আমাৰ বহাগৰ বিহুটি – অনামিকা(সংগীতা)কলিতা

pc Northeast Now

আমাৰ বহাগৰ বিহুটি

অনামিকা(সংগীতা)কলিতা,শুৱালকুছি

বিহু আমাৰ অসমীয়াৰ জাতীয় উৎসৱ , হৃদয়ৰ আৱেগ জড়িত হৈ আছে।বহাগ এটি মাহ নহয় আমাৰ অসমীয়া  জাতিটোৰ  আয়ুস ৰেখা। অসমীয়া সকলৰ জীৱনৰ বছৰটোৰ প্ৰথম মাহ হিচাপে বিশেষ তাৎপৰ্য আছে।চ’ত মাহৰ অন্তিম দিনটোৰ পৰাই আৰু বহাগৰ প্ৰথম দিনাই আমাৰ বহাগ বিহুৰ আৰম্ভণি। গোটেই মাহজোৰা বহাগ বিহু চলি  থাকে  যদিও বৃহত্তৰ অসমীয়া জাতিৰ সকলো ধৰ্মৰ লোকে প্ৰধানকৈ সাত দিন  বিহু পালন কৰে।

 যেনে-   ১)গৰু বিহু
২)মানুহ বিহু
৩)গোঁসাই বিহু
৪)তাঁতৰ বিহু
৫)নাঙলৰ বিহু
৬)চেনেহী বিহু
৭)চেৰা বিহু

ঠাই বিশেষে  নামবোৰ বেলেগ বেলেগ হ’ব পাৰে আৰু ৰীতি -নীতি অলপ বেলেগ বেলেগ হ’ব পাৰে।কোনো ঠাই চেনেহী বিহুক জীয়ৰী বিহু বুলিও কোৱা শুনিছোঁ। হিন্দু সকলে গৰুক লক্ষ্মী দেৱীৰ লগত তুলনা কৰে ,সেই কাৰণে আমাৰ অসমীয়া সকলেও  বিহুৰ প্ৰথম দিনটো  গৰু বিহুৰ পৰাই আৰম্ভ কৰে। সেইদিনা  লাউ- বেঙেনা কাটি গৰুক খুৱাই,দীঘলতি/মাখিয়তীৰ ঠাৰিৰে  গৰুৰ পিঠিত লাহেকৈ কোব এটি দি গীত গোৱা শুনিছোঁ

  দীঘলতি দীঘল পাত ,গৰুক কোবাওঁ জাত জাত
মাৰ সৰু বাপেৰ সৰু তই হ’বি মস্ত গৰু।
লাউ খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা।।

এনেকৈ   জান /জুৰি নৈ আদি লৈ   নি  গা-ধুৱাই-পখলাই  নতুন  গৰুজনীক নতুন পঘা পিন্ধাই  আৰু সন্ধিয়া গোহালি ঘৰত ধোঁৱা দিয়ে যাতে কীট-পতঙ্গৰ ইত্যাদিৰ পৰা গৰুজনী ৰক্ষা পৰে বছৰটোৰ কাৰণে।
কিন্তু নাম বোৰ বেলেগ হ’লেও আমাৰ এই বিহুটি কৃষিৰ লগত  জড়িত।

সেই কাৰণে বসন্তৰ আগমনত প্ৰথম জাক বৰষুণ পৰাৰ পিছত আই বসুমতী ঋতুমতী হয়।গছ লতিকা কুঁহি পাত ওলাই ,প্ৰকৃতি ফলে-ফুলে জাতিস্কাৰ হৈ পৰে। প্ৰকৃতিৰ এটি সুন্দৰ  ৰূপ বৰষুণৰ দ্বাৰা (প্ৰজনন)মিলন ঘটাই বসুমতী আই শস্যৰে নদন -বদন হোৱাৰ প্ৰক্ৰিয়া ৰঙালী বিহুৰ তাৎপৰ্য লুকাই আছে। হয়তো সেই বাবেই পূৰ্বপুৰুষ সকলৰ দিনৰ পৰা  মুকলি পথাৰত গছৰ তলত ডেকা-গাভৰু বিহু নাচে ৰং ধেমালি কৰে বা এতিয়াও এনেকৈ মুকলি বিহু  আছে যদিও  মঞ্চত বেছিকৈ  দেখা পাওঁ   ।

এই ৰঙালী বিহুটি আন এটি বিশেষত্ব হ’ল সাজ পোচাক ।মূগাৰ বা মুগাৰ ৰঙৰ সাজপাৰ   আৰু গলপতা/ডুগডুগী গামখাৰু ইত্যাদি বিভিন্ন অসমীয়া গহনা  পৰিধান কৰে নাচনী সকলে আৰু  ঢুলীয়া/পেঁপা বজোৱা ডেকা সকলে   ধুতি ,মূগাৰ ৰঙৰ চোলা পৰিধান কৰে   আৰু  মূৰত গামোচাৰে পাগুৰি  আৰু কঁকালত গামোচা টঙালি বান্ধে । এটা জাতিৰ ঐতিহ্য বহন কৰে আমাৰ এই সাচ- পোচাকে । জাতীয় সাজ পোচাক যোৰেও আমাক বিশ্ব দৰবাৰত পৰিচয় কৰাত সহায় কৰিছে। গামোচাখন এইক্ষেত্ৰত বিশেষ স্থান আছে।

আমাৰ অসমীয়া সকলৰ  গামোচাখন মান -সন্মান স্বাভীমানৰ প্ৰতীক। বিহুত সন্মান জনোৱা আশীৰ্বাদ লোৱা  আনকি বিয়া পূজা পাৰ্বন সকলোতে ব্যৱহাৰ হয়। অতিথি আহিলেও গামোচা খনেৰে আদৰণি জনাওঁ।মৰমৰ  বিহুটিৰ বিষয়ে লিখি থাকিলে শেষ নহ’ব।