো নহয় নে বাৰু! সেই কেইটা হৈছে চকু, কাণ, নাক, জিভা আৰু ছাল।এই ইন্দ্ৰিয় সমূহ হৈছে একোটাহঁত জটিল যন্ত্ৰ। ইহঁতে আমাক নিজৰ শৰীৰৰটোৰ উপৰিও চৌপাশৰ সকলো ঘটনাৰ বা-বাতৰি পলে পলে যোগান ধৰি থাকে। শৰীৰৰ ঘাই পঞ্চ ইন্দ্ৰিয় বা পঞ্চেন্দ্ৰিয় কেইটাক দুটা ভাগত ভগাব পাৰি। এটা হৈছে কৰ্ম ইন্দ্ৰিয় বা কৰ্মেন্দ্ৰিয় আৰু আনটো হৈছে জ্ঞান ইন্দ্ৰিয় বা জ্ঞানেন্দ্ৰিয়।কৰ্মেন্দ্ৰিয় কেইটা হৈছে হাত, ভৰি,পায়ু, উপস্থ (জনন ইন্দ্ৰিয়) আৰু মুখ।জ্ঞানেন্দ্ৰিয় কেইটা হৈছে চকু যাক দৰ্শনেন্দ্ৰিয় বুলি কোৱা হয়,কাণ যাক শ্ৰৱণেন্দ্ৰিয় বুলি কোৱা হয়,নাক যাক ঘ্ৰাণেন্দ্ৰিয় বুলি কোৱা হয়,জিভা যাক স্বাদেন্দ্ৰিয় বুলি কোৱা হয় আৰু শেষত ছাল যাক স্পৰ্শেন্দ্ৰিয় বুলি কোৱা হয়।ইন্দ্ৰিয় সমূহ আছে বাবেই আমি জীৱৰ শ্ৰেণীত আছোঁ। অন্যথা আমি জড় পদাৰ্থ হৈ নপৰিম নে?
ইন্দ্ৰিয় সমূহৰ লগত সংযুক্ত হৈ থকা স্নায়ুকোষে চৌপাশৰ সকলো পৰিবৰ্তন বা ঘটনাৰ তথ্য সংগ্ৰহ কৰি স্নায়ু-উত্তেজনা হিচাপে বিশেষ স্নায়ুৰ সহায়ত মগজুলৈ প্ৰেৰণ কৰে আৰু মগজুৱে বিশ্লেষণ কৰি আন কেতবোৰ স্নায়ুৰ সহায়ত শৰীৰৰ বিশেষ বিশেষ অংগক কাৰ্য সমাপনৰ বাবে নিৰ্দেশনা দিয়ে। আন কিছুমান অনুভূতি যেনে – গৈ থকাৰ অনুভূতি,ৰৈ থকাৰ অনুভূতি,বিষৰ অনুভূতি, ভোকৰ অনুভূতি, ভাৰসাম্য ৰক্ষাৰ অনুভূতি আদি পঞ্চ ইন্দ্ৰিয়ৰ দ্বাৰাই নিয়ন্ত্ৰণ হয়।
কেতিয়াবা কিছুমান ক্ষেত্ৰত নিজৰ অনুমান বা নিজৰ উপলব্ধিৰে কৰা হয়।কোনোৱে কয় “ষষ্ঠ ইন্দ্ৰিয়ই ক’লে”। এই ষষ্ঠ ইন্দ্ৰিয় হৈছে অন্ত দৃষ্টি সম্পন্ন উপলব্ধি। ই এটা নিৰ্দিষ্ট ইন্দ্ৰিয় নহয় ই মানুহৰ গভীৰ অনুভূতি আৰু অনুমানৰ ক্ষমতা। উদাহৰণ স্বৰূপে তোমালোকৰ বন্ধু বান্ধৱীয়ে কেতিয়াবা আগতীয়াকৈ কোৱা কিছুমান কথা সঁচা হৈ পৰে। তুমি ফোন কৰিম বুলি ভবা ব্যক্তি জনৰ পৰা সেই মূহুৰ্তত ফোন কল পোৱা আদি কথা বোৰ টেলিপ্যাথি। অৰ্থাৎ মৌখিক বা লিখিতভাৱে যোগাযোগ নকৰাকৈ মনৰ ভবা কথা মিলি যোৱা।ভাবিলে আচৰিত লাগে নহয় নে?
