আমাৰ শৈশৱৰ দূৰ্গাপূজা আৰু এতিয়াৰ দূৰ্গাপূজা – প্ৰাণজিৎ মজুমদাৰ

Pc-assam.news18.com

আমাৰ শৈশৱৰ দূৰ্গাপূজা আৰু এতিয়াৰ দূৰ্গাপূজা

প্ৰাণজিৎ মজুমদাৰ
বনিয়াপাৰা,ছয়গাঁও

দূৰ্গা পূজা বুলিলে আমাৰ মনত এক আনন্দময় পৰিৱেশ বিৰাজ কৰে। দূৰ্গা পূজাত নতুন কাপোৰ নতুন আশা নতুন সপোন বুকুত লৈ আমি পূজাস্থলীত আমি ওলাই যাও। আমাৰ শৈশৱৰ দূৰ্গাপূজা আমি মা দেউতাৰ লগত হাতত ধৰি দূৰ্গাপূজা উপভোগ কৰিছিলো। আমি নিজে যি বিচাৰিছিলো আমাক তাতে কিনি দিছিল আমি যি খাব বিচাৰিছিলো আমাক তাতে খুৱাইছিল। কিন্তু এতিয়া সময়ৰ সোতত সকলো সলনি হৈ গৈছে। এতিয়া আমি ডাঙৰ হোৱাৰ লগে লগে আমি নিজে ইনকাম কৰিব পৰা হৈছো আৰু আমাৰ শৈশৱৰ দূৰ্গাপূজাত যিটো আনন্দৰ আছিল এতিয়া সেই আনন্দ লাহে লাহে নহোৱা হৈ গৈ আছে। শৈশৱত আমি মা দেউতাৰ পৰা কিবা এটা বস্তু জোৰ কৰি লব পাৰিছিলো কিন্তু এতিয়া কিবা লব মন লগে নিজৰ পইচাৰে লব লগীয়া হৈছে। শৈশৱৰ দূৰ্গাপূজাত আমি মা দেউতাৰ লগত ঘুৰি ফুৰিছিলো  আৰু এতিয়া বন্ধু বান্ধৱীৰ লগত আমি পূজা চাবলৈ যাও। এয়াই হৈছে সময়ৰ গতি। সময়ে আমাক সকলোকে সলনি কৰে।