শিশু-কবিতা
আমাৰ পুৰণি গাঁও
এছ ইছলাম,শিক্ষক
বালিকুৰী,বৰপেটা
বালিকুৰী,বৰপেটা
ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত
আছিল আমাৰ গাওঁ,
একাৱন চনৰ এনআৰচিত
বালিকুৰী দেখা পাওঁ।
তাহানি কালত ফলে-ফুলে ভৰা
আমাৰ পুৰণি গাওঁ,
হিন্দু-মুছলিম ঐক্যৰ ডোলেৰে
আমি থাকিবলৈ পাওঁ।
ৰাতিৰ ভাগত বাঘৰ গৰ্জন
সবে শুনিবলৈ পায়,
ভয়তে আমাৰ সকলোৰে বুকুত
কঁপনি উঠি যায়।
ৰামাপাৰা সত্ৰ কনৰা
ওচৰতে বাঘবৰ গাওঁ,
হাদিৰাচকী ফুলৰা-চতলা
অসম বুৰঞ্জীত পাওঁ।
বাটৰ কাষত শাৰী শাৰী ঘৰ
নিলগত খেতি পথাৰ,
অতি কষ্টৰে খেতি-বাতি কৰি
চলিছিল মানুহবোৰ।
ঘৰৰ পাছফালে সকলো ৰাইজৰ
আছিল প্ৰকাণ্ড বাৰী,
ঘৰৰ পচিমে ৰুইছিল সবে
বাঁহগছ শাৰী শাৰী।
আম জাম কল কঁঠাল নাৰিকল
আছিল নানাবিধ ফল,
গোহালিত গৰু ভঁৰালত ধান
আছিল শাৰীৰিক বল।
সহজ সৰল জীৱন যাপন
আনন্দত দিন যায়,
বেমাৰ-আজাৰ হ’লেও দেখোন
জৰাফুকাতে ভাল হয়।
ব্ৰহ্মপুত্ৰৰ পানী ওফন্দি উঠিলে
বানপানীৰ সৃষ্টি হয়,
ব্ৰহ্মপুত্ৰ নদীৰ কৰালগ্ৰাসত
সকলো জাহ যায়।
আজি দেখোন চিন চাবে নাই
আমাৰ মৰমৰ গাওঁ,
বুঢ়া লুইতৰ তাণ্ডৱ লীলাত
আমি সৰ্বহাৰা হওঁ।
শুনিলে আজি অতীতৰ কথা
সপোন যেন লাগে,
লুইত পৰীয়া চহা সকলৰ
এয়াই জীৱন চাগে।