আমাৰ জীৱনত ভুলৰ প্ৰয়োজনীয়তা আছেনে?
সংযুক্তা দত্ত,মিছামৰা
‘কেতিয়াও ভুল নকৰাৰ ওপৰত সফলতা নিৰ্ভৰ নকৰে। সফলতা নিৰ্ভৰ কৰে একেটা ভুলকে বাৰে বাৰে নকৰাৰ অভ্যাসটোৰ ওপৰতহে।’ — জৰ্জ বাৰ্নাৰ্ড শ্ব৷
মানুহ মাত্ৰেই ভুল৷ গতিকে ভুল হোৱাটো স্বাভাৱিক। প্ৰত্যেকজন ব্যক্তিৰে জীৱনত কিবা নহয় কিবা এটা ভুল নিশ্চয় হৈছে। মানুহক ভুলেহে এটা শুদ্ধ পথ দেখুৱাব পাৰে। ভুল আমাৰ অজানিতে হয়। কিন্তু আমি কেতিয়াও বাৰে বাৰে একেটা ভুলকে কৰি থাকিব নালাগে। আমি কৰা ভুলটো যদি আনৰ চকুত ধৰা পৰে তেতিয়া নিশ্চিতভাৱে শুদ্ধ হৈ যাব। যদি আমি নিজৰ ভুলটো নিজে ধৰা পেলাব পাৰোঁ তেনেহ’লে ভৱিষ্যতে আমি ভুল কৰাৰ সম্ভাৱনা নাথাকিব। ইয়াৰ বিপৰীতে, আমি কৰা ভুলটো যদি আমাৰ চকুত সহজতে ধৰা নপৰে বা আমি আমাৰ ভুল স্বীকাৰ কৰিব নিবিচাৰোঁ, তেনেহ’লে কিন্তু আমি অনাগত দিনত আৰু ভুল কৰিয়েই থাকিম। ভুল হোৱাটো ডাঙৰ কথা নহয়। নিজৰ ভুলটো নিজে মানি ল’ব পৰাটোহে আটাইতকৈ ডাঙৰ কথা। আমাৰ জীৱনত ভুলৰ প্ৰয়োজন আছে। কাৰণ ভুল নকৰা ব্যক্তি এজনে কেতিয়াও নতুন নতুন কথা শিকিব নোৱাৰে। নতুন বিষয়ৰ লগত চিনাকি হ’বলৈ হ’লে আমি প্ৰথমে ভুলেই কৰিব লাগিব। আমি সেই ভুলৰ দ্বাৰাহে শুদ্ধ পথলৈ যাব পাৰিম। মুঠৰ ওপৰত আমাৰ ভুলবোৰ আমি শুধৰাব লাগিবই৷
মহান তথা সফল ব্যক্তিসকলেও কোনো এটা কাম এবাৰতে কৰি সফল হোৱা নাই। তেওঁলোকে একেটা ভুলকে বাৰে বাৰে কৰা নাছিল। তেওঁলোকে এটা কামকে ভুলৰ পৰা শিক্ষা লৈ একাগ্ৰতাৰে কৰি গৈছিল। সেইকাৰণে তেওঁলোকৰ নাম আজিও সোণালী আখৰেৰে ইতিহাসৰ পাতত লিখা আছে।
সেয়েহে আমি প্ৰত্যেকজনেই ওপৰত উল্লেখ কৰা জৰ্জ বাৰ্নাৰ্ড শ্বৰ অতি গুৰুত্বপূৰ্ণ তথা মূল্যৱান কথাষাৰ মনত ৰাখি কাম কৰি যোৱা উচিত৷