আমাৰ যোৰহাট নগৰৰ অপৰাধ জগতৰ সঁচা কাহিনীৰে এখন উপন্যাস ‘খলনায়ক ‘ – অঞ্জু শাণ্ডিল্য

আমাৰ যোৰহাট নগৰৰ অপৰাধ জগতৰ সঁচা কাহিনীৰে এখন উপন্যাস ‘খলনায়ক ‘

অঞ্জু শাণ্ডিল্য

 

দুবছৰ আগতে ‘ক’লা ল’ৰা’ৰ বিষয়ে সংবাদ মাধ্যম যোগে জানিব পাৰি আচৰিত হৈছিলো,আমাৰ যোৰহাট খনত এনেকুৱা কুখ্যাত, দাগী অপৰাধী আছেনে!কিন্তু আজিৰ পৰা ৬৫বছৰৰ আগৰ যোৰহাটৰ অপৰাধ জগতৰ সঁচা কাহিনীৰে এখন উপন্যাস লিখি উলিয়াইছে এজন জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰা অভিনেতাই।আৰু এইখন অভিনেতাই মাজে -সময়ে খলনায়কৰ চৰিত্ৰতো অভিনয় কৰি দৰ্শকক মুগ্ধ কৰে।সুনদৰ চেহেৰাৰ,গুৰু-গম্ভীৰ কণ্ঠস্বৰ,গভীৰ চকুৰ চাৱনি আৰু যৌন-আবেদনযুক্ত সুদৰ্শন পুৰুষসুলভ শৰীৰৰ অধিকাৰী এজন অভিনেতা বহ যুবতী-মহিলাৰ নয়নৰ মণি।সেইজন অভিনেতাই ৰচনা কৰা উপন্যাস খলনায়ক উন্মোচন হোৱাৰ পিছত অনুৰাগীসকলে উপন্যাস খন পঢ়িবলৈ অধীৰ হৈ পৰে ।আৰু দেশ -বিদেশে থকা যোৰহাটৰ মানুহো উদ্গ্ৰীৱ হৈ পৰে, মৰমৰ যোৰহাট নগৰৰ কথা জানিবলৈ ।মানুহ য’তেই নাথাকক শৈশৱৰ, কৈশোৰৰ ,যৌৱনৰ দিনৰ যোৰহাট নগৰৰ কথা পাহৰিব নোৱাৰে।উপন্যাস খনৰ উন্মোচনী অনুষ্ঠানলৈ আমাক নিমন্ত্ৰণ কৰিছিল যদিও বিশেষ কাৰণত যাব পৰা নাছিলো ।আৰু অভিনেতাজনে আমাক ঘৰলৈ আহি উপন্যাস খন পঢ়িবলৈ দিলে!আমাৰ আনন্দৰ ,উলাহৰ সীমা নাই_আমাৰ যোৰহাটৰ অভিনেতাজন আমাৰ ঘৰলৈ আহিছে! ইমান ওচৰত পাইছো!তাতে আমিও যোৰহাটৰ ।উপন্যাস খন হাতত লৈ ভাল লাগিল ।যোৰহাটৰ কথা জানিবলৈ উৎসুক হৈ পৰিলো।ঘৰুৱা কাম-বনলৈ পিঠি দি উপন্যাস খন পঢ়িলো ।পৃষ্ঠা পৃষ্ঠাই শিহৰণ জগোৱা ঘটনা, পৰিঘটনাৰ কথা পঢ়ি আপ্লুত হৈ পৰিলো।আৰু পঢ়ি উঠেয়েই লিখি পেলালো,এক অনুভৱ।পুথি পৰ্যালোচনা লিখিব পৰাকৈ আমি এতিয়াও নিজকে প্ৰস্তুত কৰিব পৰা নাই ।এইজন অভিনেতা আন কোনো নহয়, ৫০বছৰৰো অধিক সময় অভিনয় জগতৰ লগত জড়িত তৌফিক ৰহমান ।১৯৭৪চনত চামেলী মেমচাব ছবিত অভিনয় কৰি অভিনয় জগতত খোজ পেলোৱা তৌফিক ৰহমানে চিনেমাৰ বাদেও থিয়েটাৰ, টিভি ধাৰাবাহিক, মঞ্চ আদিতো অভিনয় কৰি জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰি দৰ্শকৰ হিয়াত খোপনি পুতি বহি আছে ।বহ ছবি ধাৰাবাহিকৰ চিত্ৰনাট্য ৰচনা কৰা অভিনেতাজনে ঔপন্যাসিকৰূপে আত্মপ্ৰকাশ কৰিছে । উপন্যাসখনৰ নায়ক বিল্লাল হুছেইনেও এই মিলা-প্ৰীতি অটুট ৰাখিছে।বিল্লালৰ স্কুলীয়া বন্ধু নাৰায়ণ পাছত বিল্লালৰ অপৰাধ জগতৰ সঙ্গী হৈ পৰে ।আৰু বিল্লালৰ দেউতাকৰ মৃত্যুত মটৰ চাইকেল চলাই গোলাঘাটৰ মানুহক খবৰ দিছিল ।জানাজাতো হিন্দুসকলৰ সহযোগিতা পাইছিল ।”ৰহমতৰ জানাজা সম্পন্ন কৰা হ’ল।জানাজাত যথেষ্ট মানুহ হৈছিল।কাৰণ তেখেতক সেই অঞ্চলৰ হিন্দু -মুছলমান সকলোৱে ভাল পাইছিল ।”(পৃষ্ঠা _৫২)
বিল্লালৰ বাল্যবন্ধু সৰুমৈনাই মাছৰ বেপাৰ কৰে।সি বিল্লালৰ পৰা মাছৰ দাম কমাই লয়।”মাছৰ দাম কিমান অ’সৰুমৈনা?সৰুমৈনাই বেছ আত্মীয়তাৰে কয় আনৰপৰা বাৰটকাকৈ লৈ আছো,ত ই কেজিত দহটকাকৈ দিলেও হ’ব।”(পৃষ্ঠা _৬৪)আনকি নাৰ্গিছক আঙঠি পিন্ধাবলৈ দৰাঘৰৰ মানুহৰ লগত ব্ৰাহ্মণ সম্প্ৰদায়ৰ মানুহ আহিছিল ।হিন্দু মহিলা ৰীণামণিৰ সৈতে বিল্লালৰ প্ৰেমৰ সম্পৰ্কই গঢ় লৈ উঠে ।আৰু বিবাহ পাশত আৱদ্ধ হয় ।মন্দিৰৰ পূজাৰী বা কাজীয়ে এই বিয়া সম্পন্ন কৰা নাছিল যদিও দুয়ো দাম্পত্য জীবনত সুখী ।এজনৰ মনতো হিন্দু -মুছলমান ভেদভাৱ নাই।উপন্যাস খনৰ পৃষ্ঠাসমূহ এনে অলেখ সম্প্ৰীতিৰ বাৰ্তা বহন কৰি আছে ।মূলতঃ যোৰহাটৰ অপৰাধ জগতৰ সঁচা কাহিনীৰে খলনায়ক ৰচনা কৰা হৈছে যদিও গ্ৰন্থখনৰ পৰা পুৰনা যোৰহাট নগৰৰ বহুত কথা, ঘটনা, তথ্যৰ সম্ভেদ পোৱা যায় ।পেৰেডাইজ ,গে-ছ’ডা আদি হোটেল -ৰেস্তোৰা,জিমখানা ক্লাবৰ কথাও পাঠকে পঢ়িবলৈ পাব।

আহোম ৰজাই ৰংপুৰৰপৰা ৰাজধানী যোৰহাটলৈ স্থানান্তৰ কৰোতে অন্যান্য বিষয়াসকলৰ লগতে মুছলমান সম্প্ৰদায়ৰ বিষয়াসকলকো আৰু বৃত্তিয়াল লোকক লৈ আহিছিল ।ফলত যোৰহাটত এক সংস্কৃতিবান সমাজ গঢ় লৈ উঠে ।য’ত সাম্প্ৰদায়িক বিভেদ নাই ।তেনে এখন নগৰৰ অপৰাধ জগততো সাম্প্ৰদায়িক বিভেদ নাই ।’খলনায়ক ‘উপন্যাসৰ মূখ্য চৰিত্ৰ বিল্লাল মুছলমান সম্প্ৰদায়ৰ হ’লেও বিল্লালৰ সহযোগীসকল হিন্দু -মুছলমান উভয় সম্প্ৰদায়ৰ মানুহ আছিল ।অপৰাধ জগতখনত কোনোবাই ব্যক্তিগত শত্ৰুতাত আন এজনক আক্ৰমণ কৰিলেও তাত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি নহৈছিল।এইখন যোৰহাট নগৰ যে বাঘ হাজৰিকা, ফৰ্মূদ আলী,বাহাদুৰ গাওবুঢ়াৰ বঙ্শ পৰিয়ালৰ বাসস্থান থকা নগৰ ।আৰু ঔপন্যাসিক তৌফিক ৰহমান এক আঢ্যৱন্ত মুছলমান সম্প্ৰদায়ৰ সন্তান ।তেখেতৰ মাতৃ শিৱসাগৰৰ পখ্যত ময়িদুল ইছলাম বৰাৰ ভাগিনীয়েক।তৌফিক ৰহমানে অভিনেতাৰূপে অসমৰ মানুহৰ মাজত এখন সুকীয়া আসন দখল কৰি আছে ।সেইজন জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰা অভিনেতাই ৰচনা কৰা উপন্যাস খলনায়কত আজিৰপৰা ৬৫বছৰৰ আগৰ যোৰহাটৰ অপৰাধ জগতৰ বহুত কথা জানিব পাৰিব।অপৰাধ জগতৰ লগতে সেই সময়ৰ সমাজখনৰ কথাও পাঠকে পঢ়িবলৈ পাব ।বিল্লালে নাৰায়ণৰ মাকক বৌটি বুলি মাতে।”চাও বৌটি,কিবা এটাতো কৰিব লাগিব ।যি কৰ একেলগে কৰি বি সৰুৰপৰা দুইটা একেলগে থাক ,একেলগে পঢ়া-শুনা কৰ,গতিকে যি কৰ একেলগে কৰিবিহক।”(পৃষ্ঠা ১৫)এইগৰাকী মাতৃৰ কথা দুয়ো মানি চলে।উপন্যাসখনৰ শেষ অধ্যায়লৈকে দুয়ো একেলগে আছে ।জীৱনৰ শেষদিনবোৰ সতভাবে কটাবলৈ সিদ্ধান্ত লৈ বিল্লালে যোৰহাট এৰি গোলাঘাটলৈ যায় ।যোৰহাটৰ ঘৰ নাৰায়ণৰ জিম্মাত থৈ যায় ।এজন মুছলমানৰূপে ভগবানক ক্ষমা খোজে _”হে খোদা ,মোক আৰু মোৰ পৰিয়ালটোক মাফ কৰি দিবা।”(পৃষ্ঠা ২২১)যোৰহাট এৰি গোলাঘাটলৈ যোৱাৰ দিনা নাৰায়ণক এৰি থৈ যাবলৈ ওলোৱাৰ সময়ত দুয়ো শোকত ভাগি পৰিছে ।”গাড়ীৰ ওচৰত বিল্লালে নাৰায়ণক সাবটি ধৰিলে ।বিল্লালৰ চকুৰ পৰা চকুপানী বৈ আহিল।বিল্লালে নাৰায়ণক ক’লে,’যোৰহাট এৰি যাবলৈ মোৰ দুখ লগা নাই, কিন্তু দোস্ত তোক এৰি যাবলৈ মোৰ খুব দুখ লাগিছে যোৱা ত্ৰিশ বছৰৰ বেছি দিন দুয়োটাই একেলগে কাম কৰিলো ।আজিৰ পাছত আকৌ একেলগে দুয়োটাই কাম কৰিব নোৱাৰো নহয় জানো?’তাৰ চকু দুটা হঠাৎ সেমেকি উঠিল,সি মুখখন ঘূৰাই আনিলে আৰু মথাউৰিৰ পৰা নামি লাহে লাহে বিল্লালহতে এৰি থৈ যোৱা ঘৰটোলৈ আগবাঢ়ি গ’ল।কেৱল ভোগদৈ নৈখন এই সকলো ঘটনাৰ একমাত্ৰ সাক্ষী হৈ থাকিল।”(পৃষ্ঠা ২২৪)যোৰহাট এৰি গোলাঘাটলৈ যোৱাৰ দিনা নাৰায়ণক এৰি থৈ যাবলৈ ওলোৱাৰ সময়ত দুয়ো শোকত ভাগি পৰিছে ।”গাড়ীৰ ওচৰত বিল্লালে নাৰায়ণক সাবটি ধৰিলে ।বিল্লালৰ চকুৰ পৰা চকুপানী বৈ আহিল।বিল্লালে নাৰায়ণক ক’লে,’যোৰহাট এৰি যাবলৈ মোৰ দুখ লগা নাই, কিন্তু দোস্ত তোক এৰি যাবলৈ মোৰ খুব দুখ লাগিছে যোৱা ত্ৰিশ বছৰৰ বেছি দিন দুয়োটাই একেলগে কাম কৰিলো ।আজিৰ পাছত আকৌ একেলগে দুয়োটাই কাম কৰিব নোৱাৰো নহয় জানো?’তাৰ চকু দুটা হঠাৎ সেমেকি উঠিল,সি মুখখন ঘূৰাই আনিলে আৰু মথাউৰিৰ পৰা নামি লাহে লাহে বিল্লালহতে এৰি থৈ যোৱা ঘৰটোলৈ আগবাঢ়ি গ’ল।কেৱল ভোগদৈ নৈখন এই সকলো ঘটনাৰ একমাত্ৰ সাক্ষী হৈ থাকিল।”(পৃষ্ঠা ২২৪)
ভোগদৈ নৈখন অনেক ঘটনাৰ বাক্ষী।যোৰহাট নগৰৰ মাজেৰে বৈ যোৱা ভোগদৈ নৈখন আহোম ৰাজত্বকালত যোৰহটীয়া ৰাইজে খন্দা নদী।নাৰায়ণ-বিল্লালৰ অকৃত্ৰিম বন্ধুত্বৰেই বাক্ষী ভোগদৈ নহয়।যোৰহাটৰ হিন্দু -মুছলমানৰ সম্প্ৰীতিৰো নিদৰ্শন ভোগদৈ নৈখন ।এই মৰম তোমাৰ বাবে ,বন্ধন, ছবিৰ,মন অৰণ্য, নিশাৰ নায়ক ধাৰাবাহিকৰ আৰু বহুত নাটক ধাৰাবাহিকৰ চিত্ৰনাট্য ৰচনা কৰা তৌফিক ৰহমানে লিখি উলিয়ায় এখন সুকীয়া উপন্যাস ‘খলনায়ক ‘।উপন্যাস খনৰ মুখ্যচৰিত্ৰ বিল্লাল হুছেইনে লেখকৰ মতে খলনায়কৰ ৰূপত অৱতীৰ্ণ হৈছে যদিও পাঠকে বিল্লালক নায়কৰ ৰূপতহে দেখিব।হত্যাকাণ্ড, হিংসা, লুণ্ঠন, মাৰপিট আদি অপৰাধ জগতৰ ঘটনাৰ লগতে বিল্লালৰ প্ৰেম,সাহস,মানবীয়তা,পৰোপকাৰীতা আদিও উপন্যাসখনৰ পাতে পাতে আছে ।২২৪পৃষ্ঠাৰ গ্ৰন্থখনৰ প্ৰচ্ছদসজ্জা চিত্ৰলেখাৰ।৩৬০টকা মূল্যৰ গ্ৰন্থখনৰ প্ৰকাশক পূৰ্বায়ণ প্ৰকাশন।যোৰহাটৰ সমলয় আৰু গুৱাহাটীৰ পানবজাৰৰ গ্ৰন্থ বিপনীত পাঠকে গ্ৰন্থখন পাব।