আমাৰ গাঁওৰ পিছত বাট – ছোমেৰ আলী

Pc Vecteezy

আমাৰ গাঁওৰ পিছত বাট

ছোমেৰ আলী
শালমাৰা,ধুবুৰী

আমাৰ গাঁওৰ পিছত বাট
আবেলিত হয় বজাৰ-হাট,
গাঁৱৰ মানুহে লগায় মাত—
ইয়াতেই মাগে জীৱনৰ গান,
শব্দ হানে গাত।

আমাৰ গাঁওৰ পিছত বাট,
ঘোঁৰাৰ ৰথ কৰে ‘কট্-কট্’,
আকৌ শব্দ তাৰ ‘খট্-খট্’,
গোটেই দিন মুখে পেটে নাখায় ভাত।

ইয়াতেই গায় পুৱা-সন্ধিয়াৰ গান,
দুবেলি দুমুঠি খাই,
আমি জীয়াই থাকোঁ ভাই—
সদায় আৰাম কৰোঁ বিৰাম,
চিনছাপ নাইকিয়া কৰোঁ।