আমাৰ জীৱনত বেয়াৰ একো অস্তিত্বই নাই – চন্দ্ৰ শেখৰ পৰাজুলী ,বিশ্বনাথ চাৰিআলি
সৃষ্টি কৰ্তাই আমি বসবাস কৰা ধৰাতল খনি বৰ বিচিত্ৰ ৰূপত সৃষ্টি কৰিছে। কাৰণ আমি এই সংসাৰত যিবোৰ সঁচা বুলি ধাৰণা কৰোঁ বাস্তৱত সেইবোৰ প্ৰতিটো কথায়ে সঁচা বুলি সাধাৰণতে উল্লেখ কৰিব নোৱাৰি।কিয়নো আমি সচৰাচৰ এই সংসাৰখনক দুটা দৃষ্টিভংগীৰে বিভক্ত বা ভাগ কৰিব বিচাৰোঁ। অৰ্থাৎ ভাল বা বেয়া,পোহৰ বা আন্ধাৰ,জ্ঞান বা অজ্ঞানতা আদি কৰি প্ৰায় প্ৰতিটো দিশতে বিপৰীতে ক্ৰিয়া বা প্ৰতিক্ৰিয়া আছে বুলি আমি সকলোৱে মনে মনে ধাৰণা কৰি লবলৈ বাধ্য হৈ পৰিছো নহয়নে? কিন্তু আমি এই সংসাৰত জ্ঞন্ম গ্ৰহণ কৰি নিজ চকুৰে প্ৰমাণ সহকাৰে দেখিবলৈ পোৱা বা অনুভৱ কৰিবলৈ সক্ষম হোৱা যিকোনো দিশৰ উপৰিও অন্যতম এক সুকীয়া বৈশিষ্ট্য থাকে তাক হয়তো বহু কম মানুহে অনুভৱ কৰিবলৈ সক্ষম হৈছোঁ । কিয়নো আমি নিজ চকুৰে একেবাৰে প্ৰত্যক্ষ ৰূপত দেখিছোঁ বা অনুভৱ কৰিবলৈ সক্ষম হৈছোঁ যে, ভালৰ বিপৰীত ক্ৰিয়া বা প্ৰতিক্ৰিয়া হ’ল বেয়া । ঠিক তেনেদৰে পোহৰৰ বিপৰীতে আন্ধাৰ আৰু জ্ঞানৰ বিপৰীতে থাকে অজ্ঞানতা আদি কৰি সংসাৰত সংগঠিত হোৱা বা সংসাৰত আবিৰ্ভাৱ হোৱা প্ৰতিটো ঘটনা, পৰিঘটনাৰে সচৰাচৰ প্ৰধানতঃ দুটাকৈ দিশ আমাৰ চকুত ধৰা পৰে । কিন্তু আমি দেখিবলৈ পোৱা বা অনুভৱ কৰিবলৈ সক্ষম হোৱা প্ৰতিটো কথায় কিমান দূৰলৈকে সত্য বুলি বিবেচনা কৰে ?
আচলতে আমি যদি প্ৰতিজন সুস্থ সবল মানুহে মনৰ গভীৰতাৰে অধ্যয়ন কৰি চাওঁ তেন্তে আমি প্ৰায়বোৰ মানুহে গম পাম যে, আমাৰ এই সৃষ্টি খনত বেয়া, আন্ধাৰ বা অজ্ঞানতাৰ একোৱেই অস্তিত্বই নাই। অৰ্থাৎ য’ত য’ত ভাল, পোহৰ বা জ্ঞানৰ অনুপস্থিতি হয় তাতেই উৎপত্তি হোৱা যেন অনুভব হয় বেয়া, আন্ধাৰ বা অজ্ঞানতাৰ। প্ৰকৃত অৰ্থত আমাৰ জীৱনত বেয়াৰ একো অস্তিত্বই নাই। কিয়নো ভালৰ অনুপস্থিতিৰ ফলস্বৰূপে বেয়া দিশ, বেয়া চিন্তন, বেয়া বস্তুবোৰৰ দৰে নকাৰাত্মক দিশৰ উৎপন্ন হোৱা যেন অনুভব কৰো।এনেতে আমি জীৱনত দেখিবলৈ পোৱা প্ৰতিটো কথাকে একেবাৰে চিৰসত্য বুলি বিবেচনা কৰা উচিত হ’বগৈনে ?
প্ৰকৃততে মই ওপৰত উল্লেখ কৰি অহা কথাবোৰ বেচিভাগ মানুহৰে দৃষ্টিতে একেবাৰে বাস্তৱ সন্মন্ত নহ’বও পাৰে। কিন্তু প্ৰকৃত সত্য যদি উদ্ঘাটন কৰিবলৈ অগ্ৰসৰ হয় তেন্তে নিজা আন্তৰিক যুক্তি বুদ্ধিমত্তাৰ জৰিয়তে এসময়ত গৈ মোৰ উপৰোক্ত কথাখিনিয়ে স্বীকাৰ কৰিবলৈ বাধ্য হৈ পৰিব। কিয়নো সৃষ্টিৰ অবস্থিতি কেৱল মাত্ৰ এটাই সত্য,শুদ্ধ, পবিত্ৰ। কিন্তু ইয়াৰ পিছৰ পৰ্যায়ত মানুহৰ সুবিধিঅৰ্থে ইয়াক নানান ভাগত বিভক্ত কৰা দেখিবলৈ পোৱা গৈছে। যাক হয়তো আমি সকলোবোৰ মানুহে এটা দিশৰ অনুপস্থিতিত আনটো দিশৰ উপস্থিতি হোৱা বুলি মনতে ধাৰণা কৰিবলৈ বাধ্য হৈ পৰো।গতিকে উপৰোক্ত কথাখিনি আয়ত্ত কৰাৰ জৰিয়তে আপোনালোকৰ জীৱনত বহু কিবাকিবি পৰিবৰ্তন আহি পৰিব পাৰে এনে কোনো ধৰাবন্ধা কথা নাই। কিন্তু উপৰোক্ত জ্ঞান অৰ্জনৰ জৰিয়তে অন্য একোৱেই আয়ত্ত কৰিব নোৱাৰিলেও মানৱ জীৱনৰ এক সঠিক মানদণ্ড তৈয়াৰ কৰি সহজ সৰলভাবে জীৱনক আগুৱাই লৈ যাবলৈ সক্ষম হ’ব।