আমাৰ টার্গেট এইবাৰ ৫০ শতাংশৰ ওপৰত ভোট লোৱাঃ মুখ্যমন্ত্ৰী

আমাৰ টার্গেট এইবাৰ ৫০ শতাংশৰ ওপৰত ভোট লোৱাঃ মুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা-  বিধানসভা নির্বাচনক লৈ শাসকীয় দলটোৱে চলাই থকা বিশাল প্রস্তুতিৰ মাজতে শনিবাৰে দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী।  প্রধানমন্ত্ৰীৰ এই আগমনেৰে ৰাজ্যিক বিজেপিয়ে বজাব নিৰ্বাচনৰ ৰণশিঙা।  ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত প্রধানমন্ত্ৰীৰ আগমনক কেন্দ্ৰ কৰি অনুষ্ঠিত এক দলীয় গুৰুত্বপূৰ্ণ বৈঠকৰ পাছতে দলৰ প্ৰস্তুতি আৰু লক্ষ্যৰ কথা স্পষ্ট কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। সংবাদ মাধ্যমৰ আগত এই কথা অৱগত কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য- আমাৰ টার্গেট এইবাৰ ৫০ শতাংশৰ ওপৰত ভোট লোৱা। গতিকে আমি আমাৰ ৰেকৰ্ডসমূহ ভাল কৰাৰ চেষ্টা কৰি আছোঁ। এইবাৰ আমি সংখ্যা নিদিওঁ, কিন্তু চৰকাৰ বিজেপিৰেই হ’ব। ১০০খন আসন জয়ৰ বাবে দলে কোনো সংখ্যা বান্ধি লোৱা নাই। কাৰণ অসমৰ ৰাইজে যিমান আসন আমাক দিয়ে, আমি তাতেই সন্তুষ্ট হ’ম। ৰাইজে আমাক ৬০খন দিলেও আপত্তি নাই, ৭০খন দিলেও আপত্তি নাই, ৮০খন দিলেও আপত্তি নাই। ৰাইজেহে ঠিক কৰিব বিজেপিয়ে কিমান আসন পাব। কিন্তু মই নিশ্চিত যে বিজেপিৰ নেতৃত্বত এনডিএ চৰকাৰ হ’ব অসমত। আনহাতে বিৰোধীৰ নিৰ্বাচনী প্রস্তুতিক সম্পূৰ্ণৰূপে নস্যাৎ কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য-বিৰোধীয়ে কেতিয়াবা লিলি হোটেলত, কেতিয়াবা বিহালীৰ ধাবাত, কেতিয়াবা ৰাহুল গান্ধীৰ ঘৰত বহিব বুলি প্রস্তুতি চলাই আছে। গতিকে তেওঁলোকৰ কোনো লক্ষ্য নাই। ইয়াৰ বিপৰীতে বিজেপিয়ে সম্পূর্ণ প্রস্তুতিৰে সকলো ধৰণে সাজু হৈছে। আনহাতে অগপ-বিজেপিৰ আসনৰ ভাগ-বাটোৱাৰাক লৈ সকলো দিশ স্পষ্ট কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয়- বিজেপিৰ মিত্ৰদলৰ লগত আলোচনা মই কৰিয়েই আছোঁ। অগপৰ নেতৃত্বক আমি সদায় লগ পাই থাকোঁ। কেবিনেট বৈঠকতেই হওক বা ঘৰুৱাভাৱেই হওক, অগপৰ নেতৃত্বৰ লগত কথা-বতৰা চলিয়ে থাকে। অগপৰ লগতে আন মিত্রদল গণশক্তি, টিএমপিকে, ৰাভা হাছং যৌথ মঞ্চ আদিৰ লগত আমি কথা-বতৰা পাতিয়ে আছোঁ। কেমেৰাৰ সন্মুখত আমি মিটিং কৰাৰ প্ৰয়োজন হোৱা নাই। পুৱা-গধূলি সকলোৰে সৈতে আমি কথা পাতি আছোঁ। মিত্ৰতাৰ বাবে আমাক লিলি হোটেলৰ প্ৰয়োজন নাই। চূড়ান্ত হোৱাৰ দিনা আমি আনুষ্ঠানিকভাৱে ঘোষণা কৰিম। ইফালে বিপিএফ আৰু ইউপিপিএলৰ সৈতে মিত্ৰতা সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়- দুয়োটা দলৰ সৈতে আমাৰ আলোচনা চলিয়ে আছে। এইক্ষেত্ৰত আমি বহুদূৰ আগবাঢ়িছোঁ। বিজেপিৰ সৈতে দুয়োটা দলেই আছে, এনডিএতো আছে দুয়োটা দল। কিন্তু বিপিএফ আৰু ইউপিপিএলক কিদৰে একেলগে লৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰোঁ, তাৰ বাবে আলোচনা চলি আছে। ইফালে প্রধানমন্ত্ৰীৰ ভ্ৰমণৰ পিছতে অহা ২৯ ডিচেম্বৰত অসমলৈ আহিব গৃহমন্ত্রী অমিত শ্বাহ। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰে। গৃহমন্ত্রী অমিত শ্বাহৰ ভ্ৰমণ সন্দৰ্ভত বিস্তৃত ব্যাখ্যা কৰি মুখ্যমন্ত্রী ড° শর্মাই কয়- ২৯ ডিচেম্বৰত গৃহমন্ত্রী অমিত শ্বাহ গুৱাহাটীলৈ আহিব। গুৱাহাটীত গৃহমন্ত্ৰীগৰাকীয়ে আৰক্ষী আয়ুক্তৰ নতুন কার্যালয় উদ্বোধন কৰিব, গুৱাহাটীৰ চিচি টিভি ব্যৱস্থাৰো তেওঁ উদ্বোধন কৰিব আৰু গুৱাহাটীৰ খানাপাৰাত নিৰ্মাণ কৰা জ্যোতি-বিষ্ণু সাংস্কৃতিক প্ৰকল্পৰ শুভ উদ্বোধন কৰিব। এই প্রকল্পটো হ’ল পূর্ব-ভাৰতৰ ভিতৰতে আটাইতকৈ ডাঙৰ প্ৰেক্ষাগৃহ। এই প্রেক্ষাগৃহত ৫ হাজাৰ লোকে বহি অনুষ্ঠান প্রত্যক্ষ কৰিব পাৰিব। এই প্রেক্ষাগৃহৰ শুভ উদ্বোধন কৰিব গৃহমন্ত্ৰীগৰাকীয়ে। উক্ত দিনত গৃহমন্ত্ৰীয়ে বৰদোৱালৈ গৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিত নিৰ্মাণ কৰা জন্মভূমি প্ৰকল্পৰ শুভ উদ্বোধন কৰিব। উল্লেখ্য যে ২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰীৰ আগমনৰ পাছতে ২৯ ডিচেম্বৰত গৃহমন্ত্রী অমিত শ্বাহৰ আগমনেৰে বিজেপিয়ে সম্পূর্ণৰূপে নির্বাচনী ৰণশিঙা বজাবলৈ একপ্ৰকাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। সংবাদ মাধ্যমৰ সৈতে হোৱা এই মত বিনিময়তে বিৰোধী মিত্ৰতা সন্দৰ্ভত কংগ্ৰেছক পুনৰ আক্ৰমণ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়,কংগ্ৰেছে ২০২৬ নহয় ২০৩৬ চনৰ বাবেহে প্রস্তুতি চলাই আছে। ২০৩৬ত যাতে কংগ্ৰেছ চৰকাৰ হ’ব পাৰে, তাৰ বাবেই প্রচেষ্টাত আছে কংগ্রেছ। ২০২৬ৰ নিৰ্বাচন আৰু ২০৩১ৰ নিৰ্বাচনত কংগ্ৰেছে বিজেপিক ৱাকঅ’ভাৰ দি থৈছে। আজিও ক’ৰবাত কংগ্ৰেছৰ যে প্রস্তুতি আছে সেয়া মই নাভাবোঁ। মুখ্যমন্ত্ৰীয়ে কয়- কংগ্ৰেছৰ এটা ভোটবেংক নিশ্চিতভাৱে আছে। কংগ্রেছে প্রার্থী দিয়ক বা নিদিয়ক, কংগ্রেছে যদি তামিলনাডুৰ পৰাও এজন প্ৰাৰ্থীক থিয় কৰায়, নির্দিষ্ট কিছুসংখ্যক ভোট পাবই। গতিকে সেই ভোটবেংকটোক লৈয়েই কংগ্ৰেছৰ প্ৰস্তুতি চলিছে। সেই ভোটবেংকক বাদ দি মই নাভাবোঁ যে কংগ্ৰেছে ২০২৬ৰ বাবে কিবা প্রস্তুতি চলাই আছে।আনহাতে, অখিল গগৈ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, অখিল গগৈয়ে নিজৰ আসনখন জিকিবলৈ এটা সময়ত কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিব । অখিল গগৈক কংগ্ৰেছে এখন আসনে দিব । লগতে মৰম কৰি হাৰিবলগা এখন-দুখন আসন দিব পাৰে । অখিল গগৈয়ে যিমান কৈ আছে তেওঁ কৰিব নোৱাৰে । সদায় তাৰিখ দিয়ে থাকে যে ১ জানুৱাৰী, ১ ডিচেম্বৰৰ পৰা আৰম্ভ কৰিম বুলি । তেওঁ এতিয়া ফেচবুকত কাজিয়া কৰি থাকে । তেওঁ এতিয়া ডিজিটেল মাধ্যমৰ মানু্হ, প্রেক্টিকেল ফিল্ডৰ নহয় ।