আমাৰ শৈশৱ আৰু আজিৰ শৈশৱ
মনত পৰে নে আপোনাৰো এৰি অহা সেই সোণালী অতীতলৈ? য’ত নাছিল কোনো কৃত্ৰিমতা, ধূলি সৈতে দৌল বনোৱা পৰে নে মনত , চাইকেল চকা টোক যে মাৰি এডাল লৈ মৰিয়াই মৰিয়াই ঠেলা, খেৰৰ দ’মত বাগৰা আৰু যে কিমান খেল খেলা হৈছিল। আজিকালি খেলে নে আপোনাৰ শিশুটিয়ে বাৰু?
অতীত বুটলি নষ্টালজিক হৈ পৰে নে এতিয়াও! আছে নে আজিও এনে সময় । পাইছে জানো দেখা শিশুৰ মাজত এনে ধৰণৰ খেলা-ধূলা। সময় সলনি হোৱাৰ নামত আমি হে সলনি হ’লো নেকি বাৰু? সমাজৰ লগত মিলি থকা আমি লগৰীয়া সৈতে প্ৰতি দিনে আজিও একেলগে আছে নে আপোনাৰ দৰে আপোনাৰ শিশুটিও। শিক্ষা মূখী যাত্ৰাত আমি হেৰুৱাই দিছোঁ ক’ৰবাত নেকি মানৱতা ভৰা শিক্ষা! জোনাকৰ পোহৰত আইতা সৈতে সাধু শুনা দিন বোৰ আছে নে আজিও একেদৰে?
আজি হয়তো শিশুৰ বেগৰ ওজনে আত্মহত্যা কৰালে সেই সোণালী শৈশৱ,যান্ত্ৰিক পৃথিৱীত মাদকতা ভৰা শিশুৰ সপোন, হেঁপাহ কিম্বা সুকোমল মন বিলাকক বান্ধি তলা মাৰি দিলোঁ পোন প্ৰথমেই আমি অভিভাৱক সকলেই। আমাৰ সপোন শিশুৰ সপোন বনাই জাপি দিলোঁ হেঁচা মাৰি, সিহঁতৰ সপোনক হত্যা কৰি।