আমাৰ নৱ প্ৰজন্মই কিতাপ অধ্যয়নৰ অভ্যাসক এক দৈনন্দিন অভ্যাসলৈ ৰূপান্তৰিত কৰিব: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱাল

pc- Facebook

আমাৰ নৱ প্ৰজন্মই কিতাপ অধ্যয়নৰ অভ্যাসক এক দৈনন্দিন অভ্যাসলৈ ৰূপান্তৰিত কৰিব: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱাল

ৰঙিলী বাৰ্ত্তাসেৱা- বছৰটোৰ বিয়লিবেলাত অসম প্রকাশন পৰিষদ তথা সদৌ অসম পুথি প্রকাশন আৰু বিক্রেতা সংস্হাৰ উদ্যোগত গুৱাহাটীৰ চানমাৰিত অনুষ্ঠিত “অসম গ্রন্থমেলা”ত আজি উপস্থিত থাকি বিভিন্ন বিপণী দৰ্শন কৰে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱালে। অসম প্ৰকাশন পৰিষদ, অসম শিশু সাহিত্য ন্যাস আদি কেইবাখনাে গ্রন্থৰ বিপণীত উপস্থিত থাকি তাৰমাজতে তেওঁ কেইখনমান কিতাপ ক্রয় কৰে। গ্রন্থমেলাৰ বাকৰিত বহু চিনাকি মুখ আৰু বিভিন্ন প্রান্তৰ গ্রন্থপ্রেমী ৰাইজক লগ পাই তেওঁ আনন্দ ব্যক্ত কৰে। তদুপৰি, বহুকেইগৰাকী ছাত্র-ছাত্রীৰ সৈতে তেওঁ মত- বিনিময়াে কৰে। “গ্রন্থ একোটা জাতিৰ, একোখন সমাজৰ দাপােণ স্বৰূপ। সেয়েহে গ্ৰন্থৰ জনপ্রিয়তা আৰু আদৰ কেতিয়াও কমি নাযায়। আশা কৰোঁ, আমাৰ নৱ প্ৰজন্মই কিতাপ অধ্যয়নৰ অভ্যাসক এক দৈনন্দিন অভ্যাসলৈ ৰূপান্তৰিত কৰিব। অনাগত দিনত আমি সকলােৱে মিলি এক নতুন গ্রন্থ বিপ্লৱ সৃষ্টি কৰাত অৰিহণা যােগাব লাগিব- ইংৰাজী নৱবৰ্ষত এয়া হওক আমাৰ দৃঢ় সংকল্প।”- সােণােৱালে গ্রন্থমেলাৰ বাকৰিৰপৰা এই আহ্বান জনায়।কেন্দ্রীয় মন্ত্রীগৰাকীৰ এই পৰিদর্শনকালত লগতে উপস্থিত থাকে অসম প্রকাশন পৰিষদৰ সচিব প্রমােদ কলিতা, অসম শিশু সাহিত্য ন্যাসৰ মুখ্য সচিব হৃষীকেশ গােস্বামী প্রমুখ্যে বিশেষ ব্যক্তিসকল।